পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৯

 প্ৰশ্ন। ভাল এই বিলাক কথা শুনিলোঁ। আৰু কেইটী মান কথা সোধোঁ, অনুগ্ৰহ কৰি কলে অধীনীএ জানিব পাৰোঁ। কোন তিৰোতাৰ নো জন্ম সাৰ্থক?

 উত্তৰ। যি পতিপ্ৰাণা ভাৰ্য্যাই স্বামী সুশ্ৰুসাত কাল ক্ষয় কৰে, স্বামীএও ভাৰ্য্যাৰ সুশ্ৰুসাত সুখী হই দুইও দুইৰৰ প্ৰেমত বন্ধা হই থাকে, আৰু যি তিৰোতাৰ সত কাৰ্যত স্বামীৰ ফালৰ পিতৃৰ ফালৰ মানুহ বিলাকে সন্তোষ পায় সেই তিৰোতাৰে জন্ম সাৰ্থক।

 প্ৰশ্ন। কোন তিৰোতাৰ নো জন্ম বৃথা?

 উত্তৰ। অতুল ঐশ্বৰ্য্য, লৰা, ছোৱালী, ৰূপ, যৌবন সকলে বিলাক একে লগে থাকিলেও যাৰ স্বামীএ সইতে মিল নাই, স্বামীৰ সেৱাত মন নাই, সেই দুৰ্ভাগীৰে জন্ম বৃথা।

 প্ৰশ্ন। কেনেৰূপে তিৰোতাক ৰক্ষা কৰিব পাৰে?

 উত্তৰ। অতি বিশ্বাসী মানুহ ৰখিয়া দি ঘৰত বা পেড়াত সুমাই থলেও, দুষ্ট বুদ্ধিৰ ভিৰোতা উদ্দণ্ড হয়। যি আপোনাকে আপুনি ৰক্ষা কৰে তেঁও এই হে সুৰক্ষিতা।

 এই ৰূপে অনেক কথাবাৰ্তা হই তেঁওবিলাকৰ নিজৰ বনলৈ গল। বুঢ়া জনাও জপত বহিল।