পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
সুধৰ্ম্মাৰ উপাখ্যান

এই বুলি তেঁওৰ ৰূপ গুণ আৰু ধনৰ ব্যাখ্যা কৰিবলৈ ধৰিলে। সুধৰ্ম্মাই সেই কথাত বড় বেজাৰেৰে কলে, পিতা! ময় আপোনাৰ জীয়াৰি মোক আৰু এনে কথা নকব। আশীৰ্বাদ কৰক যেন মোৰ প্ৰিয় স্বামীক পুনৰায় পাও। যদিহে তেঁওক নাপাও তেন্তে তেঁও যি প্ৰবাহিনীত লয় পালে ময়ও তাতে প্ৰাণ ত্যজিম। সেই কানিয়া মানুহটোএ ধন খাবলৈ পাই নানা ৰকমে তেঁও বিলাকক কথা দেখুৱায়। কেতিয়াবা আকৌ [১১] বলেৰেই ধৰি দিম এনে ভয়ও দেখুৱায়। সুধৰ্মাই লীলত কলে সখি! আমি ইয়াত থকা উচিত নহয়। শেষত কিজানি কি ঘটে, সেই পাষণ্ড মানুহ টোএ আমাৰ সতীত্ব নষ্ট কৰাৰ উপায় চিন্তিছে। আমি ইমানতে ইয়াৰ পৰা পলাই যাও বলা।

 এদিন ৰাতি মনে মনে দুইও পলাই গল। ৰাতি সেই গাঁওৱৰ বাহিৰে এখান অতিথি থকা ঘৰৰ বাহিৰা পিৰালিতে পড়ি থাকি, ৰাতি নৌ পুৱাও তেই তাৰ পৰা উঠি গল। দিনটো গই, গধুলি সময়, মানুহৰ সমাগম নোহোৱা নিৰ্জ্জনত এজোপা বড় অশ্বথ গছ পালে। বড় ভাগৰ লাগি সেই গছৰ তলতে দুইও বহিল। স্বামী শোকত কাতৰা তাতে পেটত আহাৰ নাই দিনটো খোজ কাঢ়িছে, অনেক দুখত ক্লান্ত হই সুধৰ্ম্মাই অনেক বিলাপ কৰি কৰি অশ্বথক সম্বোধন কৰি কলে। হে অশ্বথ! ময় যেনেকেই বড় ভাগৰেৰে আহি তোমাৰ গুৰিত বহিছোঁহি, মোৰ জীবনসৰ্বস্ব স্বামীও পানীৰ পৰা উঠি মোক বিচাৰি ভাগৰ লাগি তোমাৰ ছায়াত বহি শ্ৰান্তি দূৰ কৰিছিল নে? আৰু তুমি বড় ওখ বহুত দূৰৈলৈকে দেখা। প্ৰাণনাথ কোন বাটে গইছে মোক দেখুৱাই দিয়া। অচেতন অশ্বথৰ পৰা একো উত্তৰ