পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
সুধৰ্ম্মাৰ উপাখ্যান

বাৰ্ত্তা সুধিব। কিন্তু কি কৰে অপৰিচিত পুৰুষৰ গুৰিলৈ যোৱা অন্যায় ভাবি নগল। লাহে লাহে নিশা হল, সকলোবিলাক ঘৰলৈ আহিল।

 সত্যবানেও তেঁও বিলাকক দূৰণিৰ পৰা মুনিকন্যা ভাবে নেমাতিলে। সুধৰ্ম্মাৰ ৰাতি টোপনি নাহিল। কেতিয়ানো ৰাতি পুৱাৰ আকৌ সেই সময় হব, সেই বাঁহি শুনিবলৈ যাব এইহে চিন্তা হল। পিছ দিনা অলপ সোন কালেই আকৌ সেই ঠাইলৈকে গল। সেইদিনা আৰু বাঁহিৰ মাত নুশুনি বড় দুখেৰে গুছি আহিল। এই দৰে কেবা দিনো সেই দৰে বাহিৰ মাত শুনিবলৈ বিচাৰি আহি শুনি সুধৰ্ম্মাৰ মন নুমুৱা জুইত ঘিউ ঢালি দিয়া যেন হল। তেঁও ঘৰত থাকিবই নোখোজে যেন কোনে কত বাঁহি বজাই তাকেহে শুনি ফুৰিব।

 আকৌ এদিন সকল বিলাক আন এপোনে ফুৰিবলৈ গল। সেই ঠাইত ভালে মান নাগেশ্বৰ গছ আছিল। তাৰ তলতে এটাই বিলাক বহিল। সুধৰ্ম্মাই এজোপা নাহৰ গছৰ তলত এটী বাঁহি দেখা পাই ব্যাকুল চিত্তেৰে সইতে তুলি আনি বুকৰ মাজত লই, চুমা খাই লীলাবতীৰ আগত কলে সখি! এইটী মোৰ প্ৰাণেশ্বৰৰ হাতৰ বাঁহি। এই গছৰ তলত বহি বজাই পাহৰি এড়ি গল। হায় সখি! প্ৰাণনাথ এই ঠাইতে বহিছিল। এই বুলি পাগলীৰ দৰে ব্যাকুল হই গছৰ গুৰিৰ মাটিতে চুমা [৩৪] খালে, বাঁহিক সম্বোধন কৰি কলে। হে বাঁহি! তুমি মোৰ প্ৰাণনাথৰ হাতত শোভা পাইছিলা। আজি মই তোমাক বুকত ললোঁ এই বুলি কান্দিবলৈ ধৰিলে। লগৰিয়া বিলাকে তেঁওক কত প্ৰকাৰে সান্ত্বনা