পোনছাটেই আল্লাউদ্দিনে সম্ৰাটৰ ওচৰলৈ আহি ক'লে, “মহাৰাজ, মই এনে কি অপৰাধ কৰিলোঁ যে আপুনি মোৰ প্ৰতি ইমান নিষ্ঠুৰ ব্যৱহাৰ দেখুৱালে। ”
সম্ৰাটে ক'লে, “মোক কিয় সুধিছা? এই খিৰিকিয়েদি চাই মোক কোৱাচোন তোমাৰ কাৰেঙটো কলৈ গ'ল। ”
আল্লাউদ্দিনে খিৰিকিয়েদি চাই দেখে সঁচাকৈয়ে তাৰ ঘৰটো নাই! সি সেইপিনেই থৰ লাগিল আৰু তাৰ মুখত মাত নফুটা হ’ল। কিয়নো সি তেতিয়াও ঘৰলৈ ঘূৰি যোৱা নাছিল আৰু সেইদেখি কত কি হৈছিল একো নাজানিছিল।
বহুত পৰৰ মূৰত সি ক'লে, “সঁচা, তাত ঘৰটো নাই। পিছে মই সেই বিষয়ে একো নাজানো। এতিয়া মোক দুকুৰি দিন সময় দিবলৈ সন্ত্ৰাটক মিনতি জনাইছোঁ। এই সময়ৰ ভিতৰত যদি মই ঘৰটো বিচাৰি নাপাওঁ, তেন্তে নিজে আপোনাৰ আগত মই মোৰ ডিঙি পাতি দিম। ”
সম্ৰাটে ক'লে—“বাৰু, তোমাৰ কথাকে সঁচা বুলি ধৰিলোঁ। ”
যাদুকৰটোৰ শেষ পৰাজয়
আল্লাউদ্দিন বৰ বেজাৰ মনেৰে ওলাই গ'ল। সি বাটত যাকে লগ পায় তাকে ঘৰটোৰ কথা সুধি তিন দিন সেই নগৰতে অনাই-বনাই ফুৰিলে।
তিন দিনৰ দিনা সি এখন নৈৰ পাৰ ওলালগৈ, তাতে সি এটা পিচল খাই ধাঁচকৰে পৰি গ'ল। সেই অৱস্থাতে তাৰ হাতত থকা আঙঠিটো ঘঁহনি খালে। তৎক্ষণাৎ তাৰ আগত আঙঠিৰ দাসটো ঠিয় হৈ ক'লে, “মই কি কৰি দিব
44