পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সুধৰ্ম্মাৰ উপাখ্যান

কৰবালৈ নি বুৰালে। সকলাে বিলাক মানুহ পালত পড়িল। কৰ মানুহ কলৈ গল তাৰ একো ঠিক নােহােৱা হল। আহা! সিবিলাকৰ সেই ঠাইতে বিচ্ছেদ ঘটিল। সত্যবান এডােখৰ কাঠত ধৰি উটি গই পুৱা সময় এখান গাঁওৰ ওচৰত উঠিল। ৰদ দিলত ৰদত থাকোতে ২গালৈ তত আহিলত পানীৰ গুৰি গুৰিএ সুধৰ্ম্মা আৰু লগৰ আন মানুহক বিচাৰি ফুৰিছে। দিনৰ দিনটো বিচাৰি নাপাই গধূলি সময় আলিৰ গুৰিৰ এজোপা গছৰ তলত বহি চিন্তা কৰিবলৈ ধৰিলে। হায় ২ প্ৰেয়সীৰ কি অৱস্থা হল। কি জানি প্ৰিয়াই পানীত পড়ি জীবনকে ত্যজিলে। এইদৰে নানা চিন্তা কৰি সুধৰ্ম্মাক নেপাই শােকতে অস্থিৰ হল। ইপােনে পেটত একো আহাৰ নাই, পানীত পড়ি শৰীৰ শীতাৰ্ত্ত হইছে। তাতে গধুলিৰ হিমে তেঁওক ঠেৰেঙ্গা কৰিলে। সি ফালৰ পৰা দুজন ভদ্ৰলােক গধুলি সময় ফুৰিবলৈ আহি তেঁওক গছৰ তলত পড়ি থকা দেখি ওচৰ চাপি আহি কথা সােধাত জানিব পাৰিলে যে তেঁওৰ জ্ঞান নাই। দুইও দুইতে কলে যে [৭] এই মানুহটীকা দেখাত ভাল মানুহ যেন বােধ হয়। পানীত পড়ি এনে গতি হইছে। এতেকে এওক ঘৰলৈ নিয়া যাওক। এই বুলি এজনে মানুহ মাতি আনি সত্যবানক ঘৰলৈ নি অনেক যত্ন কৰাত ভালেমান ৰাতিত তেঁও জ্ঞান পালে। জ্ঞান পাই আকৌ প্ৰাণসম ভাৰ্যালৈ স্মৰণ কৰি খেদ কৰিবলৈ ধৰিলে।

 সেই ভদ্ৰলােক দুজনে, তেঁওৰ কেনেকেই কি হল সকলাে সুধিলে আৰু তেঁওক খেদ কৰা দেখি কলে, আপুনি দুখ এড়ক কেনেকেই গা ভাল হয় তাৰ যত্ন কৰক। এতিয়া খাই বই শুই থাওক পুৱা বিচৰা যাব। উপায়হীন সত্যবানৰ মন কেৱল অস্থিৰ হই তাতে ৰাতি থাকিল।