পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/২৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তোৰ কি হৈছে? তই কেলেই এইদৰে মন মাৰি আছ?”

 সি কলে—“আই, গা ধুই আহোঁতে কুঁৱৰীক মই এতিয়া দেখি আহিলোঁ। তেওঁক মই বিয়া কৰাবলৈ পাব লাগে। ” “কি? কুঁৱৰীক বিয়া কৰাবলৈ লাগে?” এইবুলি মাকে তাৰ কথা হাঁহি উৰুৱাই দিব খুজিলে। মাকে ভাবিলে, পগলা নহ'লে সি এনে কথা সপোনতো ভাবিব নোৱাৰে। আল্লাউদ্দিনে ক'লে, “আই, মই বলিয়া হোৱা নাই; মোৰ জ্ঞান আছে। মই কুঁৱৰীক বিয়া কৰাব খুজিছোঁ। তুমি তেওঁৰ পিতাক সম্ৰাটৰ ওচৰলৈ গৈ কুঁৱৰীক মোলৈ খুজি দিব লাগে। ”

 মাক এইবাৰ বিচুৰ্ত্তি হ’ল। তেওঁ ক'লে, “কি কোৱা, আল্লাউদ্দিন!
 মইনো সম্ৰাটৰ গুৰিলৈ যাব পাৰোঁনে? আৰু মই গ'লেইবা তেওঁ মোক কিয় দেখা কৰিবলৈ দিব? নহয় বোপাই, তুমি পাহৰিছা হ’বলা, সাধু স্বভাৱৰ হ’ল কি হ’ল, তুমি নগৰৰ ভিতৰৰ তেনেই ডাল টোকোনা দৰ্জ্জিৰ ল'ৰা! তোমাৰ ধন- সম্পত্তি নাই। তুমিনো বাৰু কুঁৱৰীক বিয়া কৰাবলৈ সাহ কৰিব পোৱানে? বাৰু, ভাবি চোৱাচোন, সম্ৰাটৰ জীয়েকক ধনী মানুহলৈ বিয়া নিদি তোমালৈ বিয়া দিব নে?”

 আল্লাউদ্দিনে মাত লগালে, “আই, মই নভবা-নিচিন্তাকৈ এই কথা উলিওৱা নাই। মোৰ হাতত জানো সেই আচৰিত চাকিটো আৰু আঙঠিটো নাই? সেই দুটাৰ বলত মই যিহকে লাগে বোলো, তাকে পাম নহয়। তুমি এই বিষয়ে মোক বাধা নিদিবা। আই, তোমাক আৰু এটা গুপ্ত কথা ক’বলৈ আছে। সেই গুহাটোৰ ভিতৰৰ বাগিচাখনৰপৰা অনা গুটিবোৰ কাঁচ নহয়, সেইবোৰ এটা সোণাৰীয়ে বহুত দামী হীৰা-মুকুতা বুলি কৈছে। তুমি আমাৰ চীন দেশীয় থালখন আনাগৈচোন বাৰু। আই, তাতে হীৰা-মুকুতাবোৰ সজাই চাওঁচোন, কেনেকুৱা, হয়। পিছত তুমি এই কাঁহীখনকে সম্ৰাটক উপহাৰ দিবলৈ নিব পাৰিবা। ”

 আল্লাউদ্দিনৰ মাকে চীন দেশীয় কাঁহীখন আনিলে। তাতে দুয়ো হীৰা-মুকুতা, পদ্মৰাগ, পোৱাল আৰু বাখৰবোৰ চকুত লগাকৈ সজালে। এইবোৰ

[27]