সুধৰ্ম্মাৰ উপাখ্যান।
প্ৰথম অধ্যায়।
কমলপুৰ নামে দেশত ৰঘুনাথ নামেৰে এজন ভদ্ৰ মানুহ আছিল। তেঁও ব্যবসায় কৰি খাইছিল। তেঁওৰ সত্যবান নামেৰে এটী লৰা আছিল। সেই লৰাক সৰূৰে পৰা বড় যত্নেৰে সইতে পিতৃ মাতৃএ শিক্ষা দিয়াত লৰাৰ বড় উন্নত প্ৰভাৱ হইছিল। লাহে লাহে লৰাটীক বিয়া কৰাই দিবৰ সময় হোৱাত; ধৰ্মপাল নামেৰে এজন মানুহৰ সুধৰ্ম্মা নামেৰে এজনী ছোৱালীক সত্যবানলৈ বিয়া কৰাবৰ ঠিক কৰি ৰঘুনাথে বিয়া পাতিলে।
তেঁও বিলাকৰ অবস্থা অনুসাৰে বিবাহৰ আয়োজন হল। শুভ দিনত সত্যবানে বিয়া কৰাই ভাৰ্যাক ঘৰলৈ আনিলে। পুতেক বোৱাৰিএকৰ আনন্দ দেখি, ভালে দিনৰ মুৰত, ৰঘুনাথে সংসাৰৰ হাত এড়ি ঈশ্বৰৰ ঠাইলৈ গল।
সত্যবানে পিতাৰ শ্ৰাদ্ধাদি কাৰ্য্য যথানিয়মে সমাপন কৰিলে। তেঁওও পিতাকৰ দৰে বেপাৰ চলাইছিল তেঁওবিলাকৰ ভাৰ্য্যা স্বামী দুইৰো প্ৰীতি আছিল। সুধৰ্মা আৰু সত্যবানৰ স্বভাব পবিত্ৰ আছিল। ঈশ্বৰলৈ বড় ভয় কৰিছিল। মনত ধৰ্ম্মভাব জাগ্ৰত আছিল। দেৱতাপূজা, গুৰুজন আৰু [২] অতিথি সুশ্ৰুসা কৰা তেঁওবিলাকৰ বড় ভক্তিৰ কাৰ্য্য আছিল। সত, কাৰ্য্যলৈ তেঁওবিলাকৰ বড় মন আছিল।