লিৰিকি-বিদাৰি চাই সঁচাকৈয়ে মাকৰ মনত ৰঙ লাগিল আৰু তেওঁ সেই, বহুমূলীয়া বস্তুৰে ভৰা কঁহীখন লৈ পিছদিনা নিজে সম্ৰাটৰ গুৰিলৈ কুঁৱৰীক খুজিবলৈ যাব বুলি আল্লাউদ্দিন জনালে।
পিছদিনা ৰাতি নৌ-পুৱাওঁতেই আল্লাউদ্দিন উঠি মাকক জগাই দিলে, আৰু সোনকালে উঠি সম্ৰাটক দেখা কৰিবলৈ যাবলৈ ক'লে। মাকেও লৰালৰিকৈ উঠি সেই হীৰা-মুকুতাবোৰ সজাই খোৱা চীনা কাঁহীখন লৈ ৰাজকাৰেঙৰ ফালে ওলাই গ'ল।
সম্ৰাটে সৱাতকৈ ডাঙৰ কোঠালীটোত তেওঁৰ ৰাজ্যৰ ডাঙৰ বিষয়াসকলৰ সৈতে বহি ৰাজকাৰ্য্যত বৰ মন দি আছিল। তাৰ পাছত কাম সমাধা কৰি ৰজা অন্তঃপুৰলৈ যাবলৈ ওলাল, আৰু বিষয়াসকলো ঘৰঘৰি গ'ল। তাকে দেখি আল্লাউদ্দিনৰ মাকেও কাকো নমতা-নোবোলাকৈয়ে যিদৰে গৈছিল সেইদৰেই উলটি আহিল।
মাকে ক'লে—“বোপাই মই সম্ৰাটক দেখিলোঁগৈ। কিন্তু তেওঁ লগৰ বিষয়াসকলেৰে কামত মন পুতি থকা দেখি মোৰ বেয়া লাগিল আৰু আমনি কৰিবৰ সত নগ’ল। কাম কৰি সম্ৰাটৰ বৰ ভাগৰ লাগিল হবলা, তেওঁ বেগাবেগিকৈ উঠি ভিতৰলৈ গুচি গ'ল। বাৰু, তুমি ভয় নকৰিবা, মই পাৰিলে কাইলৈকে আকৌ সম্ৰাটক দেখা কৰিমগৈ। কাইলৈ তেওঁৰ ইমান কামৰ ভিৰ নাথাকিব পাৰে। ”
মাকে সম্ৰাটৰ সৈতে কথা বতৰা হব নোৱৰাত আল্লাউদ্দিনে মনত বৰ দুখ পালে। কিন্তু বেচেৰী হ'লে সেইদৰেই সম্ৰাটৰ ওচৰলৈ পিছদিনা আৰু তাৰ পাছৰ কেইবাদিনো গৈয়ে আছিল।
এইদৰে ছদিনৰ দিনা সম্ৰাট নিজ অন্তঃপুৰলৈ যাওঁতে তেওঁৰ প্ৰধান মন্ত্ৰীক ক'লে, “মই আজি কেবাদিনো দেখিছোঁ এজনী মানুহে কাপোৰেৰে মেৰিয়াই কিবা টোপোলা এটা লৈ সদায় ইয়ালৈ আহে। যদি তাই এইদৰে আকৌ আহে,
[28]