পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৩

তােমালােকে তাত থাকিলে বড় ভাল। তাত কোনাে ভয় নাই। ভালেৰে থাকি ঈশ্বৰক আৰাধনা কৰিব পাৰিবা। “ধৰ্ম্মত থাকয় যিতাে নিচিন্তয় আন। যেনে তেনে ৰূপে তাৰ হােৱয় [১৪] কল্যাণ।” সেই স্বামীকে চিন্তি মনত ধৰ্ম্মভাব ৰাখিবা, অবশ্যে তােমালােক কল্যাণ হব।

 মুনিৰ কথাকে স্থিৰ মানি তেঁওবিলাক তেঁওৰ লগতে সেই আশ্ৰমলৈ গল। মুনিএ বৃদ্ধা তাপসীৰ আগত তেঁওবিলাকৰ সকলাে কথা জনাই তেঁওবিলাকক গতাই দিলে। তাপসীএ তেঁওবিলাকৰ কথা শুনি বড় দুখেৰে কলে, আই হঁত! তহঁত মােৰ ইয়াতে থাক। ময় বড় মৰম কৰিম। মোৰ ইয়াত বহুত ছােৱালী আছে, সিহঁতে সইতে ৰঙ্গ ধেমালিৰে থাকিব পাৰিবি, আৰু তহঁতৰ গিৰিএৰ হঁতৰাে ময় বিচাৰ কৰোঁ। তাপসীয়ে তেওৰ তােলনীয়া ছােৱালী বিলাকৰ গুৰিলৈ তেঁওবিলাকক লই গই তেঁওবিলাকক গতাই দি কলে, এই ছােৱালী দুটীক তােমালােকক গতালোঁ। ইহঁত বড় দুখিনী, যাতে ইহঁতে কোনাে বিষয়ত দুখ নাপায় এনেকৈ ৰাখিবাহঁক। আজিৰ পৰা ইহঁতত তােমালােকৰ লগৰে ভনীয় হল। সুধৰ্ম্মা আৰু নীলাইও তেঁওবিলাককে বাই ভনী যেন দেখি সিবিলাকে সইতে মিলেৰে আছে।

 এদিন সুধৰ্ম্ম উৰু এটাই বিলাক ঘাটত গাধুবলৈ গইছে, এনে সময়তে সি পাৰে পানীৰ গুৰিত বহি এজনী অলপ বয়সীয়া তিৰােতাই কান্দিব লাগিছে। তেঁও বিলাকে ইপাৰৰ পৰা সুধিলে হেৰা। তুমি কিয় কান্দিছা, কি হইছে? তুমিননা কত থাকা? দুঃখিনীয়ে উত্তৰ দিলে। বাইহঁত মােৰ কথানে কি সােধা? কলে জানাে