পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৩

আমাৰ বকুলৰ তলত বহি বড়কৈ কান্দিছে, আৰু কিবা কথা বিলাক কইছে। মানুহটীক দেখি বড় মৰম লাগিল। তেওঁৰ কিবা বড় বেজাৰ হইছে, তেওঁক সোধক চোন কি হইছে।

 ঋষিএ তেঁওৰ গুড়িলৈ আহি সুধিলে, তুমি কৰ মানুহ, কি হইছে, কিয় এনেকেই বিহ্বল হইছা? সত্যবানে ঋষিক ফোঁটে লগুনে অতি বৃদ্ধ মানুহ জনা দেখি, মনত বড় ভক্তি হই সেৱা কৰি কলে। গুৰো* ময় অনেক দূৰৈৰ মানুহ ফুৰি ফুৰি এই খিনি পাইছোঁহি। মোৰ ধন, বস্তু, ভাৰ্য্যা, সখা, সকলোকে হেৰুৱাই শোকত উপায় নাপাই কান্দিছোঁ। তেঁওৰ অবস্থা দেখি, ঋষিৰ বড় মৰম লাগি কলে, বাছা? দুখ কৰা মিচা। অপদৰ কালত কেবল ধৈৰ্য্যইহে উপায়। ঈশ্বৰক চিন্তা কৰা, তেঁও তোমাক উপায় দিব। এতিয়া গধুলি হল কলৈ যাবা, আমাৰ আশ্ৰমলৈকে বলা। এই বুলি তেঁওক মাতি নিলে। আশ্ৰমত তেওঁক খাবলৈ দি অনেক প্ৰবোধ দি মন অলপ স্থিৰ কৰি, সকলো বিলাক কথা সুধি কলে। সত্যবান! তুমি মিচাতে দুখ কৰি ফুৰিব নালাগে, আমাৰ আশ্ৰমতে থাকা লৰাহঁতে সইতে লগে থাকিলে অনেক প্ৰকাৰে সিহঁতে তোমাৰ মন কিছু ভালে ৰখাব।

 সত্যবানেও সেই কথাতে ভাবিলে বোলে অকাৰণত ফুৰিলে নো কি হব? যাঃ ইয়াতে ঈশ্বৰক আৰাধনা কৰি থাকোঁ। [২৫] সত্যবানে পূৰ্ব্বেই বাঁহি বজাব পাৰিছিল, ঋষিৰ তাত থাকি আকৌ বাঁহি এটী সাজি ললে। ঋষিৰ পূজাৰ নিমিত্তে সদাই ফুল ফল হোমৰ কাঠ আদি আনি দিয়ে। ধৰ্ম্মত বড় ভাব দেখি ঋষি আৰু আশ্ৰমৰ সকলো মালহে তেঁওক বড় ভাল পায়। তেঁওও সিবিলাকে সইতে বড় ভাল ভাৱে মিলি থাকিল।