হ’ল।
সি চাকিটো হাতত লৈ ঠিক আগেয়ে মাকে ঘঁহা ঠাইতে আকৌ ঘঁহিবলৈ ধৰিলে। ততালিকে সেই ভয়ঙ্কৰ দৈত্যটো আহি তাৰ আগত ঠিয় হৈ ক'লে— “তোমাক কি লাগে?” “মোৰ বৰ ভোক লাগিছে। মোক কিবা অলপ আনি দিয়া। ”
দৈত্যটো অদৃশ্য হ'ল আৰু আগৰ দৰেই এখন ডাঙৰ ৰূপৰ কাঁহীত নানা তৰহৰ খোৱা বস্তুৰে ভৰা বাৰখন ৰূপৰ কাঁহী সঁজাই লৈ অতি সোণকালে উলটি আহিল।
আটাইখিনি খোৱা বস্তুৰ আধ্যা পেলাই আল্লাউদ্দিনে আগৰ দৰে তাৰ ৰূপৰ কাঁহীবোৰ এখন-এখনকৈ বেচিবলৈ তাৰ আগৰ চিনাকি সদাগৰটোৰ ওচৰলৈ গল।
সেইপিনে যাওঁতে সদায় সি এটা সোণাৰীৰ দোকানৰ আগেদি যাব লাগে। সোণাৰীটোৱে আল্লাউদ্দিনক প্ৰায়ে চোলাৰ ভিতৰত কিবা এটি সুমুৱাই লৈ সেই ইহুদীটোৰ ঘৰলৈ সুৰুক্ সুৰুক্ অহা-যোৱা কৰা দেখে। সেইদিনা কিবা এটা মন কৰি সোণাৰীটোৱে আল্লাউদ্দিনক মাত লগালে—“আল্লাউদ্দিন, মই তোমাক প্ৰায়ে মোৰ দোকানৰ আগেদি অহা-যোৱা কৰা দেখো। তুমিনো ক’ত কি কৰাগৈ ভাবি নাপাওঁ। মই অনুমান কৰিছো তুমি সেই ইহুদিটোৰ গুৰিত কিবা বেচিবলৈ আনিছা। মোক দেখুওৱা, মই তোমাক উচিত বেচ দিম। তোমাক কেতিয়াও ঠগি নাখাওঁ। ”
আল্লাউদ্দিনে বেচিবলৈ নিয়া ৰূপৰ কঁহীখন চোলাৰ ভিতৰৰপৰা তাক উলিয়াই দেখুৱালে। সোণাৰীটোৱে কাহীখন লৈ তাৰ তুলাচনীৰে জুখি চালে। তাৰ পিছত আল্লাউদ্দিনক উপযাচি তিনিকুৰি সোণৰ মোহৰ দিলে। তাৰ সজ আৰু সাধু ব্যৱহাৰৰ কাৰণে অন্তৰেৰে আল্লাউদ্দিনে তাৰ শলাগ ল'লে, আৰু তেতিয়াৰপৰা তাৰ কিবা বেচিবলৈ হ'লে সদায় সেই সোণাৰীটোৰ ওচৰলৈ
[25]