পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্বামীক বিচাৰে আৰু বহি কান্দে। এদিন সেইদৰে কান্দি থাকোতেই সেই গাঁওৱৰে এজন ধনী ভদ্ৰলোকে দেখি কলে। হে সুন্দৰি দুই! তোমালোকে ইয়াত বহি কিয় কান্দিছা? তেঁওবিলাকে সৰল ভাৱেৰে কলে। ডাঙ্গাৰিয়া দেও! আমি স্বামীহীনা দুঃখিনী, স্বামীৰ বিয়োগত কাতৰ হই কান্দিছোঁ। তেঁও বিলাকৰ মুখে সকলো কথা শুনি ভদ্ৰলোকটীএ অন্তৰে গৰল বাহিৰে মিঠা দেখুৱাই কলে বোলে তোমালোকৰ দুখ দেখি মোৰ বড় দুখ জন্মিছে। ময় এই গাওৱৰ এজন প্ৰধান মানুহ। মোৰ অনেক ধন আৰু মানুহ [১০] আছে। ময় ধন খৰচ কৰি মানুহ পঠাই নানা অনুসন্ধান কৰি মালোকৰ স্বামীৰ বাৰ্ত্তা অনাব পাৰিম, এতেকে তোমালোক মোৰ ঘৰলৈ বলা।

 সেঁওবিলাকে সেই কথাত আশ্বাস পাই কলে, ডাঙ্গৰিয়া দেও! আমি অপোনাক চিনি জানি নাপাও, অপোনাৰ ঘৰলৈ কেনেকৈ যাম। অনুগ্ৰহ হলে যতে থাকো ততে থাকিলেও কৃপা কৰিব পাৰে। সিবিলাকক কোনোমতে ভুলাই নিব নোৱাৰি, তেঁও বিলাক কাৰ ঘৰত সোমাল পিছে পিছে গই চাই ললে। পিছে সেই মানুহ ঘৰৰে এটা কানিয়া মানুহক ধন খুৱাই, সুধৰ্ম্মা হঁতক তাৰ ঘৰলৈ ভুলাই চকাই বৰ কাৰণে খাটনি ধৰিলে। সদাই পুৱা গধুলি তালৈ আহি তেঁওবিলাকত, বিশেষকৈ সুধৰ্ম্মাক, তেঁও মৰমৰ কথা কয়। এদিন সুধৰ্মাক অকলে পাই কলে। সুন্দৰি! তোমাৰ স্বামী জীয়াই থকা হলে ইমান দিনে পালা হেতেন; এতেকে অকাৰণত তেঁওলৈ খেদ কৰি তোমাৰ সুবৰ্ণ অঙ্গক ক্ষয় কৰা কিয়? মোৰ ঘৰলৈ বলা মোৰ গৃহলক্ষ্মী হই সুখে কাল নিওয়া মই তোমাত যথা সৰ্বস্ব আৰু প্ৰাণ সমৰ্পণ কৰিম।