পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
দ্বিতীয় অধ্যায়।

 ইফালে সুধৰ্ম্মা ভেল ওপােঙ্গা দি দি আহি এজোপা জাঁজিত লাগিল। ৰাতিপুৱা সিফালৰ পৰা এযােড়া নাৱৰীয়া মানুহ আহি তেঁওক দেখা পাই প্ৰথমে মৰা মানুহ যেন দেখিলে। পিছে তাৰে বুঢ়া মানুহ এটাই কলে, লৰাহত অ! এই মানুহজনী মৰা নাই হবলা, কালিৰ ধুমুহাই পাই এনে কৰিছে যেন পাও। তহঁতে জুই ধৰি সেকি চা চোন। সিহঁতে সেই বুঢ়াৰ কথাতে তেঁওক তুলি আনি জুই ধৰি সেঁকাত, তেঁওৰ গালৈ তত আছিল। জ্ঞান পালত বুঢ়া মানুহটীএ সুধিলে; আইটা তুমি কেনেকেই পানীত পড়িছিলা? তােমাৰ কোন আছে? [৮] কত ঘৰ ? তেঁও সকলাে কথা কলে আৰু তেঁওৰ প্ৰিয় স্বামীৰ মৃত্যু শঙ্কায় শােকতে অস্থিৰ হই কান্দিবলৈ ধৰিলে। আৰু কলে দেৱ সকল, মােক কিয় পানীৰ পৰা তুলিলা হঁক ? ময় তাতে মৰা হলেও, ভাল আছিল। মােৰ স্বামী পানীত পড়ি কি জানি কি হল, ময়, জীয়াই থাকি কি কৰিম। এইদৰে কান্দি কান্দি পাগলীৰ দৰে হই আকৌ পানীত পড়িবলৈ যাব ধৰাত, সেই বুঢ়া মানুহটিএ ধৰি বহুৱাই সাবলৈ ধৰিলে। আইটী ! নাকান্দিবা, তােমাৰ স্বামীও এইদৰে কত বাত ৰক্ষা পাইছে। এতিয়া তেঁওক পাবৰ কাৰণে ঈশ্বৰক প্ৰাৰ্থনা কৰি, আমাৰ নাৱত উঠা। আমি তােমাক এই নিৰ্জন ঠাইত এড়ি যাব নােৱাৰাে, লই গই এখান গাওৱত নমাই দিম বা তােমাৰ দেশত, তুলি দিম। সুধৰ্ম্মাই সেই কথাতে ধৈৰ্য্য ধৰি সেই নাওৱতে উঠি.. গল। সত্যবানক দেখা পাম পাম বুলি পানীৰ দুই দাতিএ চাই চাই গইছে। দুৰ্ভাগী সুধৰ্ম্মাই কতাে দেখা নাপালে।