পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৭

মৰা যেন হইছে। তেঁও ভাবিছে, মঙ্গলে অছিল দেখি, সুধৰ্ম্মা সখীৰ স্বামী আহিল, দুখিনী মনোৰমাইও স্বামীক পালে মোৰ স্বামী ভালে থকা হলে ইমান দিনে পালো হেঁতেন, অথবা বাৰ্ত্তাকে পালো হেঁতেন। জানিলোঁ মোৰ স্বামীৰ কিবা এটা হল, ময় অভাগিনীৰ কপালত আৰু মিলন হবৰ নাই। ঈশ্বৰক স্তুতি কৰোঁ প্ৰভো! মোক এই মায়াৰ সংসাৰৰ পৰা নিয়া। এই বুলি তেঁও সদাই শোক বেজাৰ কৰি অস্থিৰ হবলৈ ধৰিলে। সত্যবান আৰু সুধৰ্ম্মাইও তেঁওৰ দুঃখ দেখি বড় বেজাৰ পাইছে। কিন্তু কি কৰে একো উপায় নাই।

 এদিন দুপৰিয়া সুধৰ্ম্মা, লীলা, আৰু সকলো মুনিকন্যা বিলাক গাধুবলৈ নদীলৈ আহিছে। তেঁও বিলাকৰ ঘাটৰ গুৰিতে এখান নাও বান্ধি মানুহ বিলাকে ভাত খাবলৈ ধৰিছে। মাধবচন্দ্ৰ সেই নাৱতে আহি বামলৈ নামি গা ধুবলৈ ধৰিছে। [৩৮] এনেতে এও বিলাক ইফালৰ পৰা গই মানুহ বিলাক দেখি অলপ ইফাল সিফাল কৰিছে। লীলাই অলপ আঁতৰৰ পৰা সেই মানুহটীক মাধবচন্দ্ৰৰ দৰে যেন দেখি সুধৰ্ম্মাত কলে। চোৱা চোন সখি! সেই গা ধুবলৈ ধৰা মানুহটীক যেন মোৰ প্ৰাণনাথকে দেখিলোঁ। হায়, দুৰ্ভাগীৰ কি এনে শুভ দশা হব, প্ৰাণনাথক পুনৰায় পাম। সুধৰ্ম্মাই তেঁওৰ ফালে চাই থাকি থাকি অতি আচৰিত ভাবে কলে। সখি! যথাৰ্থে সেইটী সখা মাধবচন্দ্ৰ হয়। আহা সখি তেঁওৰ গুৰিলৈ যাও। লীলাইও মাধবচন্দ্ৰ হয়, এনে ভাবি দুইও তেঁওৰ ফাললৈ গইছে। মাধবচন্দ্ৰইও সি বিলাকক অহা দেখি চাই থাকি থাকি লীলা আৰু সুধৰ্ম্মাক চিনি পাই আগ বাঢ়ি গই লীলাক সম্বোধন কৰি, হা প্ৰাণেশ্বৰি! পৰমেশ্বৰৰ প্ৰসাদত অনেক