পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
সুধৰ্ম্মাৰ উপাখ্যান

বিচ্ছেদ কষ্ট সহিব নোৱাৰি প্ৰাণকে ত্যজিলে। কিবা জানি, মোক বিচাৰি বনে বনে ফুৰোঁতে কিবা হিংস্ৰ জন্তুএ পাই নষ্টকে কৰিলে। অথবা কোনোবা দুষ্ট মানুহে পাই বন্দী কৰিএই ৰখাইছে। আহা! প্ৰাণেশ্বৰীএ কতইবা কষ্ট ভুগিছে। হা প্ৰিয়ে? তোমাৰ বিচ্ছেদত মোৰ প্ৰাণ যায়। তোমাৰ আশায় আৰু কিমান বাট চাম, আৰু কত কষ্ট সহিম। হায়, যাৰ এক লেশমাত্ৰ কষ্ট দেখিলে বিহ্বলা হইছিলা, যাৰ সুখক দিনে ৰাতি কামনা কৰিছিল, যাৰ সুখত সুখী, দুখত দুখী হইছিলা, যাক সুখে ৰাখিবলৈ প্ৰাণপণে যত্ন কৰিছিলা, এতিয়া তোমাৰ সেই আদৰৰ সত্যবানৰ এনে দশা হইছে। প্ৰেয়সি! তুমি কত আছা এবাৰ দেখা দিয়া। হে প্ৰভো! দয়াময়! কৃপা কৰি এই অসহনীয় দুখৰ পৰা মোক উদ্ধাৰ কৰা। অধিকলৈ আশা কৰি আহি মোৰ এনে গতি হইছে। এতিয়া ঘৰলৈ যাবৰৰ ইচ্ছা নকৰোঁ, শেষত মৰণেই মঙ্গল মানিছোঁ। হাঁ সখা মাধবচন্দ্ৰ! এনে সময় তুমি এইবা কত থাকিলা। খাওতে, শোওতে, ফুৰোঁতে সদাই লগ নেড়িছিলা—কোনো কথাত অলপ দুখ যেন দেখিলে নিজেই দুঃখ কৰিছিলা তথাপি মোক দুখ নিদিছিল। প্ৰাণৰ সখা! এতিয়া এই দুৰ্ভগাক কিয় এড়িলা; এই বিপদৰ কালত তোমাক পোৱা হলেও শোক দুখ অলপ কমিল হতেন। নিদাৰুণ বিধাতাই মোক তোমাৰ পৰাও বঞ্চিত কৰিলে। এই দৰে গছৰ তলত বহি বিলাপ কৰিছে।

 [২৪] মুনিৰ লৰা ছোৱালীবিলাক বকুল ফুল তুলিবলৈ আহি, তেওঁক সেইদৰে পগলামানুহৰ নিচিনাকৈ থাকিবৰ দেখি, আশ্ৰমলৈ গই আশ্ৰমৰ বৃদ্ধ ঋষি জনাৰ আগত কুলে, পিতা! কৰবাৰ মানুহ এটি আহি