পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সি কিন্তু সেইদৰে চিঞৰিয়ে ফুৰিবলৈ ধৰিলে। “পুৰণি চাকিৰ সলনি নতুন! পুৰণিৰ সলনি নতুন!!” কুঁৱৰীয়ে তাৰ চিঞৰ শুনি লিগিৰী এজনী পঠাই সোধালে সি নো কি বেচিছে। তাই হাঁহি হাঁহি উলটি আহি ক'লে, “আইদেউ, মুৰ্খ বুঢ়া মানুহটোৱে কৈছে সি হেনো পুৰণি চাকিৰ সলনি নতুন চাকি দিব। আমাৰ কাৰেঙৰ ক'ৰবাত এটা পুৰণি চাকি থকা মই ক'ব পাৰোঁ, আৰু সেইটো কোঁঁৱৰ দেউতাৰ কোঠালিত আছে। আপুনি কয় যদি মই সেইটোকে নি ভোদা বুঢ়া মানুহটোৱে তাৰ নতুন চাকি সলায় নে নসলায় মই চাব পাৰোঁ। ”

 কুঁৱৰীয়ে লিগিৰীজনীক ক'লে, “যাচোন বাৰু, পুৰণি চাকিটো আনি দে; আৰু মুৰ্খ মানুহটোক দিবলৈ দাস এটাক ক। ” আচৰিত চাকিটোৰ মহিমা আল্লাউদ্দিনে কুঁৱৰীক কোৱা নাছিল। তেওঁ নাজানিছিল ইয়াৰ মূল্য কিমান? জনা হলে সেইটো তেওঁ কেতিয়াও এৰি নিদিলেহেঁতেন। দাসটোৱে চাকিটো হাতত লৈ লৰি গৈ মানুহটোক ক'লে, “এয়া, এই পুৰণি চাকিটোৰ সলনি মোক নতুন এটা দিয়া। ”

 যাদুকৰটোৱে তৎক্ষণাৎ চিনি পালে যে সেই চাকিটোকে সি ইমান দিনে ইমান কষ্ট খাই বিচাৰি ফুৰিছিল। সি দাসটোৰপৰা চাকিটো থাপ মাৰি নিলে আৰু লগুৱাটোক তাৰ পাচিৰপৰা ভাল চাই এটা নতুন চাকি নিবলৈ ক'লে। সিও তাৰ কথা মতে এটা চাকি লৈ গৈ লিগিৰীজনীৰ হাতত দিলে, আৰু তাই নি কুঁৱৰীক দেখুৱালেগৈ।

 যাদুকৰটো আলিত আৰু সৰহ পৰ নৰল। যাদু কৰা চাকিটো লৈ সি বেগাবেগিকৈ নগৰৰ বাহিৰ ওলাল আৰু এডোখৰ নিৰ্জ্জন ঠাই নোপোৱালৈকে সি কতো অলপো নবহিল। এনেতে সন্ধিয়া লাগিল। সি বুকুৰ কাপোৰৰ তলৰপৰা চাকিটো উলিয়াই লৈ ঘঁহা এটা মাৰিলে। ভয়ঙ্কৰ দৈত্যটো তৎক্ষণাৎ দেখা দি ক'লে “তোমাক কি লাগে? মই তোমাৰ দাস। ”

 যাদুকৰটোৱে ক'লে, “মই তোক আদেশ দিছোঁ, তই নিজে সজা সেই

42