পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
সুধৰ্ম্মাৰ উপাখ্যান

প্ৰসংশনীয় বিষয় আন একো নাই। আন সকলো ধৰ্ম্ম তাৰ সঙ্গীহে। আৰু সকলো জাতিৰ মাজতে এই ধৰ্ম্ম আদৰনীয়। পূৰ্বৰে পৰা এই ধৰ্ম্মক বড় আদৰ কৰিছে। সাবিত্ৰী, মন্দোদৰী, জানকী, ৰুক্মিনী, এই সকলেও এই ধৰ্ম্মৰ বলেৰে যশস্যা লভি গইছে। আৰু এই ধৰ্মৰ দ্বাৰাই যে এই কালতেহে যশ পাবা এনে নহয়, পৰকলতো স্বামীএ সইতে স্বৰ্গসুখ ভোগ কৰিব পাৰ। আৰু তৃতীয়ত সতী ধৰ্ম্ম।

 প্ৰশ্ন। আই সতী ধৰ্ম্মনো কি কি?

 উত্তৰ। বাছা! যি তিৰোতাই সত্য আচৰণ কৰে তাকে সতী বোলে। সত্য আচৰণ এই বিলাক, একান্ত ভাৰে ঈশ্বৰক চিন্তা, পিতৃ মাতৃ, শহু, শহুৰ, স্বামীকে আদি কৰি গুৰুজন সকলক চিত্তেৰে সইতে ভক্তি, শ্ৰদ্ধা, মান্য কৰা। লৰা, ছোৱালী, ভাই, ভণী, দেৱৰ, ননন্দ এই বিলাকক মৰম কৰা। ঘৰৰ চাকৰ, বেটী, বন্দী বিলাকক মৰমেৰে ৰখা। অতিথি অভ্যাগতক সুশ্ৰুসা কৰা। দৰিদ্ৰৰ দুখ দেখি দুখ পোৱা। ওচৰ চুবুৰিয়াৰে মিলে থকা, স্থিৰ, সহনিয়া, নম্ৰ হোৱা। বড় ক্ৰোধ হিংসা ত্যাগ কৰা, এই বিলাককে সজ আচৰণ বোলে। লক্ষ্মী চৰিত্ৰত এই বিলাক লেখা আছে। তিৰোতাৰ সজ স্বভাব হলেহে সংসাৰত থাকি সুখভোগ কৰিব পাৰে। কাৰণ সজ স্বভাৱ যুক্তা আৰু কাৰ্যদক্ষা হলে শাহু শহুৰ মাক বাপেক ওচৰ চুবুৰিয়া সকলো মৰম কৰে, বিশেষ স্বামীৰ প্ৰাণসমা হব [২০] পাৰে। আৰু তিৰোতাই গৃহস্থিৰ বড় উন্নতি কৰিব পাৰে। যি গৃহস্থৰ ঘৰত ভাৰ্য্যাস্বামী, দুইও দুইৰ প্ৰেমত পৰিতুষ্ট সেই গৃহত সকলো প্ৰকাৰ মঙ্গল বাস কৰে। কথাতে কয় “ভাৰ্য্যা স্বামীৰ হব একে মতি। তেহে সিজে হৰিত ভকতি।”