পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সকলো মানুহে মৰম কৰিবলৈ ধৰিলে। গাঁওৱৰ ধনী ধনী মানুহ তেঁওক অনেক সাহায্য কৰি ব্যবসায় কৰিবলৈ উপায় কৰি দিলে।

 মনোহৰে লাহে লাহে বেপাৰ চলাবলৈ ধৰিলে। আৰু সদাই সত কৰ্ম্ম আৰু সত আলোচনা কৰাত ঈশ্বৰৰৰো শুভ দৃষ্টি হল। লাহে লাহে তেঁওৰ বহুত ধন হল। পিতাকৰ পূৰ্ব্বৰ অবস্থাৰ দৰে নহৈ ডাঙ্গৰ মানুহ হল। যি মনোৰমা তেঁওৰ চকুৰ কুটা আছিল সেই মনোৰমা প্ৰাণতকৈ অধিক হল। যি মানুহে তেঁওক ভয় ঘিণ কৰিছিল সেই মানুহে তেওক পুত্ৰৰ দৰে মৰম কৰে। কেৱল তেঁওৰ এটাই মাত্ৰ দুখ মনত থাকিল। তেঁওৰ পিতাক আৰু মাকে তেঁওৰ শোকতে প্ৰাণ এড়িল। এতিয়া তেঁওবিলাকক সুশ্ৰুষা কৰিবলৈ নেপালে।

 সত্যবানৰো ব্যবসায় বড় ভালৰূপে চলিবলৈ ধৰিলে। তেঁওৰ অনেক ধন বস্তু হল। গাঁৱৰ মাজত তেঁওবিলাক এঘৰ প্ৰধান মানুহ হল। আৰু তেওঁবিলাকৰ সত স্বভাৱত সকলো মানুহ বশ হল। কেই বাটীও লৰা ছোৱালী হই সুখে খাই লই থাকিল। মাধবচন্দ্ৰৰো সেইৰূপে লৰা ছোৱালী ধন বস্তু হই তেঁওও সুখে থাকিল।

 পাঠক! ন্যায় আৰু ধৰ্ম্মত চলিলে মানুহৰ কতো হানি নাই। দেখা সত্যবান, সুধৰ্ম্মা, মাধবচন্দ্ৰ, লীলা, মনোৰ এঁও বিলাক এনে বিপদত পড়তো ঈশ্বৰে ৰক্ষা কৰিলে। [৪২] ইমান কষ্টৰ শেষতো সুখী হল। মানুহে ইচ্ছা কৰিলে, নিজৰ স্বভাৱ নিজে সংশোধন কৰিব পাৰে। এতে ধৰ্ম্ম ততে জয়। এই কথা সত্য।

[ সম্পূৰ্ণ ]