পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
সুধৰ্ম্মাৰ উপাখ্যান

তাৰে কেইজনী মানে সুধিলে বোলে তোক যেতিয়া টানি আনে তেতিয়া তুমি মানুহক নামাতিলা কিয়? তেঁও উত্তৰ দিলে বোলে বাই হঁত! এনে কথা নকবা, তেঁও এবাৰ ফাটকত পড়োতে মোৰ শোকে বুকু নধৰা হইছিল। আকৌ মোক সেইদৰে অনাত চিয়ঁৰি মানুহ মাতিলে, অবশ্যে মানুহে মোক মাৰিবলৈ নিয়ে বুলি তেঁওক আকৌ ধৰি নি দুৰ্গতি কৰিব, সেই ভয়তে নামাতিলোঁ। মোকে মাৰে কাটে যি কৰে কৰক। মোক যদি এইদৰে এৰি নগই একেবাৰে প্ৰাণটোকে মাৰিলে হোঁতন, বড় ভাল আছিল। এতিয়া মোক হাবিত থোৱতি যেই কি ন হক তেঁওৰ চাগৈ কি গতি হইছে। কোনেনো এমুঠি ভাত দিছে, ময় থকাত কটনা কাৰ্টি, বৰা বানি, খুজি আনি কোনো মতে এমুঠি খাবলৈ উপায় কৰি দিও। এডোখৰ কাপড় দিও কেতিয়াবা নৰিয়াও হয়, তেতিয়া ময় পতি কৰোঁ এতিয়ানো কোনে কৰিব? এই বিলাক কই কান্দিবলৈ ধৰিলে।

 তেঁওবিলাকে, সঁচা যেন মানি তেঁওৰ প্ৰতি, বড় পুতে লাগি কলে। ভনী নাকান্দিবা, এতিয়া কন্দাৰ গুণ একো নাই। ঈশ্বৰক চিন্তা কৰা, তেঁও যেন তোমাৰ স্বামীক মঙ্গলে ৰাখক, আৰু কুমতি দূৰ কৰি সুমতি দিয়ক। আকৌ যেন দুইও লগ হব পাৰা। বুঢ়া জনাই কলে আইটী, তয়নো এতিয়া কলৈ যাবি আমাৰ ইয়াতে থাক। যদি তোৰ গিৰিএৰে কেতিয়াবা বিচাৰি পায়, তেতিয়া যাবি। তেঁও কলে আই, আৰু কি তেঁও মোক বিচাৰিব নে? মোৰ কপাল যি ভাঙ্গিল [১৮] ভাঙ্গিল হে। ভাল ইয়াতে থাকিম, কিন্তু ময় এই প্ৰাৰ্থনা কৰোঁ, মোক স্বামীএ বনত এড়ি যোৱা বাবে যেন মোৰ ওপৰত সদাই আপোনা সকলৰ বেয়া ভাব না থাকে।