সুধৰ্ম্মাৰ উপাখ্যান

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
সুধৰ্ম্মাৰ উপাখ্যান
লেখক পদ্মাৱতী দেৱী ফুকননী
[  ]
 

সুধৰ্ম্মাৰ উপাখ্যান
—)٭(—

শ্ৰীপদ্মাৱতী দেবী ফুকননী
ৰচিত।


নগাঁও


কলিকাতা;
২১/১ কৰ্ণওয়ালিস্ ষ্ট্ৰীট, ভিক্টোৰিয়া প্ৰেসে
শ্ৰীভুবনমোহন ঘোষ দ্বাৰা মুদ্ৰিত ও প্ৰকাশিত।

১৮৮৪।

মুল্য।৹ চাৰি আনা মাত্ৰ।

 

[  ]
 

শ্ৰীশ্ৰীজগদীশ্বৰ


ভূমিকা

আমি এই ক্ষুদ্ৰ পুখীখানি ছপাবলৈ আগ বাঢ়িছো হয় কিন্তু ইয়াক পাঠ কৰি পাঠক সকলে যে সন্তোষ পাব ইয়াক আশা কৰা নাই। তত্ৰাচ তিৰুতাই ৰচা বুলি ইয়াৰ দোষ পাঠক সকলে ক্ষমা কৰিব এই সাহতে ইয়াক মুদ্ৰিত কৰা হল। সজ আৰু অসজ মানুহৰ কাৰ্য্যৰ ফল দেখুৱাই এই পূথীৰ প্ৰধান উদ্দেশ্য। ইতি—

নগাঁও, আসাম
৩০ শ্ৰৱণ ১৮০৬ শকাব্দা
শ্ৰীপদ্মাবতী দেবী
 
 

[  ]
 

সুধৰ্ম্মাৰ উপাখ্যান।
প্ৰথম অধ্যায়।

 কমলপুৰ নামে দেশত ৰঘুনাথ নামেৰে এজন ভদ্ৰ মানুহ আছিল। তেঁও ব্যবসায় কৰি খাইছিল। তেঁওৰ সত্যবান নামেৰে এটী লৰা আছিল। সেই লৰাক সৰূৰে পৰা বড় যত্নেৰে সইতে পিতৃ মাতৃএ শিক্ষা দিয়াত লৰাৰ বড় উন্নত প্ৰভাৱ হইছিল। লাহে লাহে লৰাটীক বিয়া কৰাই দিবৰ সময় হােৱাত; ধৰ্মপাল নামেৰে এজন মানুহৰ সুধৰ্ম্মা নামেৰে এজনী ছোৱালীক সত্যবানলৈ বিয়া কৰাবৰ ঠিক কৰি ৰঘুনাথে বিয়া পাতিলে।

 তেঁও বিলাকৰ অবস্থা অনুসাৰে বিবাহৰ আয়ােজন হল। শুভ দিনত সত্যবানে বিয়া কৰাই ভাৰ্যাক ঘৰলৈ আনিলে। পুতেক বােৱাৰিএকৰ আনন্দ দেখি, ভালে দিনৰ মুৰত, ৰঘুনাথে সংসাৰৰ হাত এড়ি ঈশ্বৰৰ ঠাইলৈ গল।

 সত্যবানে পিতাৰ শ্ৰাদ্ধাদি কাৰ্য্য যথানিয়মে সমাপন কৰিলে। তেঁওও পিতাকৰ দৰে বেপাৰ চলাইছিল তেঁওবিলাকৰ ভাৰ্য্যা স্বামী দুইৰো প্ৰীতি আছিল। সুধৰ্মা আৰু সত্যবানৰ স্বভাব পবিত্ৰ আছিল। ঈশ্বৰলৈ বড় ভয় কৰিছিল। মনত ধৰ্ম্মভাব জাগ্ৰত আছিল। দেৱতাপূজা, গুৰুজন আৰু [2] অতিথি সুশ্ৰুসা কৰা তেঁওবিলাকৰ বড় ভক্তিৰ কাৰ্য্য আছিল। সত, কাৰ্য্যলৈ তেঁওবিলাকৰ বড় মন আছিল। [  ] আৰু অসৎ কাৰ্য্যলৈ ঘৃণা অছিল। সত্যবানে সৰূৰে পৰা ভালকৈ লেখাপঢ়া শিক্ষা কৰাৰ দ্বাৰাই তেঁওৰ ভাল বেয়া বিবেচনা শক্তি হইছিল। শিক্ষাৰ গুণত সকলাে প্ৰকাৰৰ গুণবিলাক তেঁওৰ শৰীৰৰ ভূষণ স্বৰূপ আছিল। তেঁও গাঁওৰ উপকাৰৰ নিমিত্তে বড় যত্ন কৰে। তেঁও বিনামাসুলে ঘৰতে ইস্কুল পাতি দুখীয়া লৰাবিলাকক পঢ়াইছিল। তেঁওৰ পৰা গাওৰ দুখীয়া মানুহে অলপ অলপ সাহায্য পাইছিল। তেঁওৰ সজ আচৰণত গাঁওৰ মানুহে তেঁওক বড় ভাল পাই মৰম কৰিছিল।

 সুধৰ্ম্মাই পিতাকৰ ঘৰত সৰুৰে পৰা লেখাপঢ়া শিকিছিল। স্বামিৰ ঘৰত সত্যবানে শিক্ষা দিয়াত হেলা কৰা নাছিল। তেঁওবিলাকে অন্যায় বা আলাগতীয়া কথাবাৰ্তা কই সময় নেখেদাইছিল। কেবল ধৰ্ম্মৰ বিষয় আনৰ উপকাৰৰ বিষয় আৰু আপােনাৰ ঘৰৰ উন্নতিৰ বিষয় আলচ কৰে। সুধৰ্মা গৃহস্থিৰ কাৰ্যত বড় কাৰ্যদক্ষা আছিল। তেঁওৰ পৰা ঘৰৰ আৰু গাঁওৰ মানুহে সন্তোষত বাহিৰে কেতিয়াও বেজাৰ নেপাইছিল। দুখী, ভুখী, অতিথি, অভ্যাগতলৈ তেঁওৰ বৰ মৰম আছিল। তেঁও সতী, সাধ্বী, পতিব্ৰতা আছিল। স্বামিলৈ বড় ভক্তি। আপােনাৰ প্ৰাণতকৈও স্বামিক অধিক মানিছিল। সত্যবানেও তেঁওক প্ৰাণতকৈ অধিক মানিছিল। হায় ! ঈশ্বৰৰ কি ইচ্ছা,তেঁওবিলাকৰ কি দুৰ্দশা, এনে সুখেৰে থকা মানুহবিলাক এতিয়া বিপদত পড়ি অনেক কাললৈ বিচ্ছেদা বিচ্ছেদী হবৰ দিন হল।

 [৩] সেই দেশতে এজন ভদ্ৰলােকৰ মাধবচন্দ্ৰ নামেৰে এটা লৰা আছিল। তেঁওৰ ঘৈনীএকৰ নাম লীলাবতী। মাধবচন্দ্ৰ আৰু লীলাবতীৰ স্বভাব বড় ভাল আছিল। মাধবচন্দ্ৰেৰে সত্যবানৰে সমান [  ] বয়স। আৰু সৰুৰে পৰা একে ইস্কুলতে পঢ়িছিল। তেঁওবিলাক দুইৰো বড় প্ৰীতি, আৰু তেঁওবিলাকৰ পিতা উৰুৰাে বড় মিল আছিল। মাধবে সত্যবানে সখা কৰিছিল। সুধৰ্মাৰ লীলাবতী সখী আছিল। সিবিলাকৰ মাজত বড় আত্মীয়তা আছিল।

 মাধচন্দ্ৰে সত্যবানে সইতে দুইও ভগৰীয়া হই বেপাৰ চলাইছিল। সিবিলাকে বিবেচনা কৰিলে যে কেবল আপােনাৰ দেশতে এইদৰে বেপাৰ কৰিলে বিশেষ লাভ নাই। যদি আন ঠাইত কাৰবাৰ কৰা যায়, কিছু লাভ হব পাৰে, এতেকে আন ঠাইত কাৰবাৰ কৰিবলৈ যাবৰ স্থিৰ কৰিলে।

 এদিন গধুলি সত্যবানে সুধৰ্ম্মাৰ আগত কলে, প্ৰিয়ে, আমি এই দেশত যি বেপাৰ চলাইছাে তাত বড় লাভ নাই। আন আন দেশৰ পৰা বস্তু আনিলে, ইয়াৰ বস্তু আন ঠাইলৈ নিলে বিশেষ লাভ হবৰ আশা। এতেকে সখা মাধচন্দ্ৰে সইতে ময় আন দেশলৈ যাবৰ মন কৰিছাে। তুমি কিছুদিনৰ নিমিত্তে, মােৰে সইতে অন্তৰ হই অকলে থাকিব লগা হলা। সেইকথা শুনি সুধৰ্ম্মাই কলে, নাথ, মােক সন্তান নৌহওঁতেই যদি এবাৰ দেশ বিলাক দেখুৱাই আনিলে হেঁতেন, তেনেহলে ৰঙ্গ পালাে হেঁতেন। ময় গলে লীলাবতী সখীও যাব। মােক নিয়াৰ পৰা আপােনাৰ অনেক অসুখ আৰু অসুবিধা হব হয়, সেই অসুখ সহি অনুগ্ৰহকৈ অধিনীক লৈ গলে, নানা দেশ দেখি [৪] চকুৰ সাৰ্থক হয়। আপােনাৰ লগতে দেশ চাই ফুৰা মােৰ বড় ভাগ্য, এতেকে মােকো লই যাওক।

 পিছদিনা সত্যবানে মাধবচন্দ্ৰে সইতে, সুধৰ্ম্মা আৰু লীলাবতীক লই যােৱাৰ বিষয়ে পৰামৰ্শ কৰি তেঁও বিলাককে নিবৰ স্থিৰ [  ] কৰিলে। দিন বাৰ চাই এদিন তেঁও বিলাক অনেক মানুহ আৰু বেপাৰৰ বস্তু লই বিদেশলৈ যাত্ৰা কৰিলে।

 সুধৰ্ম্মা গাভৰু ছােৱালী বয়স কোমল আৰু উন্নত মন উজ্জ্বল, তাতে প্ৰিয় স্বামিৰ লগত গই নানা দেশ আৰু ঠাইৰ শােভা দেখি গইছে, লগত তেঁওৰ বড় স্নেহৰ সখী লীলাও গইছে, এতেকে তেঁও আনন্দতে কেবল মগ্ন আছিল। সত্যবান উৰু বাটত যাওতে ঠাইএ ঠাইএ বেপাৰ কৰিবলৈ উঠে। সুধৰ্ম্মাই যি ঠাইত যি বস্তু বা বিষয় দেখা পাই তাৰ কথা সুধি বুজি লয়। বাটত বড় দুখীয়া দৰিদ্ৰ মগনীয়া দেখিলে অলপ দিয়ে। এদিন সিবিলাকৰ নাও, এখান গাঁওৰ গুৰিৰ ঘাটত বান্ধিছে। সুধৰ্ম্মা অৰু লীলা বামত উঠি ইফাল সিফাল কৰিছে। এনেতে এজনী মানুহ জিৰলি জিৰলি ফুটা কানি পিন্ধি এটা মাটীৰ কলহ লই ঘাটলৈ আহিছে। তেঁওবিলাকে তাই ফালে চাই থাকি মাত লগালে, বােলে হেৰা আয়, তুমি আগকে পৰা এই গাঁওতে থকা মানুহনে, আন ঠাইৰ পৰা অলপতে ইয়ালৈ আহিছা? তাই কলে আয়, কিয়নাে সুধিছে, ময় ইয়াৰ মানুহ নহও। ময় কমল পুৰৰ মানুহ অলপ দিনৰ পৰাহে ইয়াত আছোঁ।

 যি দেশত সুধৰ্ম্মা উপজিছিল, তাইও সেই দেশৰ। সুধৰ্ম্মাই মাকৰ ঘৰত থকাত তাইক দেখা পাইছিল। চিনা জনা [৫] আছিল। তেঁও যি কালত দেখে, তাই তেতিয়া এজন বড় ধনী, উকীলৰ তিৰুতা আছিল। তেতিয়া তাই বড় আবুৰত আছিল। তাইৰ গাত অনেক বহুমূল্য অলঙ্কাৰ, ঘৰত বহুত বেটী বন্দী, বড় ভাল ভাল ঘৰ আছিল। গিৰিএকৰাে তাই আদৰৰ আছিল।

 তেওঁবিলাকে তাইক চিনি পােৱা যেন ভাবে সুধিলে, বােলে তুমি [  ] কমলাকান্ত উকীলৰ ঘৈনী হােৱানে? মােক চিনি পাইছানে? মােৰ নাম সুধৰ্ম্মা। এও লীলাবতী। সেই মানুহ জনীএ বড় লাজেৰে আৰু শােকেৰ কলে, আইটী, ময় তােমালােকক এতিয়া চিনি পাইছোঁ। ময় সেই হতভাগিনী উকীলনী। মােৰ এতিয়া এই দশা হইছে। সিবিলাকে আচৰিত হই সুধিলে, হায় ২ বায়, তােমাৰ এনে দশা কেনেকেই হল। তােমাৰ স্বামী কত আছে ? তাই সেই কথাৰ তেতিয়াই উত্তৰ দিব নােৱাৰিলে। অতি শােকেৰে কান্দিবলৈ ধৰিলে। ভালেখিনি বেলিৰ মুৰত স্থিৰ হৈ কবলৈ ধৰিলে। আইটী হত। মােৰ কথা কি সােধা ময় মহাপাপিনী, মােক স্বামীৰ শাপে এনে কৰিছে। ময় তেঁওৰ বড় মৰমৰ আছিলোঁ। তেঁওৰ নিৰ্ম্মল প্ৰেমত সুখ নেপাই, অসজ কৰ্ম্মত মন দি তেঁওৰ মনৰ পৰা আঁতৰ হলোঁ। ময় আপােনাৰ বেয়া কথা কবলৈ লাজ নেপাও। মােৰ বেয়া স্বভাৱ দেখি তেঁও মােক আইৰ ঘৰলৈ পঠিয়াই দিলে। ময় তাত কিছুদিন থাকি সুখ নেপাই এটা মানুহৰ লগত পলাই আহিলো সেই মানুহটোএও কিছুদিনৰ মুৰত খেদি দিলে। তাৰ পাছত টান নৰিয়া পড়িলোঁ। খাবলৈ দিও নাই, খুজি মাগি কোনােমতে খাই আছে আৰু [৬] দুষ্কৰ্ম্মৰ ফল ভুগিছো। এই বুলি বড়কৈ কান্দিলে। সুধৰ্ম্মাই তাইক পয়সা গােটা চেৰেক আৰু কাপড় এখান দিলে। গধুলি হলত তাই তাইৰ থকা ঠাইলৈ গল। তেঁও বিলাকে তাইৰ স্বভাবৰ কথা শুনি বড় ঘিন কৰিলে। কিন্তু অবস্থা দেখি বেয়া পালে।

 সত্যবান উৰুৰ নাও, কেইবা খানাে দেশ এড়ি আহিছে। দুৰ্দ্দশাৰ সময় বিপদ ঘটে। এদিন তেঁওবিলাকৰ নাও গধুলি সময়ত সি পাৰলৈ খেৱা দিয়াত মাজ পাওতেই বড় ধুমুহা বতাহে পাই কৰবাৰ নাও [ ১০ ] কৰবালৈ নি বুৰালে। সকলাে বিলাক মানুহ পালত পড়িল। কৰ মানুহ কলৈ গল তাৰ একো ঠিক নােহােৱা হল। আহা! সিবিলাকৰ সেই ঠাইতে বিচ্ছেদ ঘটিল। সত্যবান এডােখৰ কাঠত ধৰি উটি গই পুৱা সময় এখান গাঁওৰ ওচৰত উঠিল। ৰদ দিলত ৰদত থাকোতে ২গালৈ তত আহিলত পানীৰ গুৰি গুৰিএ সুধৰ্ম্মা আৰু লগৰ আন মানুহক বিচাৰি ফুৰিছে। দিনৰ দিনটো বিচাৰি নাপাই গধূলি সময় আলিৰ গুৰিৰ এজোপা গছৰ তলত বহি চিন্তা কৰিবলৈ ধৰিলে। হায় ২ প্ৰেয়সীৰ কি অৱস্থা হল। কি জানি প্ৰিয়াই পানীত পড়ি জীবনকে ত্যজিলে। এইদৰে নানা চিন্তা কৰি সুধৰ্ম্মাক নেপাই শােকতে অস্থিৰ হল। ইপােনে পেটত একো আহাৰ নাই, পানীত পড়ি শৰীৰ শীতাৰ্ত্ত হইছে। তাতে গধুলিৰ হিমে তেঁওক ঠেৰেঙ্গা কৰিলে। সি ফালৰ পৰা দুজন ভদ্ৰলােক গধুলি সময় ফুৰিবলৈ আহি তেঁওক গছৰ তলত পড়ি থকা দেখি ওচৰ চাপি আহি কথা সােধাত জানিব পাৰিলে যে তেঁওৰ জ্ঞান নাই। দুইও দুইতে কলে যে [৭] এই মানুহটীকা দেখাত ভাল মানুহ যেন বােধ হয়। পানীত পড়ি এনে গতি হইছে। এতেকে এওক ঘৰলৈ নিয়া যাওক। এই বুলি এজনে মানুহ মাতি আনি সত্যবানক ঘৰলৈ নি অনেক যত্ন কৰাত ভালেমান ৰাতিত তেঁও জ্ঞান পালে। জ্ঞান পাই আকৌ প্ৰাণসম ভাৰ্যালৈ স্মৰণ কৰি খেদ কৰিবলৈ ধৰিলে।

 সেই ভদ্ৰলােক দুজনে, তেঁওৰ কেনেকেই কি হল সকলাে সুধিলে আৰু তেঁওক খেদ কৰা দেখি কলে, আপুনি দুখ এড়ক কেনেকেই গা ভাল হয় তাৰ যত্ন কৰক। এতিয়া খাই বই শুই থাওক পুৱা বিচৰা

যাব। উপায়হীন সত্যবানৰ মন কেৱল অস্থিৰ হই তাতে ৰাতি থাকিল। [ ১১ ]
 
দ্বিতীয় অধ্যায়।

 ইফালে সুধৰ্ম্মা ভেল ওপােঙ্গা দি দি আহি এজোপা জাঁজিত লাগিল। ৰাতিপুৱা সিফালৰ পৰা এযােড়া নাৱৰীয়া মানুহ আহি তেঁওক দেখা পাই প্ৰথমে মৰা মানুহ যেন দেখিলে। পিছে তাৰে বুঢ়া মানুহ এটাই কলে, লৰাহত অ! এই মানুহজনী মৰা নাই হবলা, কালিৰ ধুমুহাই পাই এনে কৰিছে যেন পাও। তহঁতে জুই ধৰি সেকি চা চোন। সিহঁতে সেই বুঢ়াৰ কথাতে তেঁওক তুলি আনি জুই ধৰি সেঁকাত, তেঁওৰ গালৈ তত আছিল। জ্ঞান পালত বুঢ়া মানুহটীএ সুধিলে; আইটা তুমি কেনেকেই পানীত পড়িছিলা? তােমাৰ কোন আছে? [৮] কত ঘৰ ? তেঁও সকলাে কথা কলে আৰু তেঁওৰ প্ৰিয় স্বামীৰ মৃত্যু শঙ্কায় শােকতে অস্থিৰ হই কান্দিবলৈ ধৰিলে। আৰু কলে দেৱ সকল, মােক কিয় পানীৰ পৰা তুলিলা হঁক ? ময় তাতে মৰা হলেও, ভাল আছিল। মােৰ স্বামী পানীত পড়ি কি জানি কি হল, ময়, জীয়াই থাকি কি কৰিম। এইদৰে কান্দি কান্দি পাগলীৰ দৰে হই আকৌ পানীত পড়িবলৈ যাব ধৰাত, সেই বুঢ়া মানুহটিএ ধৰি বহুৱাই সাবলৈ ধৰিলে। আইটী ! নাকান্দিবা, তােমাৰ স্বামীও এইদৰে কত বাত ৰক্ষা পাইছে। এতিয়া তেঁওক পাবৰ কাৰণে ঈশ্বৰক প্ৰাৰ্থনা কৰি, আমাৰ নাৱত উঠা। আমি তােমাক এই নিৰ্জন ঠাইত এড়ি যাব নােৱাৰাে, লই গই এখান গাওৱত নমাই দিম বা তােমাৰ দেশত, তুলি দিম। সুধৰ্ম্মাই সেই কথাতে ধৈৰ্য্য ধৰি সেই নাওৱতে উঠি.. গল। সত্যবানক দেখা পাম পাম বুলি পানীৰ দুই দাতিএ চাই চাই গইছে। দুৰ্ভাগী সুধৰ্ম্মাই কতাে দেখা নাপালে। [ ১২ ]  কেইবা দিনৰ মুৰত এদিন সকলো নাৱৰীয়া বামত ভাত খাবলৈ উঠিছে। শুধৰ্ম্মাও উঠি পানীৰ গুৰিত বহি চিন্তা কৰি আছে, এনেতে আৰু এখান নাও আহি সেই ঠাইতে চাপিল হি। সেই নাওৱৰো মানুহ বামলৈ উঠিছে। তাৰ মাজতে সুধৰ্ম্মাই তেঁওৰ সখী লীলাবতীক দেখা পাই লড়ি গই ডিঙ্গিত ধৰি সুধিলে। প্ৰাণৰ সখি! তুমি কেনেকেই ৰক্ষা পালা? মােৰ প্ৰাণনাথ কেনে আছে, কি হইছে, তুমি কি জানা? হা সখি! প্ৰাণনাথ ভালে আছেনে? তােমাৰ স্বামীৰ কি অবস্থা? হে ঈশ্বৰ ! মােৰ প্ৰিয় বন্ধুক ভালে ৰাখিছা নে? এই বুলি বড় চীৎকাৰকৈ কান্দিবলৈ ধৰিলে। লীলাবতী একেই স্বামী [৯] শােকতে অস্থিৰ তাতে সখীএকৰ এনে অবস্থা দেখি তেঁওও বড়কৈ কান্দিবলৈ ধৰিলে। ভালেমান বেলিৰ মুৰত দুইও স্থিৰ হই দুইৰৰ কথা দুইকো জনালে। লীলাকো সেই মানুহে পানীৰ গুৰিত পাই লই আহিল পিছে যি নাওতে সুধৰ্ম্মা আহিছে, সেই নাওতে লীলাও উঠি গল।

 নাৱৰীয়া বিলাকে আপােনাৰ দেশ পাই তেঁও বিলাকত সুধিলে, আইটী হঁত! এতিয়া আমাৰ দেশ পালো, তােমালােক কত উঠিবা? যদি থাকা আমাৰ ইয়াতে থাকা। যদি তােমালােকৰ দেশলৈ যাব খোজা উভতি যাওতে লই গই তুলি দিম। সিবিলাকে কলে বােলে আমাৰ স্বামীৰ বাৰ্তা নােপােৱাকৈ আমি কি দেশলৈ যাম। তেঁও বিলাককে বিচাৰি যতে পাও ততে মৰিম গৈ। সিহঁতে কলে বােলে সদ্যঃ আমাৰ ঘৰলৈকে বলা। এই কথাতে তেঁওলোেক দুইও সেই বুঢ়া মানুহটীৰ ঘৰলৈ গল।

 তেঁওবিলাক দুইও মনৰ ভ্ৰান্তিতে দিনৌ পুৱা গধূলি পানীৰ গুৰিত [ ১৩ ] স্বামীক বিচাৰে আৰু বহি কান্দে। এদিন সেইদৰে কান্দি থাকোতেই সেই গাঁওৱৰে এজন ধনী ভদ্রলােকে দেখি কলে। হে সুন্দৰি দুই ! তােমালােকে ইয়াত বহি কিয় কান্দিছা ? তেঁওবিলাকে সৰল ভাৱেৰে কলে। ডাঙ্গাৰিয়া দেও ! আমি স্বামীহীনা দুঃখিনী, স্বামীৰ বিয়ােগত কাতৰ হই কান্দিছোঁ। তেঁও বিলাকৰ মুখে সকলাে কথা শুনি ভদ্রলােকটীএ অন্তৰে গৰল বাহিৰে মিঠা দেখুৱাই কলে বােলে তােমালােকৰ দুখ দেখি মােৰ বড় দুখ জন্মিছে। ময় এই গাওৱৰ এজন প্রধান মানুহ। মােৰ অনেক ধন আৰু মানুহ [১০] আছে। ময় ধন খৰচ কৰি মানুহ পঠাই নানা অনুসন্ধান কৰি মালােকৰ স্বামীৰ বাৰ্ত্তা অনাব পাৰিম, এতেকে তােমালােক মােৰ ঘৰলৈ বলা।

 সেঁওবিলাকে সেই কথাত আশ্বাস পাই কলে, ডাঙ্গৰিয়া দেও! আমি অপোনাক চিনি জানি নাপাও, অপোনাৰ ঘৰলৈ কেনেকৈ যাম। অনুগ্রহ হলে যতে থাকো ততে থাকিলেও কৃপা কৰিব পাৰে। সিবিলাকক কোনােমতে ভুলাই নিব নােৱাৰি, তেঁও বিলাক কাৰ ঘৰত সোমাল পিছে পিছে গই চাই ললে । পিছে সেই মানুহ ঘৰৰে এটা কানিয়া মানুহক ধন খুৱাই, সুধৰ্ম্মা হঁতক তাৰ ঘৰলৈ ভুলাই চকাই বৰ কাৰণে খাটনি ধৰিলে। সদাই পুৱা গধুলি তালৈ আহি তেঁওবিলাকত, বিশেষকৈ সুধৰ্ম্মাক, তেঁও মৰমৰ কথা কয়। এদিন সুধৰ্মাক অকলে পাই কলে। সুন্দৰি ! তােমার স্বামী জীয়াই থকা হলে ইমান দিনে পালা হেতেন ; এতেকে অকাৰণত তেঁওলৈ খেদ কৰি তােমাৰ সুবৰ্ণ অঙ্গক ক্ষয় কৰা কিয়? মােৰ ঘৰলৈ বলা মােৰ গৃহলক্ষ্মী হই সুখে কাল নিওয়া মই তােমাত যথা সর্বস্ব আৰু প্ৰাণ সমৰ্পণ কৰিম। [ ১৪ ] এই বুলি তেঁওৰ ৰূপ গুণ আৰু ধনৰ ব্যাখ্যা কৰিবলৈ ধৰিলে। সুধৰ্ম্মাই সেই কথাত বড় বেজাৰেৰে কলে, পিতা! ময় আপােনাৰ জীয়াৰি মােক আৰু এনে কথা নকব। আশীর্বাদ কৰক যেন মােৰ প্রিয় স্বামীক পুনৰায় পাও। যদিহে তেঁওক নাপাও তেন্তে তেঁও যি প্রবাহিনীত লয় পালে ময়ও তাতে প্রাণ ত্যজিম। সেই কানিয়া মানুহটোএ ধন খাবলৈ পাই নানা ৰকমে তেঁও বিলাকক কথা দেখুৱায়। কেতিয়াবা আকৌ [১১] বলেৰেই ধৰি দিম এনে ভয়ও দেখুৱায়। সুধৰ্মাই লীলত কলে সখি ! আমি ইয়াত থকা উচিত নহয়। শেষত কিজানি কি ঘটে, সেই পাষণ্ড মানুহ টোএ আমাৰ সতীত্ব নষ্ট কৰাৰ উপায় চিন্তিছে। আমি ইমানতে ইয়াৰ পৰা পলাই যাও বলা।

 এদিন ৰাতি মনে মনে দুইও পলাই গল। ৰাতি সেই গাঁওৱৰ বাহিৰে এখান অতিথি থকা ঘৰৰ বাহিৰা পিৰালিতে পড়ি থাকি, ৰাতি নৌ পুৱাও তেই তাৰ পৰা উঠি গল। দিনটো গই, গধুলি সময়, মানুহৰ সমাগম নােহােৱা নিৰ্জ্জনত এজোপা বড় অশ্বথ গছ পালে। বড় ভাগৰ লাগি সেই গছৰ তলতে দুইও বহিল। স্বামী শােকত কাতৰা তাতে পেটত আহাৰ নাই দিনটো খোজ কাঢ়িছে, অনেক দুখত ক্লান্ত হই সুধৰ্ম্মাই অনেক বিলাপ কৰি কৰি অশ্বথক সম্বােধন কৰি কলে। হে অশ্বথ! ময় যেনেকেই বড় ভাগৰেৰে আহি তােমাৰ গুৰিত বহিছোঁহি, মােৰ জীবনসৰ্বস্ব স্বামীও পানীৰ পৰা উঠি মোক বিচাৰি ভাগৰ লাগি তােমাৰ ছায়াত বহি শ্রান্তি দূৰ কৰিছিল নে? আৰু তুমি বড় ওখ বহুত দূৰৈলৈকে দেখা। প্রাণনাথ কোন বাটে গইছে মােক দেখুৱাই দিয়া। অচেতন অশ্বথৰ পৰা একো উত্তৰ [ ১৫ ] নাপাই বিহ্বলা হই তাৰ পৰা উঠি গল। এখন বড় হাবি পালে। হাবিক সম্বােধন কৰি কলে, হে অৰণ্য! মােৰ প্ৰাণাধিক স্বামীক দেখা পাইছিলা নে? অৰণ্যে কি উত্তৰ দিব? তেঁও কাৰৰ পৰা উত্তৰ নাপাই কান্দি কান্দি লীলাত কলে, সখি ? মােক দুঃখিনী দেখি মােৰ কথাৰ কোনেও উত্তৰ নিদিয়ে। হায়! ময় নিশ্চয় জানিলোঁ প্ৰিয়তম [১২] সেই নদীতে লয় পালে। ময়ও পুনৰাই সেই নদীতে ঝাঁপ দি প্ৰাণনাথৰ গুৰিলৈ যাও।

 লীলাবতীৰ গাত কিছু ধৈৰ্য্য গুণ আৰু বিবেচনা শক্তি আছিল। তেঁও সুধৰ্ম্মাৰ সমান পাগলী হােৱা নাছিল। তেঁওৰ মন অলপ ডাঠে খাই ফুৰিছে। সুধৰ্ম্মাক অনেক প্ৰকাৰ প্ৰবােধ দি কইছে। সখি! তুমি একেবাৰেই পাগলী হলা আপদ কালত ধৈৰ্য্যহে উপায় আৰু ঔষধ। অশ্বথ আৰু হাবিৰ কিবা কথাৰ উত্তৰ দিব পৰা ক্ষমতা আছে নে? সখি ! ধৈৰ্য্য ধৰা। ঈশ্বৰে আমাক একেবাৰে বাটৰ মাগনী কৰিব নেপায়। যতদিন জীয়াই থাকোঁ ততদিন বিচাৰি ফুৰিম। তেওঁবিলাককে আৰাধনা কৰি জীবনৰ শেষ ভাগ ক্ষয় কৰিম।

 সেইদিনা ৰাতি তাতে এজোপা গছৰ তলত দুইও পড়ি থাকিল। পিছ দিনা পুৱা তাৰ পৰা গল। তেঁওবিলাকে এইদৰে অনেক দিন হাবিএ বনে ফুৰিছে। কল, কুহিয়াৰ, গছৰ গুটি, এনেকুয়া পালে খায়। ৰাতি যতে পায় .ততে পড়ি থাকে। কেবল সন্ন্যাসিনীৰ বেশেৰে ফুৰিছে। এদিন হাবিৰ মাজে মাজে আহি আছে, এনেতে সিফালৰ পৰা এটা ব্যাধে চৰাই গুলিয়াবলৈ আহি তেঁওবিলাকক দেখা পালে। ব্যাধে তেঁওবিলাকক দেখি দুষ্ট ইন্দ্ৰিয়ৰ বশ হই তেঁওবিলাকৰ সতীত্ব নষ্ট কৰিবৰ চেষ্টা কৰিছে। তেঁওবিলাকে একো উপায় নাপাই, কেবল [ ১৬ ] একান্ত ভাৱে ঈশ্বৰক চিন্তা কৰিবলৈ ধৰিলে। আৰু বড়কৈ চিঁয়ৰি কাতৰ সুৰেৰে কলে, হে বনদেবতা! আমি স্বামীৰ শােক কাতৰ হই বনে বনে ফুৰিছো কাকো একো অপকাৰ কৰা নাই, এনে অৱস্থাত আমাক এই [১৩] দুৰন্ত ব্যাধে কিয় অকাৰণত বিৰক্তি দিছে। আপােনা সকলে এই অনাথা দুইক ৰক্ষা কৰক। ত্ৰাহি ঈশ্বৰ। ত্ৰাহি মধুসূদন।

 এই হাবিৰ ওচৰতে এখন শিবদেবালয় আছে। সেই দেবালয়তে এজনা বৃদ্ধ মুনি বাস কৰে। সেই মুনি ফল ফুল বিচাৰি সেই ফাললৈকে আহোঁতে, সুধৰ্ম্মা আৰু লীলাৰ আৰ্তনাদ শুনি নিৰ্ভয় দি বেগাই সেইফালে আহিল। ব্যাধৰ অত্যাচাৰ দেখি তপস্বী জনাৰ বড় খঙ্গ উঠি ব্যাধক কলে, পাষণ্ড! পশু ! তয় এই ঘােৰ অৰণ্যৰ মাজত পাই সহায়হীনা তিৰােতা দুটিীক নষ্ট কৰিব খুজিছ? কিন্তু দেখ “ধৰ্ম্মস্য সূক্ষ্মাগতিঃ” ঈশ্বৰৰ কৃপাদৃষ্টি থকাত তয় কি কৰিব পাৰ? এতিয়া ইয়াৰ পৰা গুছি যা নহলে প্ৰতিফল পাবি। মুনিৰ খঙ্গ দেখি হীন জাতি ব্যাধে ভয় পাই আঁতৰি গল। মুনিএ, তেঁওবিলাক কিয় সেইদৰে ফুৰিছে, কি কথা, সকলে সুধি বড় দুখিত হৈ কলে, বাছা তােমালােক এইদৰে ফুৰাত কি গুণ হব, বৰঞ্চ কেতিয়াবা আকৌ ভয় পাবলৈহে আছে। ইয়াৰ পৰা অলপ আঁতৰতে এখন আশ্ৰম আছে। তাত বহুত তিৰােতা মানুহ আছে। এজনা বৃদ্ধা তাপসীএ সেই তিৰােতা বিলাকৰ ওপৰত গৰাকি হই আছে। তেঁওৰ বৰ ভাল স্বভাব, তেঁও বড় জ্ঞানবতী আৰু মৰমিয়াল। তেঁও সদায় তিৰােতা আৰু ছােৱালী বিলাকক সঙ্গ উপদেশ আৰু ধৰ্ম্মশিক্ষা দিয়ে। তাত অনেক অসহায় তিৰতা আৰু ছােৱালী আছে। মােৰ মনেৰে [ ১৭ ] তােমালােকে তাত থাকিলে বড় ভাল। তাত কোনাে ভয় নাই। ভালেৰে থাকি ঈশ্বৰক আৰাধনা কৰিব পাৰিবা। “ধৰ্ম্মত থাকয় যিতাে নিচিন্তয় আন। যেনে তেনে ৰূপে তাৰ হােৱয় [১৪] কল্যাণ।” সেই স্বামীকে চিন্তি মনত ধৰ্ম্মভাব ৰাখিবা, অবশ্যে তােমালােক কল্যাণ হব।

 মুনিৰ কথাকে স্থিৰ মানি তেঁওবিলাক তেঁওৰ লগতে সেই আশ্ৰমলৈ গল। মুনিএ বৃদ্ধা তাপসীৰ আগত তেঁওবিলাকৰ সকলাে কথা জনাই তেঁওবিলাকক গতাই দিলে। তাপসীএ তেঁওবিলাকৰ কথা শুনি বড় দুখেৰে কলে, আই হঁত! তহঁত মােৰ ইয়াতে থাক। ময় বড় মৰম কৰিম। মোৰ ইয়াত বহুত ছােৱালী আছে, সিহঁতে সইতে ৰঙ্গ ধেমালিৰে থাকিব পাৰিবি, আৰু তহঁতৰ গিৰিএৰ হঁতৰাে ময় বিচাৰ কৰোঁ। তাপসীয়ে তেওৰ তােলনীয়া ছােৱালী বিলাকৰ গুৰিলৈ তেঁওবিলাকক লই গই তেঁওবিলাকক গতাই দি কলে, এই ছােৱালী দুটীক তােমালােকক গতালোঁ। ইহঁত বড় দুখিনী, যাতে ইহঁতে কোনাে বিষয়ত দুখ নাপায় এনেকৈ ৰাখিবাহঁক। আজিৰ পৰা ইহঁতত তােমালােকৰ লগৰে ভনীয় হল। সুধৰ্ম্মা আৰু নীলাইও তেঁওবিলাককে বাই ভনী যেন দেখি সিবিলাকে সইতে মিলেৰে আছে।

 এদিন সুধৰ্ম্ম উৰু এটাই বিলাক ঘাটত গাধুবলৈ গইছে, এনে সময়তে সি পাৰে পানীৰ গুৰিত বহি এজনী অলপ বয়সীয়া তিৰােতাই কান্দিব লাগিছে। তেঁও বিলাকে ইপাৰৰ পৰা সুধিলে হেৰা। তুমি কিয় কান্দিছা, কি হইছে? তুমিননা কত থাকা? দুঃখিনীয়ে উত্তৰ দিলে। বাইহঁত মােৰ কথানে কি সােধা? কলে জানাে [ ১৮ ] পতিয়াবা হঁক। তেঁও বিলাকে কলে বােলে নহয় কোৱা চোন। তাই কলে বােলে ইয়াৰ পৰাননা সৰহ কথা কি কম মােৰ স্বামী মােৰ চকুত কাপড় [১৫] বান্ধি আনি ৰাতি হাবিৰ মাঝত এড়ি গল। ময় গাঁওৱলৈ যাবলৈকো বাট চিনি নাপাও এই পােনে আহি আহি পানী পালােহি কলৈকো যাবৰ একো উপায় নাপাই অনাথ হই কান্দিছোঁ, যদি মােক পাৰকৈ নিব পাৰা বড় ধৰ্ম্ম পাবা।

 নদী সৰু, তেঁওবিলাকে কাৰবাৰ কৰি তাইক পাৰ কৰি আনি কলে বােলে, তুমিনাে এতিয়া কলৈ যাবা, ইয়াত কাৰৰ ঘৰ নাই, কেবল আমাৰহে ঘৰ আছে। এই ঠাই মানুহৰ গাঁও নহয়। এতেকে আমাৰ তালৈকে নিও বলা। সকলাে বিলাকে গা ধুই আশ্ৰমলৈ আহি বুঢ়া জনাত কলে। আয় ! এই মানুহ জনা সিপাৰে বহি কান্দি আছিল। তেঁওৰ গিৰিএকে বােলে ৰাতি হাবিত থই গল, আমি পাৰকৈ আনিছো। বুঢ়া জনাই, তেঁওক গিৰিএকে হাবিত এৰাৰ কথা শুনি দুশ্চৰিত্ৰা বুলি মনতে সংশয় কৰি কলে। আইটী তোকনো কিয় হাবিত এৰিলে? তাই বড় লাজ আৰু দুখেৰে কলে, আয়! মােৰ কপালৰ কথানে কি সােধে, ময়এই বেয়া নহলে নো কিয় বনবাসিনী হম। বুঢ়া জনাই সুধিলে বাৰু তােমাৰ সকলাে বিলাক কথা আমাৰ আগত কোৱাচোন। তেঁও কবলৈ ধৰিলে।

আয়! ময় অভয় পুৰৰ হৰিমােণ বড়ুৱাৰ, বােৱাৰী মােৰ স্বামীৰ নাম শ্ৰীযুত মনমােহণ বড়ুৱা, মোৰ নাম মনােৰমা। স্বামীৰ দোষ কেতিয়াও আনৰ আগত কব নাপায় বুলি শাস্ত্ৰে নিষেধ কৰিছে। এনেত মই কেনেকৈ কও, তথাপি অল্প কবলৈ বাধ্য হলোঁ। মোৰ স্বামীক সৰুৰে পৰা শাহু শহুৰে বড় যত্নেৰে লেখাপঢ়া শিকাৰ [ ১৯ ] নােৱাৰিলে, বৰঞ্চ — হে ঈশ্বৰ! [১৬] ক্ষমা দিব — ডাঙ্গৰ হই অনেক অকৰ্ম্ম কৰি ঘৰৰ যথাসৰ্বশ্ব নষ্ট কৰিলে। শেষত দুৰ্দ্দশাৰ ফলে তেঁও বন্দীশালত পড়িল। শাহু শহুৰ সেই সময়তে ঢুকাল। ময় কটনা বচনা কাটি কোনােমতে খাই আছিলোঁ। কাপড় বই বেচি বেচি হাতত কেইটকামান ৰুপ হইছিল, ফাটকৰ পৰা আহিলত সেইদৰেই কটনা কাটিএই কিছুদিন দুইও খাই আছিলোঁ। আয়! কি কম অভাগীৰ কপালে স্বামীৰ মন সিমানতো ভাল নহল আকৌ সেইদৰে ফুৰে। মােৰ হাতৰ ৰুপ কেটকা কাঢ়ি নি খৰচ কৰিলে। সদাই মাৰি ধৰি হাই কৰি থাকে। কিন্তু সেই বিলাক কথাত ময় একো নকও, কেবল কেনেকৈননা তেঁও ভাল হব তাকেহে চিন্তো।

মােৰ সখী এজনা সেই গাঁওৱৰ পৰা দুই মাইল মানত আছিল। তেঁওৰে সইতে মােৰ বড় প্ৰীতি। তেঁও মােক বহুত সহায় কৰে। পৰশুই আবেলি মােৰ স্বামী মােত কলে বোলে আজি তােৰ সখীএৰৰ ঘৰলৈ গইছিলোঁ। তেঁওৰ বড় নৰিয়া তােক মাতিছে। নিশা দুইও যাও বলা। এই বুলি এন্ধাৰ হলত মােক লই আহিল। সখীৰ ঘৰলৈ যি বাটে যায় সেই বাটে নানি আন এটা বাটেৰে আনি, কিছুমান বাট আহি মােৰ চকুত বড় ডাঠকৈ কাপড় বান্ধিলে, ময় তেতিয়াই সংশয় কৰি অনেক ৰূপে কাবৌ কৰি কলোঁ। তেও মােৰ কথা নুশুনি মােক টানি আনি হাবিৰ মাজ সুমাই মােক তাতে থই কোনবা পিনে গল। ময় গমকে নাপালোঁ। ৰাতি তাতেই আছিলোঁ। পুৱা বড় কষ্টেৰে চকুৰ কাপড় গুছালোঁ। বাট বিচাৰি নাপাই আহি নদীৰ সি পাৰৰ পৰা এঁও বিলাকক দেখা পালোঁ।

 [১৭] মনােৰমাই এই কথা বিলাক বড় শােকেৰে কান্দি কইছে। [ ২০ ] তাৰে কেইজনী মানে সুধিলে বােলে তােক যেতিয়া টানি আনে তেতিয়া তুমি মানুহক নামাতিলা কিয়? তেঁও উত্তৰ দিলে বােলে বাই হঁত! এনে কথা নকবা, তেঁও এবাৰ ফাটকত পড়ােতে মােৰ শােকে বুকু নধৰা হইছিল। আকৌ মােক সেইদৰে অনাত চিয়ঁৰি মানুহ মাতিলে, অবশ্যে মানুহে মােক মাৰিবলৈ নিয়ে বুলি তেঁওক আকৌ ধৰি নি দুৰ্গতি কৰিব, সেই ভয়তে নামাতিলোঁ। মােকে মাৰে কাটে যি কৰে কৰক। মােক যদি এইদৰে এৰি নগই একেবাৰে প্ৰাণটোকে মাৰিলে হোঁতন, বড় ভাল আছিল। এতিয়া মােক হাবিত থােৱতি যেই কি ন হক তেঁওৰ চাগৈ কি গতি হইছে। কোনেনাে এমুঠি ভাত দিছে, ময় থকাত কটনা কাৰ্টি, বৰা বানি, খুজি আনি কোনাে মতে এমুঠি খাবলৈ উপায় কৰি দিও। এডোখৰ কাপড় দিও কেতিয়াবা নৰিয়াও হয়, তেতিয়া ময় পতি কৰোঁ এতিয়ানাে কোনে কৰিব? এই বিলাক কই কান্দিবলৈ ধৰিলে।

 তেঁওবিলাকে, সঁচা যেন মানি তেঁওৰ প্ৰতি, বড় পুতে লাগি কলে। ভনী নাকান্দিবা, এতিয়া কন্দাৰ গুণ একো নাই। ঈশ্বৰক চিন্তা কৰা, তেঁও যেন তােমাৰ স্বামীক মঙ্গলে ৰাখক, আৰু কুমতি দূৰ কৰি সুমতি দিয়ক। আকৌ যেন দুইও লগ হব পাৰা। বুঢ়া জনাই কলে আইটী, তয়নাে এতিয়া কলৈ যাবি আমাৰ ইয়াতে থাক। যদি তােৰ গিৰিএৰে কেতিয়াবা বিচাৰি পায়, তেতিয়া যাবি। তেঁও কলে আই, আৰু কি তেঁও মােক বিচাৰিব নে? মােৰ কপাল যি ভাঙ্গিল [১৮] ভাঙ্গিল হে। ভাল ইয়াতে থাকিম, কিন্তু ময় এই প্ৰাৰ্থনা কৰোঁ, মােক স্বামীএ বনত এড়ি যােৱা বাবে যেন মােৰ ওপৰত সদাই আপােনা সকলৰ বেয়া ভাব না থাকে। [ ২১ ]  সেই আশ্ৰমৰ সকলােবিলাক তিৰােতা বুঢ়া জনাৰ বড় অধীন। তেঁও যেতিয়াই যি আজ্ঞা কৰে তাকে কৰে। ৰাতি পুৱা শুই উঠি তেঁওবিলাকে আশ্ৰমৰ সকলাে ঠাইবিলাক পৰিষ্কাৰ কৰি বুঢ়া জনাৰ পূজাৰ আয়ােজন কৰি দিয়ে। তাৰ পাছত খােৱাৰ কাৰবাৰ কৰে। দুপৰিয়া বুঢ়া জনাৰ পূজা শেষ হলে, এটাই বিলাক তেঁওৰ গুৰিলৈ গই দেৱতাক স্তুতি কৰে। তাৰ পৰা আহি খাই বই উঠি সকলােবিলাকে একে ঠাইতে বহে। তাৰ মাজতে বুঢ়াজনা বহি তেঁওবিলাকৰ অগিত সজ পুৰাবৃত্তৰ কথা কয়। কোনােএ তাতে কোনাে কথাৰ প্ৰশ্নও কৰে। আবেলি হলে ফুলনিত সােমায়। ফুলৰ গুৰি খোছাৰে পানী দিয়ে এনে বিলাক কৰে। তাৰ মাজতে পুথিও চায়, লেখেও, আন আন বননা কৰে।

 এদিন সেইদৰে বহি সকলােবিলাকে কথা হইছে এনেতে মনােৰমাই বুঢ়া জনাত সুধিলে। আয়! ময় আজি কেইবা দিনৰ পৰা আপােনাক কেইটামান কথা সােধোঁ সােধোঁ বুলি ভাবি আছোঁ। তেঁও কলে বাৰু সােধা।

 প্ৰশ্ন! আয়! স্ত্ৰী ধৰ্ম্মনন কি কি, কোন কোন ধৰ্ম্মৰ দ্বাৰা ইহ পৰ কালত সুখী হব পাৰে?

 উতৰ। বাছ!! ধৰ্ম্ম এটা নহয়। প্ৰথমতে ঈশ্বৰক আৰাধনাই প্ৰধান ধৰ্ম্ম, দ্বিতীয়ত পতিব্ৰতা ধৰ্ম্ম।

 প্ৰশ্ন। আয় ! পতিব্ৰতা ধৰ্ম্মনো কাক বােলে?

 [১৯] উত্তৰ। স্বামীবিনে কেতিয়াও আন পুৰুষক কামনা নকৰেএকমাত্ৰ স্বামীকেই আৰাধনা কৰি থাকে, স্বামী সেৱাত মন দৃঢ় কৰে, তেঁওকেই পতিব্ৰতা বােলে। তিৰােতাৰ পৰম পবিত্ৰ পতিব্ৰতা ধৰ্ম্মতকৈ [ ২২ ] প্ৰসংশনীয় বিষয় আন একো নাই। আন সকলো ধৰ্ম্ম তাৰ সঙ্গীহে। আৰু সকলো জাতিৰ মাজতে এই ধৰ্ম্ম আদৰনীয়। পূৰ্বৰে পৰা এই ধৰ্ম্মক বড় আদৰ কৰিছে। সাবিত্ৰী, মন্দোদৰী, জানকী, ৰুক্মিনী, এই সকলেও এই ধৰ্ম্মৰ বলেৰে যশস্যা লভি গইছে। আৰু এই ধৰ্মৰ দ্বাৰাই যে এই কালতেহে যশ পাবা এনে নহয়, পৰকলতো স্বামীএ সইতে স্বৰ্গসুখ ভোগ কৰিব পাৰ। আৰু তৃতীয়ত সতী ধৰ্ম্ম।

 প্ৰশ্ন। আই সতী ধৰ্ম্মনো কি কি?

 উত্তৰ। বাছা! যি তিৰোতাই সত্য আচৰণ কৰে তাকে সতী বোলে। সত্য আচৰণ এই বিলাক, একান্ত ভাৰে ঈশ্বৰক চিন্তা, পিতৃ মাতৃ, শহু, শহুৰ, স্বামীকে আদি কৰি গুৰুজন সকলক চিত্তেৰে সইতে ভক্তি, শ্ৰদ্ধা, মান্য কৰা। লৰা, ছোৱালী, ভাই, ভণী, দেৱৰ, ননন্দ এই বিলাকক মৰম কৰা। ঘৰৰ চাকৰ, বেটী, বন্দী বিলাকক মৰমেৰে ৰখা। অতিথি অভ্যাগতক সুশ্ৰুসা কৰা। দৰিদ্ৰৰ দুখ দেখি দুখ পোৱা। ওচৰ চুবুৰিয়াৰে মিলে থকা, স্থিৰ, সহনিয়া, নম্ৰ হোৱা। বড় ক্ৰোধ হিংসা ত্যাগ কৰা, এই বিলাককে সজ আচৰণ বোলে। লক্ষ্মী চৰিত্ৰত এই বিলাক লেখা আছে। তিৰোতাৰ সজ স্বভাব হলেহে সংসাৰত থাকি সুখভোগ কৰিব পাৰে। কাৰণ সজ স্বভাৱ যুক্তা আৰু কাৰ্যদক্ষা হলে শাহু শহুৰ মাক বাপেক ওচৰ চুবুৰিয়া সকলো মৰম কৰে, বিশেষ স্বামীৰ প্ৰাণসমা হব [২০] পাৰে। আৰু তিৰোতাই গৃহস্থিৰ বড় উন্নতি কৰিব পাৰে। যি গৃহস্থৰ ঘৰত ভাৰ্য্যাস্বামী, দুইও দুইৰ প্ৰেমত পৰিতুষ্ট সেই গৃহত সকলো প্ৰকাৰ মঙ্গল বাস কৰে। কথাতে কয় “ভাৰ্য্যা স্বামীৰ হব একে মতি। তেহে সিজে হৰিত ভকতি।” [ ২৩ ]  প্ৰশ্ন। ভাল এই বিলাক কথা শুনিলোঁ। আৰু কেইটী মান কথা সােধোঁ, অনুগ্ৰহ কৰি কলে অধীনীএ জানিব পাৰোঁ। কোন তিৰোতাৰ নাে জন্ম সাৰ্থক?

 উত্তৰ। যি পতিপ্ৰাণা ভাৰ্য্যাই স্বামী সুশ্ৰুসাত কাল ক্ষয় কৰে, স্বামীএও ভাৰ্য্যাৰ সুশ্ৰুসাত সুখী হই দুইও দুইৰৰ প্ৰেমত বন্ধা হই থাকে, আৰু যি তিৰোতাৰ সত কাৰ্যত স্বামীৰ ফালৰ পিতৃৰ ফালৰ মানুহ বিলাকে সন্তোষ পায় সেই তিৰোতাৰে জন্ম সাৰ্থক।

 প্ৰশ্ন। কোন তিৰােতাৰ নাে জন্ম বৃথা?

 উত্তৰ। অতুল ঐশ্বৰ্য্য, লৰা, ছােৱালী, ৰূপ, যৌবন সকলে বিলাক একে লগে থাকিলেও যাৰ স্বামীএ সইতে মিল নাই, স্বামীৰ সেৱাত মন নাই, সেই দুৰ্ভাগীৰে জন্ম বৃথা।

 প্ৰশ্ন। কেনেৰূপে তিৰােতাক ৰক্ষা কৰিব পাৰে?

 উত্তৰ। অতি বিশ্বাসী মানুহ ৰখিয়া দি ঘৰত বা পেড়াত সুমাই থলেও, দুষ্ট বুদ্ধিৰ ভিৰােতা উদ্দণ্ড হয়। যি আপােনাকে আপুনি ৰক্ষা কৰে তেঁও এই হে সুৰক্ষিতা।

 এই ৰূপে অনেক কথাবাৰ্তা হই তেঁওবিলাকৰ নিজৰ বনলৈ গল। বুঢ়া জনাও জপত বহিল। [ ২৪ ]
 

তৃতীয় অধ্যায়।

 [২১] সত্যবানে পিছ দিনা ৰাতি পুৱা সুধৰ্ম্মাক বিচাৰি গল। দিনৰ দিনটো পানীৰ গুড়িত বাটত বিচাৰিলে, মানুহতে সুধিলে, কতোএকো ভু নাপাই নিৰাশা হই বাটৰ গুড়িৰ গছৰ তলত বহি বহুত চিন্তা কৰি কৰি থাকি আকৌ সেই ৰাতি থকা ঠাইলৈকে গল। সত্যবানে দিনে দিনৌ পুৱা গধুলি সুধৰ্ম্মাক বিচাৰে, কিন্তু কতো একো বাৰ্তা নাপায়। সেই দৰে কিছু দিন তাতে আছে। শেষত তেঁওৰ প্ৰাণসমা প্ৰেয়সীৰ একো বাৰ্ত্তা না জানি তেঁওৰ মন বড় অস্থিৰ হল। তেঁও ভাবে যে ইয়াত সোমাই থাকি কি কৰিম, প্ৰিয়াকে বিচাৰি নানা ঠাইত ফুৰে। গই। সেই ভদ্ৰলোক দুজনে তেঁওক বড় আদৰকৈ ৰখাইছে, কোনোমতে এড়ি নিদিয়ে।

 এদিন আবেলি সত্যবানে সুধৰ্ম্মাক বিচাৰি দুখ ভাগৰ লাগি পানীৰ গুড়িত বহি বড় দুখেৰে চিন্তা কৰিছে। হায়! প্ৰাণপ্ৰিয়াক ময় কিয়নো আনিলোঁ। ঘৰত থকা হলেই ভালে থাকিল হেতেন। হা প্ৰিয়ে! মোৰ বিচ্ছেদ সহিব নোৱাৰিব বুলি ভয় কৰি মোৰ লগত প্ৰধানৰ কষ্ট ভুগিবলৈকে সাহ কৰি আহিছিলা। এতিয়া তুমি কত, ময়এবা কত? কিবা জানি স্ৰোতবতী নদীএ তোমাক গ্ৰাসকে কৰিলে। ময় পুৰুষ মানুহ টান, তত্ৰাচ পানীত পড়ি ক্লান্ত হলোঁ। তুমি দুৰ্ব্বলা তিৰোতা হই কি সি মান দুখত জীয়াই আছানে?

 এনেতে সিফালৰ পৰা, যি নাওৱৰিয়াই সুধৰ্ম্মাক পানীৰ পৰা তুলিছিল, সেই নাওৱৰিয়া আহি সেই ঠাইতে নাও [২২] বান্ধিলে। [ ২৫ ] সত্যবানে তেঁওবিলাকত পানীত পড়া সুধৰ্ম্মাৰ বাৰ্ত্তা সুধিলে। তেঁওবিলাকে কলে বোলে আমিএই তেনেকুৱা গাভৰু ছােৱালী এজনী পানীৰ পৰা তুলিছিলোঁ। বাটতে আকৌ এখান নাওৱত তেঁওৰে সখী এক এজনীক পাই দুইও আমাৰ ঘৰতে ভালে দিনো আছিল। শেষত ৰাতি কলৈ পলাই গল কব নোৱাৰিলোঁ।

 সত্যবানে সেই কথা শুনি মৰা দেহত জীৱ পােৱা যেন পালে। মনতো স্থিৰ কৰি ভাবিলে প্ৰেয়সী জীয়াই আছে, বিচাৰিলে, পাম। আৰু তেঁও দৃঢ় প্ৰতিজ্ঞা কৰিলে যে যেতিয়ালৈকে তেঁওক নাপাও তেতিয়ালৈকে আপোনাৰ দেশলৈ নাযাও। যদিহে মৰা যেন শুনাে, ময়ও প্ৰাণ এড়িম।

 সত্যবান আহি ঘৰত তেঁওৰ বন্ধু সকলৰ আগত কলে, যে মই ইয়াত থাকিলে কি হব। আজি মােৰ প্ৰেয়সী জীয়াই থকা খবৰ পাইছোঁ। মােক বিদায় দিয়ক, মই তেঁওক বিচাৰি যাও। তেঁওবিলাকে কোনােমতে বিদায় নিদিয়াত, তেঁওৰ মন ভাল নেলাগি, এদিন তেঁও বিলাকত নােকোৱাকৈ গুছি গল।

 বহুত দিন অনেক দেশ, পৰ্বত, নদ, নদী, এড়াই সুধৰ্ম্মাক বিচাৰি ফুৰিছে। এদিন আহি আহি ভাটি বেলা, যি ঠাইৰ আশ্ৰমতে সুধৰ্ম্মা আছে, সেই ঠাইৰ কিছু আঁতৰতে এখন আশ্ৰম পালে। সেই আশ্ৰমতে অনেক মুনি, মুনিপত্নী আদি বাস কৰে। আশ্ৰমৰ অলপ আগতে এজোপা বকুল গছ আছিল, তাৰ তলতে সত্যবান বহিল। সুধৰ্ম্মাক ইমানকৈ বিচাৰি নাপাই নিৰাশা যেন পাই শােকতে ব্যাকুল হই খেদ কৰিছে আৰু [২৩] কইছে। হায় হায় ইমান দুখ কৰি অত ঠাই ফুৰিও প্ৰাণাধিকা প্ৰেয়সীৰ একো বাৰ্তা নাপালোঁ, কি জানি মােৰ [ ২৬ ] বিচ্ছেদ কষ্ট সহিব নোৱাৰি প্ৰাণকে ত্যজিলে। কিবা জানি, মোক বিচাৰি বনে বনে ফুৰোঁতে কিবা হিংস্ৰ জন্তুএ পাই নষ্টকে কৰিলে। অথবা কোনোবা দুষ্ট মানুহে পাই বন্দী কৰিএই ৰখাইছে। আহা! প্ৰাণেশ্বৰীএ কতইবা কষ্ট ভুগিছে। হা প্ৰিয়ে? তোমাৰ বিচ্ছেদত মোৰ প্ৰাণ যায়। তোমাৰ আশায় আৰু কিমান বাট চাম, আৰু কত কষ্ট সহিম। হায়, যাৰ এক লেশমাত্ৰ কষ্ট দেখিলে বিহ্বলা হইছিলা, যাৰ সুখক দিনে ৰাতি কামনা কৰিছিল, যাৰ সুখত সুখী, দুখত দুখী হইছিলা, যাক সুখে ৰাখিবলৈ প্ৰাণপণে যত্ন কৰিছিলা, এতিয়া তোমাৰ সেই আদৰৰ সত্যবানৰ এনে দশা হইছে। প্ৰেয়সি! তুমি কত আছা এবাৰ দেখা দিয়া। হে প্ৰভো! দয়াময়! কৃপা কৰি এই অসহনীয় দুখৰ পৰা মোক উদ্ধাৰ কৰা। অধিকলৈ আশা কৰি আহি মোৰ এনে গতি হইছে। এতিয়া ঘৰলৈ যাবৰৰ ইচ্ছা নকৰোঁ, শেষত মৰণেই মঙ্গল মানিছোঁ। হাঁ সখা মাধবচন্দ্ৰ! এনে সময় তুমি এইবা কত থাকিলা। খাওতে, শোওতে, ফুৰোঁতে সদাই লগ নেড়িছিলা—কোনো কথাত অলপ দুখ যেন দেখিলে নিজেই দুঃখ কৰিছিলা তথাপি মোক দুখ নিদিছিল। প্ৰাণৰ সখা! এতিয়া এই দুৰ্ভগাক কিয় এড়িলা; এই বিপদৰ কালত তোমাক পোৱা হলেও শোক দুখ অলপ কমিল হতেন। নিদাৰুণ বিধাতাই মোক তোমাৰ পৰাও বঞ্চিত কৰিলে। এই দৰে গছৰ তলত বহি বিলাপ কৰিছে।

 [২৪] মুনিৰ লৰা ছোৱালীবিলাক বকুল ফুল তুলিবলৈ আহি, তেওঁক সেইদৰে পগলামানুহৰ নিচিনাকৈ থাকিবৰ দেখি, আশ্ৰমলৈ গই আশ্ৰমৰ বৃদ্ধ ঋষি জনাৰ আগত কুলে, পিতা! কৰবাৰ মানুহ এটি আহি [ ২৭ ] আমাৰ বকুলৰ তলত বহি বড়কৈ কান্দিছে, আৰু কিবা কথা বিলাক কইছে। মানুহটীক দেখি বড় মৰম লাগিল। তেওঁৰ কিবা বড় বেজাৰ হইছে, তেওঁক সোধক চোন কি হইছে।

 ঋষিএ তেঁওৰ গুড়িলৈ আহি সুধিলে, তুমি কৰ মানুহ, কি হইছে, কিয় এনেকেই বিহ্বল হইছা? সত্যবানে ঋষিক ফোঁটে লগুনে অতি বৃদ্ধ মানুহ জনা দেখি, মনত বড় ভক্তি হই সেৱা কৰি কলে। গুৰো* ময় অনেক দূৰৈৰ মানুহ ফুৰি ফুৰি এই খিনি পাইছোঁহি। মোৰ ধন, বস্তু, ভাৰ্য্যা, সখা, সকলােকে হেৰুৱাই শোকত উপায় নাপাই কান্দিছোঁ। তেঁওৰ অবস্থা দেখি, ঋষিৰ বড় মৰম লাগি কলে, বাছা? দুখ কৰা মিচা। অপদৰ কালত কেবল ধৈৰ্য্যইহে উপায়। ঈশ্বৰক চিন্তা কৰা, তেঁও তোমাক উপায় দিব। এতিয়া গধুলি হল কলৈ যাবা, আমাৰ আশ্ৰমলৈকে বলা। এই বুলি তেঁওক মাতি নিলে। আশ্ৰমত তেওঁক খাবলৈ দি অনেক প্ৰবােধ দি মন অলপ স্থিৰ কৰি, সকলো বিলাক কথা সুধি কলে। সত্যবান! তুমি মিচাতে দুখ কৰি ফুৰিব নালাগে, আমাৰ আশ্ৰমতে থাকা লৰাহঁতে সইতে লগে থাকিলে অনেক প্ৰকাৰে সিহঁতে তােমাৰ মন কিছু ভালে ৰখাব।

 সত্যবানেও সেই কথাতে ভাবিলে বােলে অকাৰণত ফুৰিলে নাে কি হব? যাঃ ইয়াতে ঈশ্বৰক আৰাধনা কৰি থাকোঁ। [২৫] সত্যবানে পূৰ্ব্বেই বাঁহি বজাব পাৰিছিল, ঋষিৰ তাত থাকি আকৌ বাঁহি এটী সাজি ললে। ঋষিৰ পূজাৰ নিমিত্তে সদাই ফুল ফল হােমৰ কাঠ আদি আনি দিয়ে। ধৰ্ম্মত বড় ভাব দেখি ঋষি আৰু আশ্ৰমৰ সকলো মালহে তেঁওক বড় ভাল পায়। তেঁওও সিবিলাকে সইতে বড় ভাল ভাৱে মিলি থাকিল। [ ২৮ ]  এদিন সত্যবান ফুল নিবলৈ আহি এটা মানুহক সেই হাবিব মাজত বড় দুঃখ মনেৰে বহি থকা দেখি সুধিলে। হেৰা ভাই, তুমি কৰ মানুহ, কত থাকা? দেখাত দেখোন ভাল মানুহৰ দৰে দেখি, কিন্তু এনে মলিন অবস্থাৰে কিয় ইয়াত বহি আছা? তেঁও কলে বোলে হে দেৱ। মোৰ কথানে৷ আপুনি কি সেধে ময় মহা পাষণ্ড। মোৰ সমান নৰাধম আৰু পৃথিবীত নাই। ময় ঘোৰ পাতকীৰ কথা শুনি আপোনাৰ শুদ্ধ মনক অসুখী নকৰিব। সত্যবানে কলে, দুঃখিত পাপৰ প্ৰায়শ্চিত্ত আছে। তোমাৰ দুখৰ কথা কবলৈ তুমি বেয়া নাপাবা। ভাল কথাই হক, বা বেয়া কথাই হক, আনৰ আগত কলে বুকু চেঁচা লাগে। তেঁও কলে ময় যি বিলাক মহাপাপ কৰি আহিছে তাৰ কিৰূপে প্ৰতিকাৰ হব ভাবি নাপাও আৰু মোৰ অন্তৰ কেনেকৈ শীতল হব? তথাপি আপুনি যেতিয়া মোৰ দুঃখৰ অবস্থা দেখি সুধিছে তেন্তে কওঁ।

 ময় অভয় পুৰৰ হৰিমোহন বড়ুবাৰ পুতেক, মোৰ নাম মনোহৰ, মোৰ পিতাৰ কেবল ময়এইহে সন্তান, পিতা আৰু আইৰ মনত মই পমি যাও যেন আছিলো। পাঁচ বছৰীয়া হবৰে পৰা মোক ইস্কুলত পঢ়িবলৈ দিছিল, আৰু ঘৰতো অধ্যা[২৬]পক ৰখাই অনেক যত্নেৰে পঢ়াবলৈ চেষ্টা কৰিছিল। কিন্তু ময় পাষণ্ডে কোনো ৰকমে নপঢ়ি কেবল দুষ্টালি কৰি ফুৰোঁ। মোৰ স্বভাব দেখি তেঁওবিলাকে বড় বেজাৰ পাই খঙ্গ কৰে, আৰু মৰমেৰে বুজাই কয়, ময় তাক কথা যেনকে নেদেখোঁ। লাহে লাহে ডাঙ্গৰ হৈ আহোতে মোৰ স্বভাব আৰু বেয়া হই আহিল। পিতৃমাতৃএ মোৰ স্বভাৱ ভাল হব বুলি এঘৰ ভাল মানুহৰ ঘৰৰ এটী ভাল ছোৱালী বিয়া কৰাই দিলে। বিয়া [ ২৯ ] কৰাই মােৰ স্বভাৱ ভাল হােৱা দূৰৈত থাওক, বেয়াহে হবলৈ ধৰিল। ভদ্র! ময় আপােনাৰ বেয়া কথা কবলৈ এতিয়া একণাে বেয়া নাপাও। মোৰ পিতৃমাতৃএ মােৰ বেয়া কথা দেখি খঙ্গ কৰাত তেঁওবিলাক মৰিলেই ভাল হয় যেন পাইছিলোঁ। তিৰোতা জনীক যে চকুৰ কাঁইট যেন দেখে। বড়কৈ মাৰোঁ। ভাৰ্য্য স্বামীৰ সহবাস সুখৰ পৰিবৰ্ত্তে তেঁও কেবল কষ্টকেহে পালে। ময় ভাঙ্গ খাই, মদ খাই, মতলীয়া হই বেশ্যাৰ ঘৰে ঘৰে ফুৰোঁ, তিৰােতাৰ অলঙ্কাৰ কাঢ়ি নিও, তথাপি হায়! পতিপ্রাণা সতী সেই কথাত খঙ্গ নকৰি মোক বড় মৰম আৰু ভক্তিহে কৰিছিল, কত প্রকাৰে মােক ভাল কৰিবলৈ যত্ন কৰিছিল, মােক মন কোনাে ৰকম ঘূৰাব নোৱাৰে। পিতাৰৰ বহুত ধন আছিল, ময় অনেক মন নষ্ট কৰিলোঁ। শেষত পিতাই ধন আটক কৰাত চুৰ কৰি কৰি সকলো ধন শেষ কৰিলোঁ। শেষত আমাৰ ভাত খাবলৈকে নচলা হল। পিতাও বুঢ়া হল, কোনাে ৰকমে আৰ্জ্জিবও নােৱাৰে, নিৰুপায় হল পিছে মােৰ গৃহিনীএ কাপােড় বই বেচি বেচি কোনাে মতে তেঁওবিলাক প্ৰতিপাল কৰিছিল, মােকো খাব পিন্ধি [২৭] বলৈ দিছিল। ময় ভাত সুখ নাপাই চুৰকৰি ধন লই যাও, ধন নাপালে তেঁওক মাৰোঁ। হাতত ধন নাইকিয়া হলত মানুহৰ ঘৰে ঘৰে চুৰ কৰি কৰি মদ ভাঙ্গ খাও। ধৰা পড়ি পড়ি তিনিবাৰ টিকটিকি পালা শেষত এবাৰ টান কথাত ধৰা পড়িলত কঠিন পৰিশ্রমে সইতে এবছৰ ফাটক খাটিব ভাগা হলোঁ। ময় ফাটকত পড়িত মােৰ পিতা, মাতা, ভাৰ্য্যা শােকতে অধৈৰ্য্য হল। পিতৃমাতৃৰ স্বভাব অতি পবিত্র। মােৰ এনে হীন প্রকৃতি দেখি, একেই তেঁওবিলাকৰ মন দুঃখিত আকৌ ফটক খটা দেখি বড় শােক পালে। তাতে সুখত থকা মানুহ ইমান দুখত পড়িছে, [ ৩০ ] এইবিলাক কষ্টতে শোকে শোকে নৰিয়া পড়ি দুই প্ৰাণ এৰিলে। হা! ময় পাষণ্ড, পিতৃ মাতৃ হত্যাৰ পাপী হলোঁ। এই বুলি মনোহৰে কান্দি কান্দি মাটিত বাগৰি পড়িল। ভালে বেলিৰ মুৰত উঠি আকৌ কান্দি কান্দি কবলৈ ধৰিলে। হে মোৰ স্বৰ্গবাসী পিতৃমাতৃ! ময় আপোনাসকলৰ বধৰ ভাগী হলো। মোৰ এই পাপ কেতিয়া ক্ষয় হয়, কেতিয়া মুক্ত পাম? মোক আশীৰ্ব্বাদ দিয়ক, ময় যেন আকৌ পৰজন্মত আপোনা সকলৰ পুত্ৰ হম, আৰু মোৰ যেন বেয়া স্বভাৱ দূৰ হই ভাল স্বভাৱ হব। আপোনা সকলৰ চৰণ সেৱা কৰি যেন মোৰ পাপী দেহ শুদ্ধ কৰিব পাৰোঁ। হে মোৰ স্বৰ্গবাসী মাতৃ, ময় পামৰে কোন জন্মত আপোনাৰ ধাৰ সুজিম? মোৰ নিমিত্তে বেজাৰ কৰি ভাত নাখাই খাই নৰিয়া পড়ি প্ৰাণ এড়িলা। ময়নো এই পাপৰ পৰা কেনেকৈ মুক্ত পাম? আই মোকো তোমাৰ লগলৈ নিয়া। মোক পাষণ্ড বুলি ঘিন্‌ নকৰিবা। স্নেহময়ি! মোলৈ চকুমেলি চোৱা।

 [২৮] মনোহৰে এইৰূপে অনেক প্ৰকাৰে খেদ কৰিছে। সত্যবানে তেঁওৰ তেনে দুঃখভাব দেখি বড় বেয়া লাগি কলে। ভাই! দুঃখ নকৰিবা শাস্ত্ৰে কয় “অনুতাপেই পাপৰ প্ৰায়শ্চিত্ত।” তোমাৰ পাপৰ পৰাচিত হইছে। মনোহৰে ধৈৰ্য্য ধৰি আকৌ কইছে।

 এবছৰ পূৰ্ণ হলত ফাটকৰ পৰা ওলাই আহি দেখো, মোৰ গৃহিনী পিতৃমাতৃৰ শ্ৰাদ্ধাদি কৰি, কটনা কাটি খাই আছে। আৰু হাতত অলপ টকাও কৰিছে। মোক বড় আদৰ কৰি, খুৱাই ধুৱাই এদিন কলে স্বামি! যি হব লগিয়া হই গল, এতিয়া আপুনি মন স্থিৰ কৰি উপজীবিকাৰ উপায় কৰক! ময় কাপড় বই বই তিনি কুড়ি মান টকা গোটাইছো। সেই কেই টকাৰে সইতে এখান সৰুকৈ মুদি দোকান [ ৩১ ] দিয়ক ময়ও কাপড় বঁও। এতেকে আমাৰ খৰচ চলিব। তেঁওৰ কথা শুনি মােৰ মন ভাল নহল। কেবল কেনেকৈ ৰুপ কেটকা নিম এই বৃদ্ধি কৰিবলৈ ধৰিলোঁ। তেঁও সদায় মােক হিত উপদেশ দিয়ে। ময় তাত বড় বেয়া পাও। মন কেবল বেয়াৰ ফালেহে যায়। কেঁচুৱা লৰাই ভালেবেলি মাকৰ পিয়াহ খাবলৈ নাপাই থাকি খাবলৈ পালে যি ৰূপে হােপা ধৰে সেইদৰে মােৰৰ ফাটক খাটি লাজ নহল। এবছৰৰ মুৰত আমি আকৌ সেই অসদ সঙ্গতে লগ হই ফুৰিবলৈ ধৰিলোঁ। তিৰোতাৰ হাতৰ পৰা মাৰি ধৰি টকা কেইটাও নিলোঁ। আৰু যেতিয়া যি পায় তাকো কাঢ়ি নিও। তথাপি তেঁও মােক এদিনো টান মাত নিদিলে। খাবলৈ নিদি নাথাকে। কিন্তু মোৰ শােকতে তেঁওৰ শৰীৰ জীৰ্ণ হল। শ্ৰম [২৯] কৰিব নােৱাৰা হল গতিকে বড় কষ্ট হল। পিছে মােৰ মনত এনে ভাব হল এইক খেদি পঠাব পাৰিলে ময় যতে ততে থাকিব পাৰিম'। এই বুলি এদিন ফাঁকি কৰি আনি ৰাতি হাবিৰ মাজত এড়ি ময় ঘৰলৈ গুছি গলোঁ। এই কথা কইএ মনােহৰ কিছু বেলি মাতিব নােৱাৰা হই আছিল। মনােহৰৰ মুড় ঘামিবলৈ ধৰিলে। গাৰ লােম ভুবৰি উঠিল, চকু মুদি একে ঠৰেই থাকি বহুত পৰৰ মুৰত ভাগৰৰ পৰা অহা মানুহৰ দৰে হুমুনিয়াহ পেলাই চকু মেলি কলে। হে দেও! তেঁওৰ চাগৈ কি গতি হল? তেঁওৰ প্ৰাণ ৰক্ষা পাইছে নে?

 সত্যবানে তেঁওৰ তেনে হবৰ দেখি ভাবিলে যে মানুহটো শোকতে এনে হইছে। এই ভাবি তেঁও আশ্বাস দি কলে। ভাই! ভয় নকৰিবা তেঁও সতী নাৰী, তেঁও কেতিয়াও নষ্ট হোৱা নাই। অবশ্যে ভালে আছে পাবা। মনােহৰে আকৌ কবলৈ ধৰিলে। [ ৩২ ]  ঘৰত সেইদৰেই কেই দিনমান আছিলে লাহে লাহে মদ ভাঙ্গ খাবলৈ পয়সাও নাপাওঁ। ভাত পানীও দিওঁতা নাই। মোৰ হীন অবস্থা দেখি লগৰ বিলাকে কোনেও মোক আদৰ নকৰা হল। শেষত এনে হল যি বিলাকে মোক বড় অদৰ কৰিছিল সেই বিলাকে দেখিলেও ঘিণ কৰা হল। পিছে মোৰ জ্বৰ গ্ৰহণি নৰিয়া হল, বড় টান হই মৰিব লগা হলোঁ। তেতিয়া মোক কোনেও পতি কৰোতা নাই। সেই সময়ৰ কষ্টৰ কথা কি কম, নিৰাশ্ৰয় মানুহৰ নৰিয়াৰ সময়ত কিমান কষ্ট হয় তাক ভাবিলেই বুজিব। তাৰে এজন মৰমিয়াল মানুহে দেখিব নোৱাৰি মোক হাসপিটালত দিলে। তাতে [৩০] বহুত দিন থাকি অলপ ভাল হই ওলাই আহি মোৰ মন এক ৰকম হল। নৰিয়াতে নাখাই নাখাই মদ ভাঙ্গ আদি নোখোৱাকৈ থাকিব পৰা হলোঁ। আই বোপাইতো নোপোৱা ঠাইলৈ গল, বিচাৰিলে বা কেনেকৈ পাম। তিৰোতা জনীক হাবিত এড়িলোঁ কি জানি জীয়াই আছেই, বিচাৰি ফুৰিলে পাঁও বা,এই ভাবি তাৰ পৰা আহি এই আজি এবছৰ তেওঁকে বিচাৰি ফুৰিছোঁ। আজি অহি এই খিনি পাইছো। এতিয়া কলৈনো বিচাৰি যাম ভাবি নেপাও।

 সত্যবানে কলে ভাই! তুমি যেনে ভাবৰ দুঃখী ময়ও তেনে দুঃখিত! এতেকে দুইও একে লগেই থাকোঁহক। সত্যবানৰো কথা বিলাক তেঁওৰ আগত কলে। ওচৰতে মুনি সকলৰ থকা ঠাই, ময় তাতে থাকোঁ, তেঁওবিলাক বড় শুদ্ধ সত্ব লোক তাত থাকিলে আমাৰ মনৰ গতি পবিত্ৰ ফালেহে যাবৰ আশা। যদি তেঁওবিলাকক পাব লগা আছে পাম, নহলে তাতে ঈশ্বৰক আৰাধনা কৰি থাকিলে জীবনৰ

সাৰ্থক হব! এতেকে ভাই! তালৈকে যাও বলা। মনোহৰ সেই [ ৩৩ ] কথাতে মান্তি হল আৰু দুইও হােমৰ কাঠ লই আশ্ৰমলৈ আহিল। মুনিৰ আশ্ৰমতে দুইও বড় মিলেৰে আছে। মাধবচন্দ্ৰে সইতে যেনে ভাব আছিল, মনােহৰে সইতেও তেনে ভাব হল। মনােহৰৰ স্বভাব একেবাৰে লুটিখালে। তেওঁৰ সেই অসত ভাব গুছি এনেহে ধৰ্ম্ম আৰু সজ ভাব হল যে তাকে দেখি সকলােএ তেওক আদৰ কৰিলে। [ ৩৪ ]
 

চতুৰ্থ অধ্যায়।

 [৩১] সুধৰ্ম্মা আৰু লীলাবতী সেই আশ্ৰমতে লগৰিয়া বিলাকে সইতে অনেক দিন আছে। তেঁওবিলাকে বড় মৰম কৰি, যাতে তেঁওবিলাকৰ মন ভালে থাকে তাকে যত্ন কৰে। আৰু বাটৰুৱা বা আন ঠাইৰ পৰা অহা সকলোতে সত্যবান উৰুৰ বাৰ্ত্তা সোধে, কোনেও কব নোৱাৰে। সুধৰ্ম্মা উৰু যদিও বা আন বিষয়ত সুখে আছে, কিন্তু স্বামীৰ বিৰহে তেঁওবিলাকৰ মন দিনে বাতিএ দুহি থাকে। লীলা আৰু মনোৰমাই অনেক ৰূপে মনক বুজাই ৰাখে, কিন্তু সুধৰ্ম্মাৰ মন অতি কোমল। তেঁও একেবাৰেই অস্থিৰ। এদিন দুপৰিয়া সুধৰ্ম্মাৰ মন বড় বিকল হোৱাত জীৱনত ধিক্কাৰ জন্মি পানীত পড়ি মৰোগই বুলি কাকো নোকোৱাকৈ মনে মনে নদীৰ গুৰিলৈ আহিল। পানীৰ গুৰিত বহি ভাবিলে ময় এনেই মহাপাপিনী নহলে মোৰ এনে দশা নহয় তাতে যদি আত্মঘাতিনী হও তেনেহলে নৰকগামী হব লাগিব। জীয়াই বা থাকো কেনেকৈ, প্ৰাণনাথৰ বিচ্ছেদ কষ্ট সহি জীয়াই থকাও টান হল, কি হব? নদীক সম্বোধন কৰি কলে হে গভীৰ প্ৰবাহিনি! মোৰ প্ৰিয় স্বামীক নিদিলা নে? অনুমান কৰে। তোমাৰ গৰ্ভতে তেঁও লয় পালে। নহলে ইমান দিনে ময় পালোঁহেতেন। মোক বা কিয় তুলি দিলা। হে মাতৃ! প্ৰাণেশ্বৰে মোক পাহৰি তোমাৰ কোলাত বহি আনন্দ কৰিছে, মোকো নিয়া ময়ও গই তেঁওৰ চৰণসেবা কৰোঁ গই। এইদৰে পানীৰ গুৰিত বহি [৩২] কান্দি আছে। এনেতে লীলা আৰু আন আন লগৰিয়া বিলাকে তেঁওক বিচাৰি বিচাৰি গই দেখাপাই বৰাই [ ৩৫ ] বুজাই আশ্ৰমলৈ আনিলে। ৰাতি সুধৰ্ম্মাই সমাজিকত দেখিলে যি ঋষিএ ব্যাধৰ হাতৰ পৰা তেঁওবিলাকক ৰক্ষা কৰিছিল সেই ঋষি কইছে। বাছা! দুখ নকৰিবি, তােৰ স্বামী জীয়াই ভালে আছে, অতি অলপতে পাবি। তেঁও সমাজিককে সত্য যেন মানি মনত বড় আনন্দ পালে। আৰু সকলাে লগৰিয়া বিলাকে সমাজিকৰ কথা শুনি বড় আনন্দেৰে জয়ধ্বনি কৰি কৰি কলে, “সংস্বপ্ন, স্বপ্ন ফলােক।”

 এদিন সুধৰ্ম্মা, লীলা, মনােৰমা, মুনিকন্যা, সকলোবিলাক ফুৰিবলৈ গৈছে। যি দেবালয়ত সত্যবান আছে সেই দেবালয়ৰ ফালেই গই এডােখৰ ভাল ঠাইত সকলােবিলাকে বিশ্ৰাম কৰিছে। কোনোএ চল তুলি মালাকে গাঁথিছে। কোনাে বা চৰাইবিলাকে নাচি ৰুন দিয়াকে চাইছে। কোনােএ দূৰণিত থকা পহু পােৱালি বিলাকৰে ৰং চাইছে। সুমুধৰ্ম্মা, লীলা আৰু মনােৰমাই এজোপা গছৰ তলত বহি তেঁওবিলাকৰ স্বামী সকলৰ কথা কই চিন্তা কৰি আছে। এনেতে দক্ষিণ ফালে বাঁহিৰ মাত শুনি বড় চঞ্চলা হই লীলাত কলে, সখি! কোনে বাঁহি বজাইছে ; হায় হায় ঐ ! মোৰ প্ৰাণনাথেই যেন এই বাঁহি বজাইছে ! ময় এই বাঁহি শুনি স্থিৰ হই থাকিব নোৱাৰে। কোনে বাঁহি বজাইছে বিচাৰি যাঁও বলা। এই বুলি বাহিৰ মাতৰ পােনে গল। লীলা, মনােৰ উৰুও লগতে গল।

 সত্যবানে আবেলি সময়ত আহি সৰােবৰৰ পাৰৰ এজোপা [৩৩] বংশীবটৰ তলত বহি বহি বজাইছিল। এঁওবিলাক গই বহুত আঁতৰতে ৰই শুনি আছে। বাঁহিৰ মাতহে শুনিছে মানুহটীক হলে ভালকৈ দেখা নাই। সুধৰ্ম্মাৰ মন এনেহে ব্যাকুল হইছে যেন সেই মানুহনী তেঁওৰ স্বামীৰ শিক্ষিত। তেঁওৰ গুৰিলৈ গই যেন সত্যবানৰ [ ৩৬ ] বাৰ্ত্তা সুধিব। কিন্তু কি কৰে অপৰিচিত পুৰুষৰ গুৰিলৈ যোৱা অন্যায় ভাবি নগল। লাহে লাহে নিশা হল, সকলোবিলাক ঘৰলৈ আহিল।

 সত্যবানেও তেঁও বিলাকক দূৰণিৰ পৰা মুনিকন্যা ভাবে নেমাতিলে। সুধৰ্ম্মাৰ ৰাতি টোপনি নাহিল। কেতিয়ানো ৰাতি পুৱাৰ আকৌ সেই সময় হব, সেই বাঁহি শুনিবলৈ যাব এইহে চিন্তা হল। পিছ দিনা অলপ সোন কালেই আকৌ সেই ঠাইলৈকে গল। সেইদিনা আৰু বাঁহিৰ মাত নুশুনি বড় দুখেৰে গুছি আহিল। এই দৰে কেবা দিনো সেই দৰে বাহিৰ মাত শুনিবলৈ বিচাৰি আহি শুনি সুধৰ্ম্মাৰ মন নুমুৱা জুইত ঘিউ ঢালি দিয়া যেন হল। তেঁও ঘৰত থাকিবই নোখোজে যেন কোনে কত বাঁহি বজাই তাকেহে শুনি ফুৰিব।

 আকৌ এদিন সকল বিলাক আন এপোনে ফুৰিবলৈ গল। সেই ঠাইত ভালে মান নাগেশ্বৰ গছ আছিল। তাৰ তলতে এটাই বিলাক বহিল। সুধৰ্ম্মাই এজোপা নাহৰ গছৰ তলত এটী বাঁহি দেখা পাই ব্যাকুল চিত্তেৰে সইতে তুলি আনি বুকৰ মাজত লই, চুমা খাই লীলাবতীৰ আগত কলে সখি! এইটী মোৰ প্ৰাণেশ্বৰৰ হাতৰ বাঁহি। এই গছৰ তলত বহি বজাই পাহৰি এড়ি গল। হায় সখি! প্ৰাণনাথ এই ঠাইতে বহিছিল। এই বুলি পাগলীৰ দৰে ব্যাকুল হই গছৰ গুৰিৰ মাটিতে চুমা [৩৪] খালে, বাঁহিক সম্বোধন কৰি কলে। হে বাঁহি! তুমি মোৰ প্ৰাণনাথৰ হাতত শোভা পাইছিলা। আজি মই তোমাক বুকত ললোঁ এই বুলি কান্দিবলৈ ধৰিলে। লগৰিয়া বিলাকে তেঁওক কত প্ৰকাৰে সান্ত্বনা [ ৩৭ ] কৰিব নোৱাৰি তেঁওৰ দুখত দুঃখী হই তেঁওবিলাকেও কান্দিবলৈ ধৰিলে।

 সত্যবান ফুল নিবলৈ সেই ঠাইলকে আহিছিল, সেই নাহৰ গছৰ তলতে বহি বাঁহি বজাই তাতে বাহিনী এড়ি এজোপা বড় নাহৰ গছত উঠি ফুল পাৰিছে, এনেতে সুধৰ্ম্মা উৰুক দেখা পাই কন্দা দেখি একে ঠৰে চাই থাকি থাকি নামি আহিল। অনেক দুঃখত পড়ি তেঁওবিলাকৰ আকৃতি বিকৃতি হইছে হঠাত চিন ধৰাই টান। তেঁও সুধৰ্ম্মাক দেখি মনতে ভাবিছে কি জানি প্ৰিয়া নহয় বা মুনিৰে কন্যা। অপৰিচিত তিৰোতক প্ৰিয়া ভাবে মতা অন্যায়, তথাপি স্থিৰ হই থাকিব নোৱাৰি তাৰে মুনি ছোৱালী এজনীত সুধিলে। তোমালোক কোন মুনিৰ আশ্ৰমৰ পৰা আহিছা? সুধৰ্ম্মাই অকস্মাতে সত্যবানক দেখা পাই অতি আচৰিত ভাবে চাইছে। অলপ চাই থাকি সত্যবান বুলি নিশ্চয় কৈ জানি হা নাথ বুলি বেগাই সত্যবান গুৰিলৈ যাব খোজাত ঢাঁস কৰে পড়ি মূৰ্চ্ছা হল। সত্যবানে যেতিয়া সুধৰ্ম্মাক সেইদৰে আহি পড়ি মুচ্ছা যাবৰ দেখিলে তেতিয়া আৰু ধৈৰ্য্য এড়ি গুৰিলৈ আহি প্ৰিয়ে! কি কৰা বুলি সুধৰ্ম্মাৰ মুড় কোলাত তলি ললে। লীলাই গছৰ পাতেৰে বিচিবলৈ ধৰিলে। আন লগৰিয়া বিলকে পানী দি অনেক সুশ্ৰুষা কৰাত তেঁও জ্ঞান পালে। সত্যবানে সুধৰ্ম্মাৰ হাত বুকত লই কলে, প্ৰাণাধিকে! ঈশ্বৰে অনেক কষ্টৰ পিছত আজি তোমাক [৩৫] মিলালে, উঠা দুইও একে লগে তেঁওক প্ৰাৰ্থনা কৰি কৃতজ্ঞ মানো। সুধৰ্ম্মাই স্বামীৰ চৰণ সেৱা কৰি সমাদৰ [ ৩৮ ] কৰিলে। দুইৰো আনন্দৰ চকুৰ পানী ওলাল। সকলোবিলাক ছোৱালীএ আজি পতিপ্ৰাণা সুধৰ্ম্মাই স্বামীক পালে বুলি আনন্দেৰে সইতে শুভদিন শুভদিন বুলি হাতেৰে চপৰিয়াই জয়ধ্বনি কৰি সংস্বপ্ন সংস্বপ্ন বুলিলে।

[ ৩৯ ]
 
পঞ্চম অধ্যায়।

 মনােহৰে সত্যবান অহাত পলম দেখি বিচাৰি গল। যি ফালে সত্যবান উৰুৰ শুভ দেখা হইছে সেই ফালেই তেঁও আহি অলপ দূৰৈৰ পৰা তেঁওবিলাকক দেখি, সেই মানুহ বিলাকে তাত কি কৰিছে চাঁও গই যেন বুলি আহিল। কিন্তু ওচৰা ওচৰি হােৱাত সত্যবানক। তিৰােতা মানুহ বিলাকৰ মাজত বহি থকা দেখি সংশয় কৰি মাত লগালে। আপুনি ইমান বেলি কিয় কৰিলে? ময় যাবৰ নেদেখি বিচাৰি আহিছোঁ। সত্যবানে বৰ ৰং মনেৰে উঠি তেঁওক মাতিলে, আহা ভাই! আহা, ঈশ্বৰ মােৰ প্ৰতি সদয় হই আজি প্ৰিয়াৰ গুৰিলৈ আনিছে। মনােহৰ সত্যবানৰ গুৰিতে বহিল। মনােৰমা মুনিকন্যা বিলাকৰ মাজতে বহি আছে। তেঁও জনা নাই যে সেইটী মনােহৰ : মনােৰমাই আনি ফালেহে চাই আদ্যোপান্ত ভাবি ঠৰ হই আছে। মনােহৰে সুধৰ্ম্মাৰ ফালে চাওতেই মনােৰমাক দেখা পাই চাই থাকি থাকি মনােৰমা হয় [৩৬] বুলি ঠিক জানি বড় শােক আৰু লাজেৰে কলে। নিৰপৰাধিনী মনােৰমা! ময় মনোহৰ পাষণ্ড পাপৰ প্ৰায়শ্চিত্তৰ উপায় বিচাৰি ফুৰি এই তােমাক দেখা—পা— এই বুলি মনােহৰৰ মাত নােলােৱা হল। মনােৰমাই মনােহৰৰ নাম শুনি ইফালে মুখ ঘুৰাই দেখে যে মনােহৰ শােকতে অস্থিৰ হইছে। মনােৰমা বেগতে উঠি আহি মনােহৰক সেৱা কৰি কলে। ছি ছি স্বামি ! কিয় দুখ কৰিছে। মােৰ কৰ্ম্মফল ময় ভুগিছোঁ। স্থিৰ হওক। ঈশ্বৰে যে পুনৰায় আপােনাৰে সইতে দেখা কৰাৰ এই আশা নাছিল, এতিয়া যে দেখিলোঁ এই মহাভাগ্য। মােৰ [ ৪০ ] ওপৰত খঙ্গ কৰি মোক যে আকৌ বিচাৰি আহিছে ইও কেবল মোৰ ভাগ্যৰ বলেহে আনিছে। এতেকে স্বামি! দুখ এড়ক, ময় অভাগিনীৰ কাৰণে কিয় আপুনি দুখ কৰি ফুৰিছে? মনোহৰে মনোৰমাৰ কথা শুনি বৰ দুখেৰে কলে। প্ৰিয়ে! তুমি আৰু অধিক দুখৰ কথা কই মোৰ হৃদয় দগ্ধ নকৰিবা। তোমাক ময় মহা অৰণ্যত সেইদৰে এড়িলোঁ। তথাপি ঈশ্বৰে যে তোমাৰ জীবনটী ৰক্ষা কৰি আকৌ ময় পাপীক দেখুৱালে এইবাবে তেঁওক সকৃতজ্ঞ চিত্তে সেৱা কৰিছোঁ। মনোৰমানো কেনেকৈ সেই আশ্ৰমলৈ আহিল তাক সুধিলে। মনোহৰেও তেঁওৰ নৰিয়াৰ বাৰ্ত্তা আৰু কেনেকৈনো আহি হি সেইখন পাইছেহি সকলো কথা কলে। মনেহৰৰো আকস্মিক শুভ মিলন দেখ বড় আনন্দ পালে। মনোৰমা থকা আশ্ৰমৰ মুনিকন্যা সকলে পূৰ্ব্বে মনোৰমাৰ কথা মানিব পৰা নাছিল। এতিয়া মনোহৰৰ মুখে সকলো কথা শুনি মনোৰমাক বৰ আদৰ কৰি কলে। মনোৰমা! ভনি! ধন্য তোমাৰ জীবন ঈশ্বৰে তোমাক আৰু [৩৭] কষ্টৰ পৰা মুক্ত কৰক। স্বামীএ সইতে যেনে সুখে থাকিব পাৰা। সত্যবান, মনোহৰ, সুধৰ্ম্মা, মুনিকন্যা, সকলো বিলাক সুধৰ্ম্মা থকা আশ্ৰমলৈ আহিল। বৃদ্ধা তাপসী এ তেঁও বিলাকক দেখি বড় আনন্দ পাই আশীৰ্ব্বাদ কৰিলে। আৰু সেই আশ্ৰমতে থাকিবলৈ আদেশ কৰিলে। সত্যবানে তেঁওবিলাক পূৰ্বে থকা আশ্ৰমলৈ গই মুনি সকলৰ আগত সকলো কথা কই বিদাই হই আহিল। এটাই বিলাক একে ঠাইতে গলাগি সুখে আছে।

 লীলাবতী এ সত্যবান আৰু সুধৰ্ম্মা মিলন দেখি বড় ৰঙ্গ পাইছে হয় কিন্তু তেঁওৰ স্বামী মাধব চন্দ্ৰৰ একো বাৰ্ত্তা নাপাই মন একেবাৰে [ ৪১ ] মৰা যেন হইছে। তেঁও ভাবিছে, মঙ্গলে অছিল দেখি, সুধৰ্ম্মা সখীৰ স্বামী আহিল, দুখিনী মনোৰমাইও স্বামীক পালে মোৰ স্বামী ভালে থকা হলে ইমান দিনে পালো হেঁতেন, অথবা বাৰ্ত্তাকে পালো হেঁতেন। জানিলোঁ মোৰ স্বামীৰ কিবা এটা হল, ময় অভাগিনীৰ কপালত আৰু মিলন হবৰ নাই। ঈশ্বৰক স্তুতি কৰোঁ প্ৰভো! মোক এই মায়াৰ সংসাৰৰ পৰা নিয়া। এই বুলি তেঁও সদাই শোক বেজাৰ কৰি অস্থিৰ হবলৈ ধৰিলে। সত্যবান আৰু সুধৰ্ম্মাইও তেঁওৰ দুঃখ দেখি বড় বেজাৰ পাইছে। কিন্তু কি কৰে একো উপায় নাই।

 এদিন দুপৰিয়া সুধৰ্ম্মা, লীলা, আৰু সকলো মুনিকন্যা বিলাক গাধুবলৈ নদীলৈ আহিছে। তেঁও বিলাকৰ ঘাটৰ গুৰিতে এখান নাও বান্ধি মানুহ বিলাকে ভাত খাবলৈ ধৰিছে। মাধবচন্দ্ৰ সেই নাৱতে আহি বামলৈ নামি গা ধুবলৈ ধৰিছে। [৩৮] এনেতে এও বিলাক ইফালৰ পৰা গই মানুহ বিলাক দেখি অলপ ইফাল সিফাল কৰিছে। লীলাই অলপ আঁতৰৰ পৰা সেই মানুহটীক মাধবচন্দ্ৰৰ দৰে যেন দেখি সুধৰ্ম্মাত কলে। চোৱা চোন সখি! সেই গা ধুবলৈ ধৰা মানুহটীক যেন মোৰ প্ৰাণনাথকে দেখিলোঁ। হায়, দুৰ্ভাগীৰ কি এনে শুভ দশা হব, প্ৰাণনাথক পুনৰায় পাম। সুধৰ্ম্মাই তেঁওৰ ফালে চাই থাকি থাকি অতি আচৰিত ভাবে কলে। সখি! যথাৰ্থে সেইটী সখা মাধবচন্দ্ৰ হয়। আহা সখি তেঁওৰ গুৰিলৈ যাও। লীলাইও মাধবচন্দ্ৰ হয়, এনে ভাবি দুইও তেঁওৰ ফাললৈ গইছে। মাধবচন্দ্ৰইও সি বিলাকক অহা দেখি চাই থাকি থাকি লীলা আৰু সুধৰ্ম্মাক চিনি পাই আগ বাঢ়ি গই লীলাক সম্বোধন কৰি, হা প্ৰাণেশ্বৰি! পৰমেশ্বৰৰ প্ৰসাদত অনেক [ ৪২ ] দিনৰ মুৰত আজি তোমাক দেখি হৃদয় জুড়ালোঁ এই বুলি কলে। সুধৰ্মাৰ ফালে চাই বড় দুখেৰে কলে, সখি! প্ৰাণাধিক সখা সত্যবানৰ এই পৰ্যন্ত কোনো বাৰ্ত্তা পোৱা নাই, আশা কৰিছো ঈশ্বৰে তেঁওকে দিব। সুধৰ্ম্মাই বড় হৰ্ষেৰে ধন্যবাদ কৰি কলে, সখা! তোমাৰ প্ৰিয় সখা এই ঠাইতে আমাৰ লগতে আছে। এই বুলি সত্যবানক মাতি আনিবলৈ বেগতে গল। সত্যবানে মাধবচন্দ্ৰৰ বাৰ্ত্তা পাই লৰি আহি মাধবচন্দ্ৰক দেখি আলিঙ্গন কৰিলে। তেওঁবিলাক চাৰিও দেখা দেখি হই বড় আনন্দেৰে সইতে গা ধুই আশ্ৰমলৈ আহিল। আশ্ৰমৰ সকলো মানুহে তেঁওবিলাক তিনিও যোড়া মানুহৰ মিলন দেখি বড় আনন্দ কৰিলে। খাই বই উঠি স্থিৰ হই সত্যবানে মাধবচন্দ্ৰত সুধিলে সখা! সেই মহা বিপদৰ পৰা কেনেকেই ৰক্ষা পালা?

 [৩৯] মাধবে কলে, সখা! সেই যে পানীত পড়িলোঁ তাৰ পৰা সোঁতে ভটীয়াই নিলে। ভালেখিনিৰ মুৰত এডোখৰ কাঠৰ আশ্ৰয় পাই সাঁতৰি সঁতৰি, পুৱা বাম উঠিলোঁ। ময়ও বাম উঠিছো, এনেতে আমাৰ গাঁওৱৰে এখান বেপাৰী নাও আহি সেই খিনি পালেহি মোক দেখা পাই সেই নাওতে তুলি ললে। বাটতে বড় জ্বৰ হল। তেঁও-বিলাকে একে বাৰে ঘৰলৈ লই গল। ঘৰত গই বহু দিন নৰিয়াতে কষ্ট পালোঁ। অলপ ভাল হই ঘৰ আৰু গোলা যি মানুহক বন্দবস্ত কৈ দি অহা হইছিল সেই মানুহৰ গাতে দি তোমালোকক বিচাৰি বিচাৰি ইমান দিন ফুৰিছোঁ। কোনো ঠাইলৈ নাওৱেৰে যাও কোনো ঠাইলৈ বামেই যাও নানা দেশ ফুৰি ফুৰি কোনো ৰকমে তোমালোকৰ একো বাৰ্তা নাপাও। আজি আহি এই খিনি পাই ঈশ্বৰৰ [ ৪৩ ] ইচ্ছা তোমা লোকক পাইছোঁহি। সখা! এতিয়া ঘৰৰ ফালে যোৱাহে উচিত।

 মুনিকন্যা আৰু বৃদ্ধা তাপসীএ কেই দিন মান ৰখাই, এদিন ভাল দিন বাৰ চাই তেঁওবিলাকক বিদায় দিলে। সত্যবানে মনোহৰক সুধিলে, ভাই তুমি কি কৰা? মোৰ মনেৰে তোমাকো ময় লই যাও ঈশ্বৰে মঙ্গলে ঘৰ পোৱালে যদি ইচ্ছা হয় আমাৰ তাতে থাকি আমাৰ লগৰে এজন অংশী হবা। আৰু যদি নাথাকা তেন্তে দেশলৈ যাবা। মনোহৰ সেই কথাতে সম্মত হল। সত্যবান, মাধবচন্দ্ৰ, মনোহৰ তেঁওবিলাকৰ পৰিবাৰে সইতে যাত্ৰা কৰিলে।

[ ৪৪ ]

ষষ্ঠ অধ্যায়।

 [৪০] কিছু দিনৰ মুৰত তেঁও বিলাক নিৰ্ব্বিঘ্নে আহি দেশ পালেহি। সত্যবান উৰুৰ গুণে সকলো গাঁওৱৰ মানুহ বিলাকক বশ কৰিছিল। তেঁওবিলাকৰ একো বাৰ্ত্তা নাপাই গ্ৰামিক মানুহ বিলাকে বড় দুখ পাই আছিল। যেতিয়াই তেঁও বিলাক ঘৰ পোৱাৰ বাৰ্ত্তা পালে সকলো বিলাক মানুহ আহি তেঁওবিলাকক সমাদৰ কৰিলেহি। সত্যবানৰ ঘৰ সেইদিনা আনন্দে পূৰ্ণ হল। তেঁওৰ ঘৰত সেই দিনা তেঁওৰ সকলো বন্ধু বান্ধবক মাতি আনি খুৱালে। মাধবচন্দ্ৰ তেঁওৰ ঘৰলৈ গল। মনোহৰ সত্যবানৰ ঘৰতে থাকিল।

 সত্যবান আৰু মাধবচন্দ্ৰই পূৰ্ব্বৰ দৰে আকৌ নানা ৰকমে ব্যবসায় কৰিবলৈ আৰম্ভ কৰিলে। মনোহৰে সেই দেশত থাকি ব্যবসায় কৰাতকৈ তেঁওৰ আপোন দেশত চিৰস্থায়ী ঘৰ সাজি অহা যোৱাকৈ ব্যবসায় কৰিবৰ ইচ্ছা কৰি, সত্যবানত সাহায্য প্ৰাৰ্থনা কৰিলে। সত্যবানে সেই কথা শুনি কলে ভাই ই বড় ভাল কথা, আপোনাৰ দেশত সুখে গৌৰবেৰে থকাৰ সমান ভাল কথা নাই। এতেকে ময় তোমাক কিছু টকাৰ সাহায্য কৰিম, তুমি দেশলৈ যোৱা।

 মনোহৰ, মনোৰমা তেওঁবিলাকৰ সাহায্য লই দেশলৈ গল মনোৰমা আৰু মনোহৰক বহু কালৰ মুৰত অহা দেখি মানুহ বিলাকে আচৰিত মানিলে। মনোৰমাক পূৰ্ব্বৰ পৰা মানুহে বড় মৰম কৰিছিল, তেতিয়াও সকলেএ আদৰ কৰিলে। [৪১] মনোহৰ মনোৰমা তেঁওৰ সখীএকৰ ঘৰত কেইদিন মান থাকি তেঁওৰ পূৰ্ব্বৰ মাটিতে ঘৰ সাজি তালৈ আহিল। মনোহৰৰ স্বভাব অতি পবিত্ৰ হল, যেন সেই মনোহৰ তেঁও নহয়। মনোহৰৰ সত চৰিত্ৰ দেখি গাঁওৱৰ [ ৪৫ ] সকলো মানুহে মৰম কৰিবলৈ ধৰিলে। গাঁওৱৰ ধনী ধনী মানুহ তেঁওক অনেক সাহায্য কৰি ব্যবসায় কৰিবলৈ উপায় কৰি দিলে।

 মনোহৰে লাহে লাহে বেপাৰ চলাবলৈ ধৰিলে। আৰু সদাই সত কৰ্ম্ম আৰু সত আলোচনা কৰাত ঈশ্বৰৰৰো শুভ দৃষ্টি হল। লাহে লাহে তেঁওৰ বহুত ধন হল। পিতাকৰ পূৰ্ব্বৰ অবস্থাৰ দৰে নহৈ ডাঙ্গৰ মানুহ হল। যি মনোৰমা তেঁওৰ চকুৰ কুটা আছিল সেই মনোৰমা প্ৰাণতকৈ অধিক হল। যি মানুহে তেঁওক ভয় ঘিণ কৰিছিল সেই মানুহে তেওক পুত্ৰৰ দৰে মৰম কৰে। কেৱল তেঁওৰ এটাই মাত্ৰ দুখ মনত থাকিল। তেঁওৰ পিতাক আৰু মাকে তেঁওৰ শোকতে প্ৰাণ এড়িল। এতিয়া তেঁওবিলাকক সুশ্ৰুষা কৰিবলৈ নেপালে।

 সত্যবানৰো ব্যবসায় বড় ভালৰূপে চলিবলৈ ধৰিলে। তেঁওৰ অনেক ধন বস্তু হল। গাঁৱৰ মাজত তেঁওবিলাক এঘৰ প্ৰধান মানুহ হল। আৰু তেওঁবিলাকৰ সত স্বভাৱত সকলো মানুহ বশ হল। কেই বাটীও লৰা ছোৱালী হই সুখে খাই লই থাকিল। মাধবচন্দ্ৰৰো সেইৰূপে লৰা ছোৱালী ধন বস্তু হই তেঁওও সুখে থাকিল।

 পাঠক! ন্যায় আৰু ধৰ্ম্মত চলিলে মানুহৰ কতো হানি নাই। দেখা সত্যবান, সুধৰ্ম্মা, মাধবচন্দ্ৰ, লীলা, মনোৰ এঁও বিলাক এনে বিপদত পড়তো ঈশ্বৰে ৰক্ষা কৰিলে। [৪২] ইমান কষ্টৰ শেষতো সুখী হল। মানুহে ইচ্ছা কৰিলে, নিজৰ স্বভাৱ নিজে সংশোধন কৰিব পাৰে। এতে ধৰ্ম্ম ততে জয়। এই কথা সত্য।

[ সম্পূৰ্ণ ]

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )