পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
সুধৰ্ম্মাৰ উপাখ্যান

পতিয়াবা হঁক। তেঁও বিলাকে কলে বােলে নহয় কোৱা চোন। তাই কলে বােলে ইয়াৰ পৰাননা সৰহ কথা কি কম মােৰ স্বামী মােৰ চকুত কাপড় [১৫] বান্ধি আনি ৰাতি হাবিৰ মাঝত এড়ি গল। ময় গাঁওৱলৈ যাবলৈকো বাট চিনি নাপাও এই পােনে আহি আহি পানী পালােহি কলৈকো যাবৰ একো উপায় নাপাই অনাথ হই কান্দিছোঁ, যদি মােক পাৰকৈ নিব পাৰা বড় ধৰ্ম্ম পাবা।

 নদী সৰু, তেঁওবিলাকে কাৰবাৰ কৰি তাইক পাৰ কৰি আনি কলে বােলে, তুমিনাে এতিয়া কলৈ যাবা, ইয়াত কাৰৰ ঘৰ নাই, কেবল আমাৰহে ঘৰ আছে। এই ঠাই মানুহৰ গাঁও নহয়। এতেকে আমাৰ তালৈকে নিও বলা। সকলাে বিলাকে গা ধুই আশ্ৰমলৈ আহি বুঢ়া জনাত কলে। আয় ! এই মানুহ জনা সিপাৰে বহি কান্দি আছিল। তেঁওৰ গিৰিএকে বােলে ৰাতি হাবিত থই গল, আমি পাৰকৈ আনিছো। বুঢ়া জনাই, তেঁওক গিৰিএকে হাবিত এৰাৰ কথা শুনি দুশ্চৰিত্ৰা বুলি মনতে সংশয় কৰি কলে। আইটী তোকনো কিয় হাবিত এৰিলে? তাই বড় লাজ আৰু দুখেৰে কলে, আয়! মােৰ কপালৰ কথানে কি সােধে, ময়এই বেয়া নহলে নো কিয় বনবাসিনী হম। বুঢ়া জনাই সুধিলে বাৰু তােমাৰ সকলাে বিলাক কথা আমাৰ আগত কোৱাচোন। তেঁও কবলৈ ধৰিলে।

আয়! ময় অভয় পুৰৰ হৰিমােণ বড়ুৱাৰ, বােৱাৰী মােৰ স্বামীৰ নাম শ্ৰীযুত মনমােহণ বড়ুৱা, মোৰ নাম মনােৰমা। স্বামীৰ দোষ কেতিয়াও আনৰ আগত কব নাপায় বুলি শাস্ত্ৰে নিষেধ কৰিছে। এনেত মই কেনেকৈ কও, তথাপি অল্প কবলৈ বাধ্য হলোঁ। মোৰ স্বামীক সৰুৰে পৰা শাহু শহুৰে বড় যত্নেৰে লেখাপঢ়া শিকাৰ