পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চতুৰ্থ অধ্যায়।

 [৩১] সুধৰ্ম্মা আৰু লীলাবতী সেই আশ্ৰমতে লগৰিয়া বিলাকে সইতে অনেক দিন আছে। তেঁওবিলাকে বড় মৰম কৰি, যাতে তেঁওবিলাকৰ মন ভালে থাকে তাকে যত্ন কৰে। আৰু বাটৰুৱা বা আন ঠাইৰ পৰা অহা সকলোতে সত্যবান উৰুৰ বাৰ্ত্তা সোধে, কোনেও কব নোৱাৰে। সুধৰ্ম্মা উৰু যদিও বা আন বিষয়ত সুখে আছে, কিন্তু স্বামীৰ বিৰহে তেঁওবিলাকৰ মন দিনে বাতিএ দুহি থাকে। লীলা আৰু মনোৰমাই অনেক ৰূপে মনক বুজাই ৰাখে, কিন্তু সুধৰ্ম্মাৰ মন অতি কোমল। তেঁও একেবাৰেই অস্থিৰ। এদিন দুপৰিয়া সুধৰ্ম্মাৰ মন বড় বিকল হোৱাত জীৱনত ধিক্কাৰ জন্মি পানীত পড়ি মৰোগই বুলি কাকো নোকোৱাকৈ মনে মনে নদীৰ গুৰিলৈ আহিল। পানীৰ গুৰিত বহি ভাবিলে ময় এনেই মহাপাপিনী নহলে মোৰ এনে দশা নহয় তাতে যদি আত্মঘাতিনী হও তেনেহলে নৰকগামী হব লাগিব। জীয়াই বা থাকো কেনেকৈ, প্ৰাণনাথৰ বিচ্ছেদ কষ্ট সহি জীয়াই থকাও টান হল, কি হব? নদীক সম্বোধন কৰি কলে হে গভীৰ প্ৰবাহিনি! মোৰ প্ৰিয় স্বামীক নিদিলা নে? অনুমান কৰে। তোমাৰ গৰ্ভতে তেঁও লয় পালে। নহলে ইমান দিনে ময় পালোঁহেতেন। মোক বা কিয় তুলি দিলা। হে মাতৃ! প্ৰাণেশ্বৰে মোক পাহৰি তোমাৰ কোলাত বহি আনন্দ কৰিছে, মোকো নিয়া ময়ও গই তেঁওৰ চৰণসেবা কৰোঁ গই। এইদৰে পানীৰ গুৰিত বহি [৩২] কান্দি আছে। এনেতে লীলা আৰু আন আন লগৰিয়া বিলাকে তেঁওক বিচাৰি বিচাৰি গই দেখাপাই বৰাই