পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নোৱাৰিলে; কেৱল হঠাৎ সি মুকলি বতাহ আৰু পোহৰ অনুভৱ কৰিলে। অলপ পাছতে চকু মেলি দেখে, সি নিজ ঘৰৰ দুৱাৰ মুখত; আৰু মাকে তাৰ ওপৰত হাঁউলি তাকে শুশ্ৰূষা কৰিছে।

চাকিটোৰ দাস

 আল্লাউদ্দিনে চেতনা পাই তাৰ মাকক এই সকলো ঘটনা বিৱৰি জনালে। সি ভাগৰত লালকাল হৈ আহিছিল দেখি পোনেই শোৱা-পাটীত পৰিলগৈ। পিছদিনা বেলি, নোলোৱালৈকে ঢেৰাই-মেৰাই শুলে।

 সাৰ পাই উঠি তাৰ বৰ ভোক লাগিল আৰু মাকক ক'লে—“আই, মোক খাবলৈ কিবা অলপ দিয়াচোন। ” বেচেৰী মাকে কলে—“বোপাই, ঘৰত খুদকণ এটিও নাই। তোক কিটোনো দিওঁ, হোঁ?”

 আল্লাউদ্দিনে ক'লে—“আই, মই যে কালি চাকিটো আনিছিলো তাকে মোক দিয়াচোন। তাকে বেচি পাৰোঁ যদি আমাৰ এতিয়াৰ, দুপৰীয়াৰ, আৰু হয় যদি গধূলিৰ জোখাৰেও খোৱা বস্তু অলপ কিনি আনোগৈ। ”

 আল্লাউদ্দিনৰ মাকে চাকিটো উলিয়াই আনি কলে-“এইটো। অ’ ৰ’বাচোন। চাকিটো তেনেই লেতেৰা হৈ আছে। মই অলপ মচি-কাচি দিওঁ। এইবুলি ফটাকানি এখন লৈ তেওঁ চাকিটোত ঘঁহা এটা মাৰিব খুজিছেহে, কি আচৰিত। এটা ভয়ঙ্কৰ দৈত্য তেওঁৰ আগত ঠিয় হৈ ক'লে—“তোমাক কি লাগে? মই তোমাৰ দাস হ'বলৈ আৰু তোমাৰ আদেশ পালিবলৈ সাজু। এই চাকিটো যাৰে হাতত থাকে মই আৰু মোৰ লগৰীয়া এই চাকিৰ দাসবোৰ তেওঁৰেই বহতীয়া হওঁ। ’’

 দৈত্যটো দেখিয়েই আল্লাউদ্দিনৰ মাক সেই পিনেই মূৰ্চ্ছা গ'ল। গুহাৰ ভিতৰত তেনেকুৱা এটা দৈত্য দেখিছিল কাৰণে আল্লাউদ্দিনে কি কৰা উচিত

[22]