পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৫

কৰাই মোৰ স্বভাৱ ভাল হোৱা দূৰৈত থাওক, বেয়াহে হবলৈ ধৰিল। ভদ্ৰ! ময় আপোনাৰ বেয়া কথা কবলৈ এতিয়া একণো বেয়া নাপাও। মোৰ পিতৃমাতৃএ মোৰ বেয়া কথা দেখি খঙ্গ কৰাত তেঁওবিলাক মৰিলেই ভাল হয় যেন পাইছিলোঁ। তিৰোতা জনীক যে চকুৰ কাঁইট যেন দেখে। বড়কৈ মাৰোঁ। ভাৰ্য্য স্বামীৰ সহবাস সুখৰ পৰিবৰ্ত্তে তেঁও কেবল কষ্টকেহে পালে। ময় ভাঙ্গ খাই, মদ খাই, মতলীয়া হই বেশ্যাৰ ঘৰে ঘৰে ফুৰোঁ, তিৰোতাৰ অলঙ্কাৰ কাঢ়ি নিও, তথাপি হায়! পতিপ্ৰাণা সতী সেই কথাত খঙ্গ নকৰি মোক বড় মৰম আৰু ভক্তিহে কৰিছিল, কত প্ৰকাৰে মোক ভাল কৰিবলৈ যত্ন কৰিছিল, মোক মন কোনো ৰকম ঘূৰাব নোৱাৰে। পিতাৰৰ বহুত ধন আছিল, ময় অনেক মন নষ্ট কৰিলোঁ। শেষত পিতাই ধন আটক কৰাত চুৰ কৰি কৰি সকলো ধন শেষ কৰিলোঁ। শেষত আমাৰ ভাত খাবলৈকে নচলা হল। পিতাও বুঢ়া হল, কোনো ৰকমে আৰ্জ্জিবও নোৱাৰে, নিৰুপায় হল পিছে মোৰ গৃহিনীএ কাপোড় বই বেচি বেচি কোনো মতে তেঁওবিলাক প্ৰতিপাল কৰিছিল, মোকো খাব পিন্ধি [২৭] বলৈ দিছিল। ময় ভাত সুখ নাপাই চুৰকৰি ধন লই যাও, ধন নাপালে তেঁওক মাৰোঁ। হাতত ধন নাইকিয়া হলত মানুহৰ ঘৰে ঘৰে চুৰ কৰি কৰি মদ ভাঙ্গ খাও। ধৰা পড়ি পড়ি তিনিবাৰ টিকটিকি পালা শেষত এবাৰ টান কথাত ধৰা পড়িলত কঠিন পৰিশ্ৰমে সইতে এবছৰ ফাটক খাটিব ভাগা হলোঁ। ময় ফাটকত পড়িত মোৰ পিতা, মাতা, ভাৰ্য্যা শোকতে অধৈৰ্য্য হল। পিতৃমাতৃৰ স্বভাব অতি পবিত্ৰ। মোৰ এনে হীন প্ৰকৃতি দেখি, একেই তেঁওবিলাকৰ মন দুঃখিত আকৌ ফটক খটা দেখি বড় শোক পালে। তাতে সুখত থকা মানুহ ইমান দুখত পড়িছে,