ইফালে যাদুকৰটো জুইৰ কাষ চাপি আহি কিহবাৰ গুড়ি কিছুমান জুইত পেলাই মন্ত্ৰ গোৱাৰ দৰে কিবাবোৰ ভোট্-ভোটাবলৈ ধৰিল। আল্লাউদ্দিনে সেইবোৰৰ অৰ্থ একো নুবুজিলে আৰু সি যাদুকৰটোৰ ফাললৈ চাই তধা লাগিল।
এইদৰে থাকোতেই সিহঁত ঠিয় হৈ থকা ঠাইডোখৰ কঁপিবলৈ ধৰিল। আল্লাউদ্দিন ভয়ত পেপুৱা হ'ল। এনেতে, বজ্ৰ পৰিলে যেনে শব্দ হয়, তেনে এটা ভয়ঙ্কৰ শব্দ শুনি আল্লাউদ্দিন চক্ খাই লৰ মাৰিব খুজিলে।
হঠাৎ সিহঁতৰ চকুৰ আগতে পৃথিৱীয়ে ফাট মেলিলে। আৰু চাৰিচুকীয়া ডাঙৰ শিল এচটাৰ ওপৰত লোৰ আঙঠি এটা ওলাই পৰিল।
ইফালে বজ্ৰ পৰাৰ নিচিনা শব্দটোত আল্লাউদ্দিন লৰ মাৰিব খোজোঁতেই যাদুকৰটোৱে তাক হাতত ধৰি টান মাৰি আনিলে আৰু এনে এটা কাণতলীয়া চৰ শোধালে যে সি তৎক্ষণাৎ মাটিত পৰি গ'ল।
“তুমি মোক এইদৰে কিয় মাৰিলা, হোঁ” বুলি আল্লাউদ্দিন খঙত কঁপি উঠিল। “তইনো পলাব খুজিছিলি কিয়? বাৰু, এতিয়াৰ পৰা যদি তই মোৰ কথামতে চল, তেনেহ'লে এনে কথা আৰু আমাৰ মাজত কেতিয়াওঁ হ’বলৈ নাপায়। ’’
“এতিয়া”, যাদুকৰটোৱে তাৰ গাত মৰমেৰে হাত বুলাই ক'লে, সৌফালে মন কৰা। তোমাৰ চকুৰ আগতে আঙঠিটো আছে। তাৰ তলতে বহুমূলীয়া সম্পত্তি এটা আছে; তাকে আমি দুয়ো সমানে ভাগ বাটি লম। মোৰ কথা নুশুনিলে হ’লে তুমি তাৰ ভাগ নাপাবা! এতিয়া উঠা, সেই লোৰ আঙঠিটোত ধৰি শিলটো তুলি আনা। ”
সম্পত্তিৰ নাম শুনি আল্লাউদ্দিন উঠি বহিল আৰু তাৰ আধা ভাগ পাবৰ আশাৰে সি আঙঠিটোত ধৰি বল দিলে। দুটামান উচালতে শিলচটা গুহাৰ মুখৰ পৰা এৰাই আহিল।
“ঠিক, আমাৰ আল্লাউদ্দিন নে কোন? বুলি, যাদুকৰটো ৰঙত জঁপিয়াই
উঠিল। “এতিয়া সেই গাতটোৰ ভিতৰলৈ চোৱা; তাত শিলৰ খটখটি কেইটামান
[17]