পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
সুধৰ্ম্মাৰ উপাখ্যান

দিনৰ মুৰত আজি তোমাক দেখি হৃদয় জুড়ালোঁ এই বুলি কলে। সুধৰ্মাৰ ফালে চাই বড় দুখেৰে কলে, সখি! প্ৰাণাধিক সখা সত্যবানৰ এই পৰ্যন্ত কোনো বাৰ্ত্তা পোৱা নাই, আশা কৰিছো ঈশ্বৰে তেঁওকে দিব। সুধৰ্ম্মাই বড় হৰ্ষেৰে ধন্যবাদ কৰি কলে, সখা! তোমাৰ প্ৰিয় সখা এই ঠাইতে আমাৰ লগতে আছে। এই বুলি সত্যবানক মাতি আনিবলৈ বেগতে গল। সত্যবানে মাধবচন্দ্ৰৰ বাৰ্ত্তা পাই লৰি আহি মাধবচন্দ্ৰক দেখি আলিঙ্গন কৰিলে। তেওঁবিলাক চাৰিও দেখা দেখি হই বড় আনন্দেৰে সইতে গা ধুই আশ্ৰমলৈ আহিল। আশ্ৰমৰ সকলো মানুহে তেঁওবিলাক তিনিও যোড়া মানুহৰ মিলন দেখি বড় আনন্দ কৰিলে। খাই বই উঠি স্থিৰ হই সত্যবানে মাধবচন্দ্ৰত সুধিলে সখা! সেই মহা বিপদৰ পৰা কেনেকেই ৰক্ষা পালা?

 [৩৯] মাধবে কলে, সখা! সেই যে পানীত পড়িলোঁ তাৰ পৰা সোঁতে ভটীয়াই নিলে। ভালেখিনিৰ মুৰত এডোখৰ কাঠৰ আশ্ৰয় পাই সাঁতৰি সঁতৰি, পুৱা বাম উঠিলোঁ। ময়ও বাম উঠিছো, এনেতে আমাৰ গাঁওৱৰে এখান বেপাৰী নাও আহি সেই খিনি পালেহি মোক দেখা পাই সেই নাওতে তুলি ললে। বাটতে বড় জ্বৰ হল। তেঁও-বিলাকে একে বাৰে ঘৰলৈ লই গল। ঘৰত গই বহু দিন নৰিয়াতে কষ্ট পালোঁ। অলপ ভাল হই ঘৰ আৰু গোলা যি মানুহক বন্দবস্ত কৈ দি অহা হইছিল সেই মানুহৰ গাতে দি তোমালোকক বিচাৰি বিচাৰি ইমান দিন ফুৰিছোঁ। কোনো ঠাইলৈ নাওৱেৰে যাও কোনো ঠাইলৈ বামেই যাও নানা দেশ ফুৰি ফুৰি কোনো ৰকমে তোমালোকৰ একো বাৰ্তা নাপাও। আজি আহি এই খিনি পাই ঈশ্বৰৰ