পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সুধৰ্ম্মাৰ উপাখ্যান

 কেইবা দিনৰ মুৰত এদিন সকলো নাৱৰীয়া বামত ভাত খাবলৈ উঠিছে। শুধৰ্ম্মাও উঠি পানীৰ গুৰিত বহি চিন্তা কৰি আছে, এনেতে আৰু এখান নাও আহি সেই ঠাইতে চাপিল হি। সেই নাওৱৰো মানুহ বামলৈ উঠিছে। তাৰ মাজতে সুধৰ্ম্মাই তেঁওৰ সখী লীলাবতীক দেখা পাই লড়ি গই ডিঙ্গিত ধৰি সুধিলে। প্ৰাণৰ সখি! তুমি কেনেকেই ৰক্ষা পালা? মােৰ প্ৰাণনাথ কেনে আছে, কি হইছে, তুমি কি জানা? হা সখি! প্ৰাণনাথ ভালে আছেনে? তােমাৰ স্বামীৰ কি অবস্থা? হে ঈশ্বৰ ! মােৰ প্ৰিয় বন্ধুক ভালে ৰাখিছা নে? এই বুলি বড় চীৎকাৰকৈ কান্দিবলৈ ধৰিলে। লীলাবতী একেই স্বামী [৯] শােকতে অস্থিৰ তাতে সখীএকৰ এনে অবস্থা দেখি তেঁওও বড়কৈ কান্দিবলৈ ধৰিলে। ভালেমান বেলিৰ মুৰত দুইও স্থিৰ হই দুইৰৰ কথা দুইকো জনালে। লীলাকো সেই মানুহে পানীৰ গুৰিত পাই লই আহিল পিছে যি নাওতে সুধৰ্ম্মা আহিছে, সেই নাওতে লীলাও উঠি গল।

 নাৱৰীয়া বিলাকে আপােনাৰ দেশ পাই তেঁও বিলাকত সুধিলে, আইটী হঁত! এতিয়া আমাৰ দেশ পালো, তােমালােক কত উঠিবা? যদি থাকা আমাৰ ইয়াতে থাকা। যদি তােমালােকৰ দেশলৈ যাব খোজা উভতি যাওতে লই গই তুলি দিম। সিবিলাকে কলে বােলে আমাৰ স্বামীৰ বাৰ্তা নােপােৱাকৈ আমি কি দেশলৈ যাম। তেঁও বিলাককে বিচাৰি যতে পাও ততে মৰিম গৈ। সিহঁতে কলে বােলে সদ্যঃ আমাৰ ঘৰলৈকে বলা। এই কথাতে তেঁওলোেক দুইও সেই বুঢ়া মানুহটীৰ ঘৰলৈ গল।

 তেঁওবিলাক দুইও মনৰ ভ্ৰান্তিতে দিনৌ পুৱা গধূলি পানীৰ গুৰিত