আহিব বুলি সি তাৰ আগত অঙ্গীকাৰ কৰিলে।
এইদৰেই আল্লাউদ্দিনৰ কিছুমান বছৰ চলিল। চাকিটোৰ যহত সি আৰু তাৰ মাকে ভালকৈ সুখে-সন্তোষে খাব আৰু পিন্ধিবলৈ পোৱা হ’ল। আল্লাউদ্দিন লাহে লাহে ডাঙৰ দোকানী আৰু সদাগৰৰ মহলত জনাজাত হৈ পৰিল। সি দামী কাপোৰ-কানি, সোণ-ৰূপ আৰু হীৰা-মুকুতাৰ বিষয়ে বহুত কথা জনা হ'ল। হীৰা-মুকুতাৰ কাৰবাৰী সদাগৰসকলৰ লগত কথা-বতৰা হৈ সি বুজিলে, সি চাকিটো আনিবলৈ যাওঁতে ফুলনিৰপৰা বুটলি অনা গছৰ গুটিবোৰ সি ভবাৰ দৰে নানা বৰণীয়া কাঁচ নহয়; সেইবোৰ বহুমূলীয়া হীৰা-মুকুতা আৰু সেই বিচিত্ৰ বাখৰ-মুকুতা আদিৰে সি সঁচাকৈয়ে এটা ধনী সদাগৰ।
সম্ৰাটৰ প্ৰতিজ্ঞা
এদিন আল্লাউদ্দিন নগৰলৈ আহোঁতে আটাইবোৰ ঘৰ আৰু দোকান- পোহাৰ বন্ধ দেখিলে। তাৰ কাৰণ সুধি সি জানিব পাৰিলে, সম্ৰাটৰ জীয়েক কুঁৱৰী তেতিয়া গা ধুবলৈ গৈছিল।
কুঁৱৰীক চাবলৈ আল্লাউদ্দিনৰ বৰ হেঁপাহ হ’ল। সেইদেখি সি বাটৰে এটা ঘৰৰ চুকত লুকাই থাকিল। অলপ পৰতে দাস-দাসী আৰু সখীসকলে বেৰি কুঁৱৰীক মাজত লৈ অহা দেখা পালে।
কুঁৱৰী গৰাকী দেখিবলৈ বৰ ৰূপহী আছিল, তেওঁৰ চকুযুৰি তৰাৰ দৰে আৰু মেঘবৰণীয়া চুলিটাৰি সাপৰ নেজৰ দৰে বৈ যোৱা আছিল। তেওঁৰ সাজ- পাৰো সেইদৰে বহুমূলীয়া আৰু বগলিৰ পাখি যেন বগা।
তেওঁলোক উলটি গ’লত আল্লাউদ্দিনে লুকাই থকাৰপৰা ওলাই লাহে লাহে ঘৰৰ ফালে খোজ ল'লে। তাৰ মুখ গহীন আৰু বেজাৰমুৱা। এইদৰে থাকি সি কাকো নমতা-নোবোলা দেখি মাকে কলে—“তই ক'লৈ গৈছিলিনো?
[26]