পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ক’বলৈ পালে, যাদুকৰটোৱে তৎ নিদিয়াকৈ তাক ক'লে—‘চাকিটো মোৰ হাতত দিয়া—চাকিটো!”

 “তৎ দিয়াচোন, মই ওপৰ উঠি লওঁ। ” “মোক এতিয়াই দিয়া, এতিয়াই। ” “নিদিওঁ। মোক তোমাৰ কাষলৈ আগেয়ে তুলি নিয়াঁ। মই ওপৰলৈ উঠি লওঁ। ” যাদুকৰটোৱে খঙত একোনাই হৈ দাঁত কামুৰিবলৈ ধৰিলে আৰু ভৰিৰ গোৰোহা মাটিত মাৰি খঙৰ নানান ভাৱ দেখুৱালে। সি পগলাৰ দৰে আকৌ সিহঁতে জ্বলোৱা জুইকুৰাৰ গুৰিলৈ গল আৰু আগৰ বাৰৰ দৰে ভোটভোটাই কিবাবোৰ কৈ জুইত কিহবাৰ গুড়িবোৰ পেলাবলৈ ধৰিলে। যাদুকৰটোৱে তেনে কৰাৰ লগে লগে হঠাৎ সেই প্ৰকাণ্ড শিলছটা ঘূৰি সেই গাতটোৰ মুখত পৰিল আৰু গুহাটোৰ ওপৰত মাটি চাপ খাই তাৰ চিন-চাব একেবাৰে মাৰি পেলালে। আল্লাউদ্দিন সেই গুহাৰ ভিতৰতে চিৰকাললৈ আটক হৈ ৰল। ইফালে যাদুকৰটো ঠিক পগলাৰ দৰে হ’ল। আল্লাউদ্দিনৰপৰা চাকিটো নাপাই তাৰ নিজৰ ওপৰতে খঙ উঠি দাঁত কৰচিবলৈ ধৰিলে। তাৰ পাছত সি ইফালৰপৰা সিফাললৈ লৰি ফুৰি শেষত উলটি সেই নগৰৰ ফালে বাট ললে। তাৰপৰা সি কলৈ গ'ল আৰু কোনেও ক’ব নোৱাৰিলে।

 সি আছিল সুদূৰ আফ্ৰিকা মহাদেশৰ যাদুকৰ! এই দুই পৰ্ব্বতৰ মাজৰ ঠাই ডোখৰত এটা আচৰিত সম্পত্তি থকাৰ কথা সি তাতে ভু পাইছিল আৰু তাকে হাত কৰিবলৈ সি সেইখন দেশৰ পৰা এই এছিয়া মহাদেশৰ ভিতৰৰ চীন দেশৰ এই নগৰ পাইছিলহি। বেচেৰা আল্লাউদ্দিন! সি স্বৰগ-পৰা মানুহটোৰ দৰে সেই ওপৰলৈ উঠা খটখটিত ৰৈ তেনেই থেৰেঙা লাগিল। চাৰিওফালে ঘোপমৰা আন্ধাৰ! তাৰ বৰ ভয় লাগিল। যাদুকৰটোৱেনো বাৰু চাকিটো তেতিয়াই সিমানকৈ খুজিছিল কিয়? চাকিটো পোৱা হ'লে সি বাৰু আল্লাউদ্দিনক ওপৰলৈ উঠিবলৈ দিলেহেঁতেন নে? নাইবা সেই সম্পত্তিৰ ভাগ দিয়াতকৈ চাকিটো তাৰপৰা লৈয়ে আল্লাউদ্দিনক মাৰি পেলোৱাই তাৰ উদ্দেশ্য আছিল। বাৰু, এতিয়া আল্লাউদ্দিনৰ উপায় কি? সি সেই হীৰা-মুকুতাৰ গছ থকা বাৰীখনলৈকে

[19]