পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আল্লাউদ্দিন আৰু এটি আচৰিত চাকি


আল্লাউদ্দিনৰ দদায়েক


 এসময়ত চীন দেশত এটা দুখীয়া দৰ্জ্জি আছিল। কাপোৰ সীয়া কামত সৰহ পইছা নাপাইছিল দেখি সি বৰ দুখত দিন কটাব লগাত পৰিছিল। এইদৰে অৰ্জ্জা ধনেৰে কোনোমতেহে ঘৈণীয়েক, পুতেক আৰু সি নিজে, টোক্ টোক্ টাক্ টাক্ কৈ খাই-মেলি থাকিব পাৰিছিল।

 তাৰ পুতেকৰ নাম আছিল আল্লাউদ্দিন। এনে ল'ৰাটিৰ কাৰণে এইটি নাম বঢ়িয়া নহয় জানো বাৰু? পিছে, ক’বলৈ দুখ লাগে, সি ল’ৰা বৰ বাৰু নহয়। সি সৰুতে মাক-বাপেকৰ দেহ-লাও হৈ উঠিছিল আৰু তাৰ যিহকে মন যায় তাকে কৰিবলৈ মাক-বাপেকে তাক এৰি দিছিল। সেইদেখি সি ডাঙৰ হৈ ধোদৰ পচলা নাম পালে। আপোনাৰ মাক-বাপেকৰ কথা শুনাতকৈ দিনৰ দিনটো আলিবাটত লোকৰ ল'ৰাৰে সৈতে ধিতিঙালি কৰি ফুৰাৰেহে তাৰ ভালকৈ ৰাহি আহিছিল।

 দৰ্জ্জি হ’বলৈ হ'লে বেজীৰে ভালকৈ কাপোৰ সীব জানিব লাগিব। আল্লাউদ্দিনে বাপেকৰ লগত বঢ়িয়াকৈ সীবলৈ শিকিছিল আৰু বাপেকৰ আগত থকাখিনি সময়ত সি সেইবোৰ কাম চকুত লগাকৈ কৰিবও পাৰিছিল। কিন্তু বাপেক যদি এখন্তেকৰ কাৰণেও কেনিবা ওলাই যাবলৈ হ’ল, তাক আৰু কোনে পায়! তৎক্ষণাতে সকলো কাম নেওচা দি কোন টলকত সি ধেমালি কৰিবলৈ লৰ দি আলিবাট ওলাবগৈ, কোনে ক’ব! শিক্ষক যদি এখন্তেকলৈ বাহিৰলৈ ওলাই যায়, পঢ়াশলীয়া ল'ৰা-ছোৱালীৰো ভালেমানে এইদৰে কিতাপ-পত্ৰ সামৰি পুলুংপালাং নকৰেনে বাৰু?

 এনেয়ে সংসাৰৰ মেটমৰা গধূৰ ভাৰখন; তাতে কাম-কাজত হাত উজান

9