পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৩

কৰিব নোৱাৰি তেঁওৰ দুখত দুঃখী হই তেঁওবিলাকেও কান্দিবলৈ ধৰিলে।

 সত্যবান ফুল নিবলৈ সেই ঠাইলকে আহিছিল, সেই নাহৰ গছৰ তলতে বহি বাঁহি বজাই তাতে বাহিনী এড়ি এজোপা বড় নাহৰ গছত উঠি ফুল পাৰিছে, এনেতে সুধৰ্ম্মা উৰুক দেখা পাই কন্দা দেখি একে ঠৰে চাই থাকি থাকি নামি আহিল। অনেক দুঃখত পড়ি তেঁওবিলাকৰ আকৃতি বিকৃতি হইছে হঠাত চিন ধৰাই টান। তেঁও সুধৰ্ম্মাক দেখি মনতে ভাবিছে কি জানি প্ৰিয়া নহয় বা মুনিৰে কন্যা। অপৰিচিত তিৰোতক প্ৰিয়া ভাবে মতা অন্যায়, তথাপি স্থিৰ হই থাকিব নোৱাৰি তাৰে মুনি ছোৱালী এজনীত সুধিলে। তোমালোক কোন মুনিৰ আশ্ৰমৰ পৰা আহিছা? সুধৰ্ম্মাই অকস্মাতে সত্যবানক দেখা পাই অতি আচৰিত ভাবে চাইছে। অলপ চাই থাকি সত্যবান বুলি নিশ্চয় কৈ জানি হা নাথ বুলি বেগাই সত্যবান গুৰিলৈ যাব খোজাত ঢাঁস কৰে পড়ি মূৰ্চ্ছা হল। সত্যবানে যেতিয়া সুধৰ্ম্মাক সেইদৰে আহি পড়ি মুচ্ছা যাবৰ দেখিলে তেতিয়া আৰু ধৈৰ্য্য এড়ি গুৰিলৈ আহি প্ৰিয়ে! কি কৰা বুলি সুধৰ্ম্মাৰ মুড় কোলাত তলি ললে। লীলাই গছৰ পাতেৰে বিচিবলৈ ধৰিলে। আন লগৰিয়া বিলকে পানী দি অনেক সুশ্ৰুষা কৰাত তেঁও জ্ঞান পালে। সত্যবানে সুধৰ্ম্মাৰ হাত বুকত লই কলে, প্ৰাণাধিকে! ঈশ্বৰে অনেক কষ্টৰ পিছত আজি তোমাক [৩৫] মিলালে, উঠা দুইও একে লগে তেঁওক প্ৰাৰ্থনা কৰি কৃতজ্ঞ মানো। সুধৰ্ম্মাই স্বামীৰ চৰণ সেৱা কৰি সমাদৰ

সুধৰ্ম্মা—৩