পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কমলাকান্ত উকীলৰ ঘৈনী হােৱানে? মােক চিনি পাইছানে? মােৰ নাম সুধৰ্ম্মা। এও লীলাবতী। সেই মানুহ জনীএ বড় লাজেৰে আৰু শােকেৰ কলে, আইটী, ময় তােমালােকক এতিয়া চিনি পাইছোঁ। ময় সেই হতভাগিনী উকীলনী। মােৰ এতিয়া এই দশা হইছে। সিবিলাকে আচৰিত হই সুধিলে, হায় ২ বায়, তােমাৰ এনে দশা কেনেকেই হল। তােমাৰ স্বামী কত আছে ? তাই সেই কথাৰ তেতিয়াই উত্তৰ দিব নােৱাৰিলে। অতি শােকেৰে কান্দিবলৈ ধৰিলে। ভালেখিনি বেলিৰ মুৰত স্থিৰ হৈ কবলৈ ধৰিলে। আইটী হত। মােৰ কথা কি সােধা ময় মহাপাপিনী, মােক স্বামীৰ শাপে এনে কৰিছে। ময় তেঁওৰ বড় মৰমৰ আছিলোঁ। তেঁওৰ নিৰ্ম্মল প্ৰেমত সুখ নেপাই, অসজ কৰ্ম্মত মন দি তেঁওৰ মনৰ পৰা আঁতৰ হলোঁ। ময় আপােনাৰ বেয়া কথা কবলৈ লাজ নেপাও। মােৰ বেয়া স্বভাৱ দেখি তেঁও মােক আইৰ ঘৰলৈ পঠিয়াই দিলে। ময় তাত কিছুদিন থাকি সুখ নেপাই এটা মানুহৰ লগত পলাই আহিলো সেই মানুহটোএও কিছুদিনৰ মুৰত খেদি দিলে। তাৰ পাছত টান নৰিয়া পড়িলোঁ। খাবলৈ দিও নাই, খুজি মাগি কোনােমতে খাই আছে আৰু [৬] দুষ্কৰ্ম্মৰ ফল ভুগিছো। এই বুলি বড়কৈ কান্দিলে। সুধৰ্ম্মাই তাইক পয়সা গােটা চেৰেক আৰু কাপড় এখান দিলে। গধুলি হলত তাই তাইৰ থকা ঠাইলৈ গল। তেঁও বিলাকে তাইৰ স্বভাবৰ কথা শুনি বড় ঘিন কৰিলে। কিন্তু অবস্থা দেখি বেয়া পালে।

 সত্যবান উৰুৰ নাও, কেইবা খানাে দেশ এড়ি আহিছে। দুৰ্দ্দশাৰ সময় বিপদ ঘটে। এদিন তেঁওবিলাকৰ নাও গধুলি সময়ত সি পাৰলৈ খেৱা দিয়াত মাজ পাওতেই বড় ধুমুহা বতাহে পাই কৰবাৰ নাও