পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২১

সত্যবানে তেঁওবিলাকত পানীত পড়া সুধৰ্ম্মাৰ বাৰ্ত্তা সুধিলে। তেঁওবিলাকে কলে বোলে আমিএই তেনেকুৱা গাভৰু ছােৱালী এজনী পানীৰ পৰা তুলিছিলোঁ। বাটতে আকৌ এখান নাওৱত তেঁওৰে সখী এক এজনীক পাই দুইও আমাৰ ঘৰতে ভালে দিনো আছিল। শেষত ৰাতি কলৈ পলাই গল কব নোৱাৰিলোঁ।

 সত্যবানে সেই কথা শুনি মৰা দেহত জীৱ পােৱা যেন পালে। মনতো স্থিৰ কৰি ভাবিলে প্ৰেয়সী জীয়াই আছে, বিচাৰিলে, পাম। আৰু তেঁও দৃঢ় প্ৰতিজ্ঞা কৰিলে যে যেতিয়ালৈকে তেঁওক নাপাও তেতিয়ালৈকে আপোনাৰ দেশলৈ নাযাও। যদিহে মৰা যেন শুনাে, ময়ও প্ৰাণ এড়িম।

 সত্যবান আহি ঘৰত তেঁওৰ বন্ধু সকলৰ আগত কলে, যে মই ইয়াত থাকিলে কি হব। আজি মােৰ প্ৰেয়সী জীয়াই থকা খবৰ পাইছোঁ। মােক বিদায় দিয়ক, মই তেঁওক বিচাৰি যাও। তেঁওবিলাকে কোনােমতে বিদায় নিদিয়াত, তেঁওৰ মন ভাল নেলাগি, এদিন তেঁও বিলাকত নােকোৱাকৈ গুছি গল।

 বহুত দিন অনেক দেশ, পৰ্বত, নদ, নদী, এড়াই সুধৰ্ম্মাক বিচাৰি ফুৰিছে। এদিন আহি আহি ভাটি বেলা, যি ঠাইৰ আশ্ৰমতে সুধৰ্ম্মা আছে, সেই ঠাইৰ কিছু আঁতৰতে এখন আশ্ৰম পালে। সেই আশ্ৰমতে অনেক মুনি, মুনিপত্নী আদি বাস কৰে। আশ্ৰমৰ অলপ আগতে এজোপা বকুল গছ আছিল, তাৰ তলতে সত্যবান বহিল। সুধৰ্ম্মাক ইমানকৈ বিচাৰি নাপাই নিৰাশা যেন পাই শােকতে ব্যাকুল হই খেদ কৰিছে আৰু [২৩] কইছে। হায় হায় ইমান দুখ কৰি অত ঠাই ফুৰিও প্ৰাণাধিকা প্ৰেয়সীৰ একো বাৰ্তা নাপালোঁ, কি জানি মােৰ