পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
সুধৰ্ম্মাৰ উপাখ্যান

একান্ত ভাৱে ঈশ্বৰক চিন্তা কৰিবলৈ ধৰিলে। আৰু বড়কৈ চিঁয়ৰি কাতৰ সুৰেৰে কলে, হে বনদেবতা! আমি স্বামীৰ শােক কাতৰ হই বনে বনে ফুৰিছো কাকো একো অপকাৰ কৰা নাই, এনে অৱস্থাত আমাক এই [১৩] দুৰন্ত ব্যাধে কিয় অকাৰণত বিৰক্তি দিছে। আপােনা সকলে এই অনাথা দুইক ৰক্ষা কৰক। ত্ৰাহি ঈশ্বৰ। ত্ৰাহি মধুসূদন।

 এই হাবিৰ ওচৰতে এখন শিবদেবালয় আছে। সেই দেবালয়তে এজনা বৃদ্ধ মুনি বাস কৰে। সেই মুনি ফল ফুল বিচাৰি সেই ফাললৈকে আহোঁতে, সুধৰ্ম্মা আৰু লীলাৰ আৰ্তনাদ শুনি নিৰ্ভয় দি বেগাই সেইফালে আহিল। ব্যাধৰ অত্যাচাৰ দেখি তপস্বী জনাৰ বড় খঙ্গ উঠি ব্যাধক কলে, পাষণ্ড! পশু ! তয় এই ঘােৰ অৰণ্যৰ মাজত পাই সহায়হীনা তিৰােতা দুটিীক নষ্ট কৰিব খুজিছ? কিন্তু দেখ “ধৰ্ম্মস্য সূক্ষ্মাগতিঃ” ঈশ্বৰৰ কৃপাদৃষ্টি থকাত তয় কি কৰিব পাৰ? এতিয়া ইয়াৰ পৰা গুছি যা নহলে প্ৰতিফল পাবি। মুনিৰ খঙ্গ দেখি হীন জাতি ব্যাধে ভয় পাই আঁতৰি গল। মুনিএ, তেঁওবিলাক কিয় সেইদৰে ফুৰিছে, কি কথা, সকলে সুধি বড় দুখিত হৈ কলে, বাছা তােমালােক এইদৰে ফুৰাত কি গুণ হব, বৰঞ্চ কেতিয়াবা আকৌ ভয় পাবলৈহে আছে। ইয়াৰ পৰা অলপ আঁতৰতে এখন আশ্ৰম আছে। তাত বহুত তিৰােতা মানুহ আছে। এজনা বৃদ্ধা তাপসীএ সেই তিৰােতা বিলাকৰ ওপৰত গৰাকি হই আছে। তেঁওৰ বৰ ভাল স্বভাব, তেঁও বড় জ্ঞানবতী আৰু মৰমিয়াল। তেঁও সদায় তিৰােতা আৰু ছােৱালী বিলাকক সঙ্গ উপদেশ আৰু ধৰ্ম্মশিক্ষা দিয়ে। তাত অনেক অসহায় তিৰতা আৰু ছােৱালী আছে। মােৰ মনেৰে