পৃষ্ঠা:Allauddin Aru Eti Asarit Chaki.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঠাই চাই আহিবগৈ পাৰে। আল্লাউদ্দিন উলাহেৰে তাৰ লগত যাবলৈ ওলাল।

 ধুনীয়া বাট। দুই কাষে ওখ গছৰ শাৰী। নিৰ্ম্মল সুগন্ধি বতাহ। আল্লাউদ্দিন এইবোৰতে তেনেই ভোল গ’ল। কিমান বাট আহিছে, ক'লৈ আহিছে, একোৱেই তাৰ মনত নপৰিল।

 এইদৰে আল্লাউদ্দিনে মন নকৰাকৈয়ে সিহঁত কেতিয়াবাই নগৰৰ বাহিৰ ওলাল। হাজাৰে হওক, সৰু লৰা; কেতিয়াও ইমান বাট খোজ কঢ়া নাই। শেহত তাক ভোকে-পিয়াহে জুমুৰি দি ধৰিলে। মাকলৈ মনত পৰি তাৰ চকু ঢুলঢুলীয়া হ'ল।

 জেপৰপৰা ধুনীয়া পিঠা এখন উলিয়াই যাদুকৰে আল্লাউদ্দিনৰ হাতত গুজি দি কলে,“আয়ৈ দেহি। তোমাৰ ভোক লাগিছে নহয় নে? হোৱাঁ, এয়া খোৱা। মোৰ চোলাৰ মোনাত আৰু ভালেখিনি ভাল ভাল খোৱাবস্তু আছে; আমি তাকে খাম। ”

 খোৱাৰ লগে লগে যাদুকৰে তেওঁৰ অতি আচৰিত সাধুৰ থুন্ পাকটি মেলিলে। মুখ আৰু পেটৰ সন্তোষতকৈও সাধুবোৰ আল্লাউদ্দিনৰ কাণত এনে মিঠা লাগিছিল যে সি ভাগৰৰ কথা একেবাৰেই পাহৰি পেলালে; আৰু ঘৰ আৰু মাকৰ কথাও তাৰ মনত নপৰা হ'ল।

 এইদৰে দুয়ো দুটি পৰ্ব্বতৰ মাজ ঠাই এডোখৰ পালেহি আৰু যাদুকৰটো তাতে থমকি ৰ’ল। “বাৰু”, সি মাত লগালে, “আমি এইখিনিতে ঘাঁহনিৰ ওপৰত বহি জিৰণি লওঁ দেই? তুমি সৌ শুকান খৰিবোৰ ভাঙি জুই একুৰা ধৰিব পাৰিবানে?”

 মুকলি ঠাইত জুই ধৰা এটা বৰ ধেমালিৰ কথা। আল্লাউদ্দিনৰ মনত সিহঁত ক'ৰবাত বন-ভোজ বা বালি-ভাত খাবলৈ অহা যেন লাগিল। সি বৰ উলাহেৰে শুকান খৰিবোৰ মৰ্‌মৰ্‌ কৰে ভাঙি মেজি পতাদি দ’ম কৰিলে। দুয়ো তাত জুই লগাই দিলে।

 দপ্‌দপ্‌ কৰে জ্বলি জুই গছৰ আগৰ সমান ওপৰলৈ উঠিল। গছবোৰৰ মাজত

জুই-আঙনিবোৰ জিলিকা দেখি আল্লাউদ্দিন মোহিত হৈ ৰ'ল। কি ডাঙৰ মেজি।

[16]