পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিবলৈ, এখন লাঙনি-পাচনি কৰি দুখ বুজিবলৈ, যি একেটি ল’ৰা আছিল সিও সেইবোৰলৈ পিঠি দিয়াত আল্লাউদ্দিনৰ বাপেক দিনক দিনে নিশকতীয়া হৈ আহিল; দেহত ৰোগে বাহ ল'লে। শেহত বেচেৰাই এদিন ঘৈণীয়েক আৰু পুতেকক অনাথ কৰি চিৰকাললৈ চকু মুদিলে। কোনোৱে ভাবিব পাৰে, এতিয়া আল্লাউদ্দিনৰ গালৈ গম আহিব আৰু সি কাম কাজত ভালকৈ মন দি তাৰ মাকৰ পোহপাল দিবলৈ যত্ন কৰিব। পিছে, নহয়; তাৰ মন সেইফালে ঢাল নাখালে। সি সকলোপিনে আগতকৈও একাচি চৰিলহে। এতিয়া বাপেকৰ দাবি-হুকিৰ ভয় নাই যেতিয়া, সি দিনৰে দিনটো ক'ৰবাত ধেমালি কৰি থাকি সাঁজ লাগি ভগাতহে ঘৰ সোমায়হি।

 এদিন সি এইদৰে তাৰ নিচিনা কিছুমান ধিতিঙা ল'ৰাৰ লগত আলিত ধেমালি কৰি আছে, এনেতে এটা অচিনাকি মানুহ সিহঁতৰ কাষ চাপিল। মানুহটোৱে আল্লাউদ্দিনৰ মুখলৈ চাই সুধিলে, ‘তোমাৰ নাম কি হেঁ?” “মোক আল্লাউদ্দিন বুলি মাতে” বুলি সি টপৰাই সমিধান দিলে। অচিনাকি মানুহটোৱে তেতিয়াই বুজিলে ল'ৰাটি বৰ তজবজীয়া আৰু টেঙৰ। তাৰ পাছত সি মুখেৰে একো নামাতি আল্লাউদ্দিনক হাতত ধৰি লগৰ ল'ৰাবোৰৰপৰা আঁতৰাই লৈ গ’ল। এনল কি দুনলমান গৈয়ে মানুহটোৱে ক’লে, “বাৰু, মোক কোৱাচোন, তোমাৰ পিতাৰা দৰ্জ্জি নাছিল জানো?” আল্লাউদ্দিনে উত্তৰ দিলে, “নহ'বনো কিয়? পিছে তেওঁ ঢুকাবৰ আজি ভালেমান দিন হ'ল নহয়!”

 তেতিয়া মানুহটোৱে তাক সাৱটি ধৰি গালত কেইবাটাও চুমা খাই কলে— “বোপা, মই তোমাৰ দদায়েৰা হওঁ। মই দেখিয়ে জানিছোঁ, তুমি মোৰ ককাইৰ পুতেক। নাজানিম নো কেলেই? তুমি জানিবা বাপেৰাৰ মুখখন কাঢ়িহে লৈছাঁ!” তাৰ পাছত মানুহটোৱে আল্লাউদ্দিনৰ হাতত এমুঠি ৰূপ গুজি দি ক'লে— “বোপা, এই ধনখিনি তোমাৰ মাৰাৰ হাতত দি তেওঁক মোৰ সেৱা জনাবা, আৰু

তেওঁক ক’বা কাইলৈ মই তেওঁক দেখা কৰিমগৈ। ”

11