পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

তৃতীয় অধ্যায়।

 [২১] সত্যবানে পিছ দিনা ৰাতি পুৱা সুধৰ্ম্মাক বিচাৰি গল। দিনৰ দিনটো পানীৰ গুড়িত বাটত বিচাৰিলে, মানুহতে সুধিলে, কতোএকো ভু নাপাই নিৰাশা হই বাটৰ গুড়িৰ গছৰ তলত বহি বহুত চিন্তা কৰি কৰি থাকি আকৌ সেই ৰাতি থকা ঠাইলৈকে গল। সত্যবানে দিনে দিনৌ পুৱা গধুলি সুধৰ্ম্মাক বিচাৰে, কিন্তু কতো একো বাৰ্তা নাপায়। সেই দৰে কিছু দিন তাতে আছে। শেষত তেঁওৰ প্ৰাণসমা প্ৰেয়সীৰ একো বাৰ্ত্তা না জানি তেঁওৰ মন বড় অস্থিৰ হল। তেঁও ভাবে যে ইয়াত সোমাই থাকি কি কৰিম, প্ৰিয়াকে বিচাৰি নানা ঠাইত ফুৰে। গই। সেই ভদ্ৰলোক দুজনে তেঁওক বড় আদৰকৈ ৰখাইছে, কোনোমতে এড়ি নিদিয়ে।

 এদিন আবেলি সত্যবানে সুধৰ্ম্মাক বিচাৰি দুখ ভাগৰ লাগি পানীৰ গুড়িত বহি বড় দুখেৰে চিন্তা কৰিছে। হায়! প্ৰাণপ্ৰিয়াক ময় কিয়নো আনিলোঁ। ঘৰত থকা হলেই ভালে থাকিল হেতেন। হা প্ৰিয়ে! মোৰ বিচ্ছেদ সহিব নোৱাৰিব বুলি ভয় কৰি মোৰ লগত প্ৰধানৰ কষ্ট ভুগিবলৈকে সাহ কৰি আহিছিলা। এতিয়া তুমি কত, ময়এবা কত? কিবা জানি স্ৰোতবতী নদীএ তোমাক গ্ৰাসকে কৰিলে। ময় পুৰুষ মানুহ টান, তত্ৰাচ পানীত পড়ি ক্লান্ত হলোঁ। তুমি দুৰ্ব্বলা তিৰোতা হই কি সি মান দুখত জীয়াই আছানে?

 এনেতে সিফালৰ পৰা, যি নাওৱৰিয়াই সুধৰ্ম্মাক পানীৰ পৰা তুলিছিল, সেই নাওৱৰিয়া আহি সেই ঠাইতে নাও [২২] বান্ধিলে।