পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
পঞ্চম অধ্যায়।

 মনোহৰে সত্যবান অহাত পলম দেখি বিচাৰি গল। যি ফালে সত্যবান উৰুৰ শুভ দেখা হইছে সেই ফালেই তেঁও আহি অলপ দূৰৈৰ পৰা তেঁওবিলাকক দেখি, সেই মানুহ বিলাকে তাত কি কৰিছে চাঁও গই যেন বুলি আহিল। কিন্তু ওচৰা ওচৰি হোৱাত সত্যবানক। তিৰোতা মানুহ বিলাকৰ মাজত বহি থকা দেখি সংশয় কৰি মাত লগালে। আপুনি ইমান বেলি কিয় কৰিলে? ময় যাবৰ নেদেখি বিচাৰি আহিছোঁ। সত্যবানে বৰ ৰং মনেৰে উঠি তেঁওক মাতিলে, আহা ভাই! আহা, ঈশ্বৰ মোৰ প্ৰতি সদয় হই আজি প্ৰিয়াৰ গুৰিলৈ আনিছে। মনোহৰ সত্যবানৰ গুৰিতে বহিল। মনোৰমা মুনিকন্যা বিলাকৰ মাজতে বহি আছে। তেঁও জনা নাই যে সেইটী মনোহৰ : মনোৰমাই আনি ফালেহে চাই আদ্যোপান্ত ভাবি ঠৰ হই আছে। মনোহৰে সুধৰ্ম্মাৰ ফালে চাওতেই মনোৰমাক দেখা পাই চাই থাকি থাকি মনোৰমা হয় [৩৬] বুলি ঠিক জানি বড় শোক আৰু লাজেৰে কলে। নিৰপৰাধিনী মনোৰমা! ময় মনোহৰ পাষণ্ড পাপৰ প্ৰায়শ্চিত্তৰ উপায় বিচাৰি ফুৰি এই তোমাক দেখা—পা—এই বুলি মনোহৰৰ মাত নোলোৱা হল। মনোৰমাই মনোহৰৰ নাম শুনি ইফালে মুখ ঘুৰাই দেখে যে মনোহৰ শোকতে অস্থিৰ হইছে। মনোৰমা বেগতে উঠি আহি মনোহৰক সেৱা কৰি কলে। ছি ছি স্বামি! কিয় দুখ কৰিছে। মোৰ কৰ্ম্মফল ময় ভুগিছোঁ। স্থিৰ হওক। ঈশ্বৰে যে পুনৰায় আপোনাৰে সইতে দেখা কৰাৰ এই আশা নাছিল, এতিয়া যে দেখিলোঁ এই মহাভাগ্য। মোৰ