পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
সুধৰ্ম্মাৰ উপাখ্যান

এইবিলাক কষ্টতে শোকে শোকে নৰিয়া পড়ি দুই প্ৰাণ এৰিলে। হা! ময় পাষণ্ড, পিতৃ মাতৃ হত্যাৰ পাপী হলোঁ। এই বুলি মনোহৰে কান্দি কান্দি মাটিত বাগৰি পড়িল। ভালে বেলিৰ মুৰত উঠি আকৌ কান্দি কান্দি কবলৈ ধৰিলে। হে মোৰ স্বৰ্গবাসী পিতৃমাতৃ! ময় আপোনাসকলৰ বধৰ ভাগী হলো। মোৰ এই পাপ কেতিয়া ক্ষয় হয়, কেতিয়া মুক্ত পাম? মোক আশীৰ্ব্বাদ দিয়ক, ময় যেন আকৌ পৰজন্মত আপোনা সকলৰ পুত্ৰ হম, আৰু মোৰ যেন বেয়া স্বভাৱ দূৰ হই ভাল স্বভাৱ হব। আপোনা সকলৰ চৰণ সেৱা কৰি যেন মোৰ পাপী দেহ শুদ্ধ কৰিব পাৰোঁ। হে মোৰ স্বৰ্গবাসী মাতৃ, ময় পামৰে কোন জন্মত আপোনাৰ ধাৰ সুজিম? মোৰ নিমিত্তে বেজাৰ কৰি ভাত নাখাই খাই নৰিয়া পড়ি প্ৰাণ এড়িলা। ময়নো এই পাপৰ পৰা কেনেকৈ মুক্ত পাম? আই মোকো তোমাৰ লগলৈ নিয়া। মোক পাষণ্ড বুলি ঘিন্‌ নকৰিবা। স্নেহময়ি! মোলৈ চকুমেলি চোৱা।

 [২৮] মনোহৰে এইৰূপে অনেক প্ৰকাৰে খেদ কৰিছে। সত্যবানে তেঁওৰ তেনে দুঃখভাব দেখি বড় বেয়া লাগি কলে। ভাই! দুঃখ নকৰিবা শাস্ত্ৰে কয় “অনুতাপেই পাপৰ প্ৰায়শ্চিত্ত।” তোমাৰ পাপৰ পৰাচিত হইছে। মনোহৰে ধৈৰ্য্য ধৰি আকৌ কইছে।

 এবছৰ পূৰ্ণ হলত ফাটকৰ পৰা ওলাই আহি দেখো, মোৰ গৃহিনী পিতৃমাতৃৰ শ্ৰাদ্ধাদি কৰি, কটনা কাটি খাই আছে। আৰু হাতত অলপ টকাও কৰিছে। মোক বড় আদৰ কৰি, খুৱাই ধুৱাই এদিন কলে স্বামি! যি হব লগিয়া হই গল, এতিয়া আপুনি মন স্থিৰ কৰি উপজীবিকাৰ উপায় কৰক! ময় কাপড় বই বই তিনি কুড়ি মান টকা গোটাইছো। সেই কেই টকাৰে সইতে এখান সৰুকৈ মুদি দোকান