পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অকলেই হাঁহি উঠিছিল।

 ঘৰ পাই তেওঁ আল্লাউদ্দিনক সম্ৰাটৰ বাতৰি যোগালে আৰু লগতে এষাৰ বঢ়াই ক'লে—“পাৰানে নোৱাৰা এটা সমিধান তেওঁ সোনকালে বিচাৰিছে। মোৰ মনেৰে তোমাৰ এইবোৰ বস্তুলৈ বাট চাই চাই ৰজাৰ আমনি লাগিব। হীৰা-মুকুতা আৰু সেইবোৰ কঢ়িয়াবলৈ লগা চাৰিকুৰি দাসৰ কথা মই এৰিয়ে দিছোঁ নহয়, দুকুৰিখন সোণৰ কাঁহীকেনো সতকাই ক'ত পাবা?”

 “বাৰু, সেইবোৰ কথা মোলৈ এৰি দিয়া, আই! মই সঁচাকৈয়ে কওঁ, তুমি এই কথাটো যিমান টান বুলি ভাবিছা দৰাচলতে সি সিমান টান নহয়। এইবুলি আল্লাউদ্দিনে তাৰ সৰু কোঠালিটোলৈ গৈ দুৱাৰখন মেলিলে আৰু চাকিটো ঘঁহি দৈত্যটোক মাতি ক'লে, “সম্ৰাটে খোজা আটাইবোৰ বস্তু মোক আনি দে। ”

 সি আদেশ দিবলৈহে পালে, তৎক্ষণাৎ সেই দৈত্যটো গৈ ভাল ভাল কাপোৰ-কানি পিন্ধা দুকুৰি বগা দাসে অনা হীৰা-মুকুতাৰে ভৰা দুকুৰি সোণৰ কঁহী অনা দুকুৰি ক'লা দাসেৰে উলটি আহিল।

কুঁৱৰীলৈ জোৰন

 আল্লাউদ্দিনে মাকক তাৰ সুন্দৰ উপহাৰটো দেখুৱাই ক'লে, “আই, অবাবত সময় নকটাবা। তুমি এতিয়া সম্ৰাটৰ ঘৰলৈ বাট দেখুৱাই যাব লাগে। সম্ৰাটৰ কাষ পায়েই তেওঁক তেওঁৰ জীয়েক কুঁৱৰীৰ হৈ মোৰ এই জোৰন গ্ৰহণ কৰিবলৈ ক’বা। ”

 মানুহবোৰে আলিত জুম পাতি সেই সমদল চাইছিল। কাৰণ এনে অভাৱনীয় সমদল তেওঁলোকে আগেয়ে ক’তো দেখা নাছিল। শোভাযাত্ৰা অলপ সময়ৰ ভিতৰতে ৰাজপ্ৰাসাদ পালেহি। সম্ৰাট তেতিয়াও তেওঁৰ সিংহাসনত বহি আছিল। ক’লা দাসবোৰে তেওঁৰ আগত দলিচাৰ ওপৰত এই বহুমূলীয়া বস্তুৰে

35