পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বয়স। আৰু সৰুৰে পৰা একে ইস্কুলতে পঢ়িছিল। তেঁওবিলাক দুইৰো বড় প্ৰীতি, আৰু তেঁওবিলাকৰ পিতা উৰুৰাে বড় মিল আছিল। মাধবে সত্যবানে সখা কৰিছিল। সুধৰ্মাৰ লীলাবতী সখী আছিল। সিবিলাকৰ মাজত বড় আত্মীয়তা আছিল।

 মাধচন্দ্ৰে সত্যবানে সইতে দুইও ভগৰীয়া হই বেপাৰ চলাইছিল। সিবিলাকে বিবেচনা কৰিলে যে কেবল আপােনাৰ দেশতে এইদৰে বেপাৰ কৰিলে বিশেষ লাভ নাই। যদি আন ঠাইত কাৰবাৰ কৰা যায়, কিছু লাভ হব পাৰে, এতেকে আন ঠাইত কাৰবাৰ কৰিবলৈ যাবৰ স্থিৰ কৰিলে।

 এদিন গধুলি সত্যবানে সুধৰ্ম্মাৰ আগত কলে, প্ৰিয়ে, আমি এই দেশত যি বেপাৰ চলাইছাে তাত বড় লাভ নাই। আন আন দেশৰ পৰা বস্তু আনিলে, ইয়াৰ বস্তু আন ঠাইলৈ নিলে বিশেষ লাভ হবৰ আশা। এতেকে সখা মাধচন্দ্ৰে সইতে ময় আন দেশলৈ যাবৰ মন কৰিছাে। তুমি কিছুদিনৰ নিমিত্তে, মােৰে সইতে অন্তৰ হই অকলে থাকিব লগা হলা। সেইকথা শুনি সুধৰ্ম্মাই কলে, নাথ, মােক সন্তান নৌহওঁতেই যদি এবাৰ দেশ বিলাক দেখুৱাই আনিলে হেঁতেন, তেনেহলে ৰঙ্গ পালাে হেঁতেন। ময় গলে লীলাবতী সখীও যাব। মােক নিয়াৰ পৰা আপােনাৰ অনেক অসুখ আৰু অসুবিধা হব হয়, সেই অসুখ সহি অনুগ্ৰহকৈ অধিনীক লৈ গলে, নানা দেশ দেখি [৪] চকুৰ সাৰ্থক হয়। আপােনাৰ লগতে দেশ চাই ফুৰা মােৰ বড় ভাগ্য, এতেকে মােকো লই যাওক।

 পিছদিনা সত্যবানে মাধবচন্দ্ৰে সইতে, সুধৰ্ম্মা আৰু লীলাবতীক লই যােৱাৰ বিষয়ে পৰামৰ্শ কৰি তেঁও বিলাককে নিবৰ স্থিৰ