পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ অধ্যায়।

 [৪০] কিছু দিনৰ মুৰত তেঁও বিলাক নিৰ্ব্বিঘ্নে আহি দেশ পালেহি। সত্যবান উৰুৰ গুণে সকলো গাঁওৱৰ মানুহ বিলাকক বশ কৰিছিল। তেঁওবিলাকৰ একো বাৰ্ত্তা নাপাই গ্ৰামিক মানুহ বিলাকে বড় দুখ পাই আছিল। যেতিয়াই তেঁও বিলাক ঘৰ পোৱাৰ বাৰ্ত্তা পালে সকলো বিলাক মানুহ আহি তেঁওবিলাকক সমাদৰ কৰিলেহি। সত্যবানৰ ঘৰ সেইদিনা আনন্দে পূৰ্ণ হল। তেঁওৰ ঘৰত সেই দিনা তেঁওৰ সকলো বন্ধু বান্ধবক মাতি আনি খুৱালে। মাধবচন্দ্ৰ তেঁওৰ ঘৰলৈ গল। মনোহৰ সত্যবানৰ ঘৰতে থাকিল।

 সত্যবান আৰু মাধবচন্দ্ৰই পূৰ্ব্বৰ দৰে আকৌ নানা ৰকমে ব্যবসায় কৰিবলৈ আৰম্ভ কৰিলে। মনোহৰে সেই দেশত থাকি ব্যবসায় কৰাতকৈ তেঁওৰ আপোন দেশত চিৰস্থায়ী ঘৰ সাজি অহা যোৱাকৈ ব্যবসায় কৰিবৰ ইচ্ছা কৰি, সত্যবানত সাহায্য প্ৰাৰ্থনা কৰিলে। সত্যবানে সেই কথা শুনি কলে ভাই ই বড় ভাল কথা, আপোনাৰ দেশত সুখে গৌৰবেৰে থকাৰ সমান ভাল কথা নাই। এতেকে ময় তোমাক কিছু টকাৰ সাহায্য কৰিম, তুমি দেশলৈ যোৱা।

 মনোহৰ, মনোৰমা তেওঁবিলাকৰ সাহায্য লই দেশলৈ গল মনোৰমা আৰু মনোহৰক বহু কালৰ মুৰত অহা দেখি মানুহ বিলাকে আচৰিত মানিলে। মনোৰমাক পূৰ্ব্বৰ পৰা মানুহে বড় মৰম কৰিছিল, তেতিয়াও সকলেএ আদৰ কৰিলে। [৪১] মনোহৰ মনোৰমা তেঁওৰ সখীএকৰ ঘৰত কেইদিন মান থাকি তেঁওৰ পূৰ্ব্বৰ মাটিতে ঘৰ সাজি তালৈ আহিল। মনোহৰৰ স্বভাব অতি পবিত্ৰ হল, যেন সেই মনোহৰ তেঁও নহয়। মনোহৰৰ সত চৰিত্ৰ দেখি গাঁওৱৰ