ভালেৰে বলে নোৱাৰি আন উপায়েৰেও কৈ চালোঁ, যদি সি ভাললৈ নাহে তেনেহ'লে মোৰ ঘৰৰপৰা ওলাই যক। ” এইবুলি তেওঁ হুক্হুক্কৰে কান্দিলে। কিয়নো আল্লাউদ্দিন সঁচাকৈয়ে তেওঁৰ এটা গলগ্ৰহ হৈ উঠিছিল।
মানুহটোৱে আল্লাউদ্দিনক ক'লে, “এইটি সজ কথা নহয়, মোৰ বোপাই! তুমি এতিয়া পেটৰ ভাতমুঠি উলিয়াবলৈ দুই হাতে নাজুৰিলে নহ'ব। যদি তুমি গাৰে দুখ কৰিবলৈ ভাল নোপোৱাঁ, তেনেহলে তোমাক এখন দোকান লৈ দিওঁ। তাত তুমি নানা তৰহৰ বস্তু আৰু বাচকবনীয়া কাপোৰ-কানি ৰাখি বেচিবা। সেইবোৰ বেচি যি লাভ পোৱা তাৰে তুমি নতুন নতুন বস্তু কিনিবা আৰু এইদৰে তুমি সাধু উপায়ে চলিব পাৰিবা। ”
দদায়েকৰ দিহাত তাৰ মন খালে আৰু সি এখন দোকান চলাবলৈ মান্তি হ’ল। তাকে দেখি মানুহটোৱে ক'লে, বাৰু, তুমি কাইলৈ মোৰ লগত ওলাবা। ধনী সদাগৰবোৰে যেনেকুৱা দামী সাজ পিন্ধে, মই তোমাক তেনেকুৱা এটা সাজ কিনি দিম। ’
আল্লাউদ্দিনৰ মাকে শেষত ভাবিলে,—এই মানুহটি তেওঁৰ দেওৰেক হয়েই হ’বলা, নহ'লে কিয় তেওঁ আল্লাউদ্দিনৰ হকে ইমানখিনি খৰচ কৰিবলৈ ওলাব? তাতে তেওঁৰ আন স্বাৰ্থই বা আছে কি। বাঁৰীগৰাকীয়ে এই অযাচিত উপকাৰৰ শলাগ ল'লে আৰু তেওঁৰ ঘৰতে গধূলিৰ বাবে মানুহজনক খোৱা- লোৱা কৰিবলৈ দিলে।
কিন্তু উৰহী গছৰ ওৰটো আছিল ক'ৰবাত। প্ৰকৃততে সেই মানুহটো আল্লাউদ্দিনৰ দদায়েক নাছিল। সি আছিল এটা ধূৰ্ত্ত যাদুকৰ আৰু ভালেখিনি যাদু সি জানিছিল। সেইদেখি স্বৰূপতে আল্লাউদ্দিনৰ পৰিয়ালক সহায় কৰা উদ্দেশ্য তাৰ মনে-ঘৰেও নাছিল। সি বিচাৰিছিল নিজৰ সহায়ৰ কাৰণে আল্লাউদ্দিনক হাত কৰি ল'বলৈ।
এটা গুহাৰ ভিতৰত এটা আচৰিত চাকি থকাৰ সি ভু পাইছিল। এই
[14]