চাকিটো পালেই তাৰ সকলো মনোৰথ সিদ্ধ হয়; যি লাগে বোলে তাকে পাব, যি কৰোঁ বোলে তাকে কৰিব পাৰিব। কিন্তু পাক লাগিছিল এটা কথাত, চাকিটো তাক লোকে আনি দিব লাগিব। যদি সি নিজে আনি লয়, তেন্তে সেইটো তাৰ একো কামত নাহিব। সি ভাবি-গুণি থিৰ কৰিছিল, চাকিটো তাক আল্লাউদ্দিনেই আনি দিব পাৰিব। ঠিক এই কাৰণেই সি আল্লাউদ্দিনৰ দদায়েকৰ ভাও জুৰিছিল আৰু সিহঁতৰে সৈতে মিতিৰালি কৰিছিল।
পিছদিনা যাদুকৰটোৱে আল্লাউদ্দিনক এখন সদাগৰৰ দোকানলৈ লৈ গ'ল আৰু কিছুমান বৰ ধুনীয়া ধুনীয়া কাপোৰ-কানি তাক কিনি দিলে। এনে ধুনীয়া আৰু দামী সাজ পিন্ধিবলৈ পাই আল্লাউদ্দিন গপতে ওফন্দি পৰিছিল। সি তাৰ দদায়েক ৰূপী যাদুকৰৰ নথৈ শলাগ ল’লে আৰু তাৰ কথামতে ধন ঘটি মাকক সুখে ৰাখিব বুলি শপতো খালে।
যাদুকৰটোৱে তাৰ কথাত আনন্দ পাই ক'লে, “এতিয়া ডাঙৰ সদাগৰৰ সাজ পিন্ধিলা। তেনেহ'লে সদাগৰবোৰে কেনেকৈ কাৰবাৰ কৰে, তাকো দেখি-শুনি শিকিবৰ কাৰণে মই তোমাক সম্প্ৰতি ডাঙৰ দোকান কেখনমানলৈ লৈ যাম?” এইবুলি যাদুকৰটোৱে আল্লাউদ্দিনক ভালেমান দোকানত এনেয়ে ঘূৰাই-পকাই লৈ ফুৰিলে। ৰাতি হ’লত সি আল্লাউদ্দিনক মাকৰ ঘৰত থৈ নিজে কেনিবা গুচি গল।
গুহাৰ মুখত আল্লাউদ্দিন
আকৌ পিছদিনা যাদুকৰটো আহিল। আগদিনা এনে জাকজমককৈ সাজ পিন্ধি আল্লাউদ্দিনৰ মনত অতি ৰং লাগিল আৰু সি যাদুকৰটোৰ কাষত বৰ সৈমান হৈ পৰিল। সেইদিনা যাদুকৰটোৱে ক'লে বোলে আৰু নানান ঠাইত তাৰ কাম আছে, আৰু মন কৰিলে আল্লাউদ্দিনেও তেওঁৰ লগত সেই চলতে নানান
[15]