পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৫

নােৱাৰিলে, বৰঞ্চ — হে ঈশ্বৰ! [১৬] ক্ষমা দিব — ডাঙ্গৰ হই অনেক অকৰ্ম্ম কৰি ঘৰৰ যথাসৰ্বশ্ব নষ্ট কৰিলে। শেষত দুৰ্দ্দশাৰ ফলে তেঁও বন্দীশালত পড়িল। শাহু শহুৰ সেই সময়তে ঢুকাল। ময় কটনা বচনা কাটি কোনােমতে খাই আছিলোঁ। কাপড় বই বেচি বেচি হাতত কেইটকামান ৰুপ হইছিল, ফাটকৰ পৰা আহিলত সেইদৰেই কটনা কাটিএই কিছুদিন দুইও খাই আছিলোঁ। আয়! কি কম অভাগীৰ কপালে স্বামীৰ মন সিমানতো ভাল নহল আকৌ সেইদৰে ফুৰে। মােৰ হাতৰ ৰুপ কেটকা কাঢ়ি নি খৰচ কৰিলে। সদাই মাৰি ধৰি হাই কৰি থাকে। কিন্তু সেই বিলাক কথাত ময় একো নকও, কেবল কেনেকৈননা তেঁও ভাল হব তাকেহে চিন্তো।

মােৰ সখী এজনা সেই গাঁওৱৰ পৰা দুই মাইল মানত আছিল। তেঁওৰে সইতে মােৰ বড় প্ৰীতি। তেঁও মােক বহুত সহায় কৰে। পৰশুই আবেলি মােৰ স্বামী মােত কলে বোলে আজি তােৰ সখীএৰৰ ঘৰলৈ গইছিলোঁ। তেঁওৰ বড় নৰিয়া তােক মাতিছে। নিশা দুইও যাও বলা। এই বুলি এন্ধাৰ হলত মােক লই আহিল। সখীৰ ঘৰলৈ যি বাটে যায় সেই বাটে নানি আন এটা বাটেৰে আনি, কিছুমান বাট আহি মােৰ চকুত বড় ডাঠকৈ কাপড় বান্ধিলে, ময় তেতিয়াই সংশয় কৰি অনেক ৰূপে কাবৌ কৰি কলোঁ। তেও মােৰ কথা নুশুনি মােক টানি আনি হাবিৰ মাজ সুমাই মােক তাতে থই কোনবা পিনে গল। ময় গমকে নাপালোঁ। ৰাতি তাতেই আছিলোঁ। পুৱা বড় কষ্টেৰে চকুৰ কাপড় গুছালোঁ। বাট বিচাৰি নাপাই আহি নদীৰ সি পাৰৰ পৰা এঁও বিলাকক দেখা পালোঁ।

 [১৭] মনােৰমাই এই কথা বিলাক বড় শােকেৰে কান্দি কইছে।