পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৭

 সেই আশ্ৰমৰ সকলোবিলাক তিৰোতা বুঢ়া জনাৰ বড় অধীন। তেঁও যেতিয়াই যি আজ্ঞা কৰে তাকে কৰে। ৰাতি পুৱা শুই উঠি তেঁওবিলাকে আশ্ৰমৰ সকলো ঠাইবিলাক পৰিষ্কাৰ কৰি বুঢ়া জনাৰ পূজাৰ আয়োজন কৰি দিয়ে। তাৰ পাছত খোৱাৰ কাৰবাৰ কৰে। দুপৰিয়া বুঢ়া জনাৰ পূজা শেষ হলে, এটাই বিলাক তেঁওৰ গুৰিলৈ গই দেৱতাক স্তুতি কৰে। তাৰ পৰা আহি খাই বই উঠি সকলোবিলাকে একে ঠাইতে বহে। তাৰ মাজতে বুঢ়াজনা বহি তেঁওবিলাকৰ অগিত সজ পুৰাবৃত্তৰ কথা কয়। কোনোএ তাতে কোনো কথাৰ প্ৰশ্নও কৰে। আবেলি হলে ফুলনিত সোমায়। ফুলৰ গুৰি খোছাৰে পানী দিয়ে এনে বিলাক কৰে। তাৰ মাজতে পুথিও চায়, লেখেও, আন আন বননা কৰে।

 এদিন সেইদৰে বহি সকলোবিলাকে কথা হইছে এনেতে মনোৰমাই বুঢ়া জনাত সুধিলে। আয়! ময় আজি কেইবা দিনৰ পৰা আপোনাক কেইটামান কথা সোধোঁ সোধোঁ বুলি ভাবি আছোঁ। তেঁও কলে বাৰু সোধা।

 প্ৰশ্ন! আয়! স্ত্ৰী ধৰ্ম্মনন কি কি, কোন কোন ধৰ্ম্মৰ দ্বাৰা ইহ পৰ কালত সুখী হব পাৰে?

 উতৰ। বাছ!! ধৰ্ম্ম এটা নহয়। প্ৰথমতে ঈশ্বৰক আৰাধনাই প্ৰধান ধৰ্ম্ম, দ্বিতীয়ত পতিব্ৰতা ধৰ্ম্ম।

 প্ৰশ্ন। আয়! পতিব্ৰতা ধৰ্ম্মনো কাক বোলে?

 [১৯] উত্তৰ। স্বামীবিনে কেতিয়াও আন পুৰুষক কামনা নকৰেএকমাত্ৰ স্বামীকেই আৰাধনা কৰি থাকে, স্বামী সেৱাত মন দৃঢ় কৰে, তেঁওকেই পতিব্ৰতা বোলে। তিৰোতাৰ পৰম পবিত্ৰ পতিব্ৰতা ধৰ্ম্মতকৈ