পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সুধৰ্ম্মাৰ উপাখ্যান

কৰিলে। দিন বাৰ চাই এদিন তেঁও বিলাক অনেক মানুহ আৰু বেপাৰৰ বস্তু লই বিদেশলৈ যাত্ৰা কৰিলে।

 সুধৰ্ম্মা গাভৰু ছােৱালী বয়স কোমল আৰু উন্নত মন উজ্জ্বল, তাতে প্ৰিয় স্বামিৰ লগত গই নানা দেশ আৰু ঠাইৰ শােভা দেখি গইছে, লগত তেঁওৰ বড় স্নেহৰ সখী লীলাও গইছে, এতেকে তেঁও আনন্দতে কেবল মগ্ন আছিল। সত্যবান উৰু বাটত যাওতে ঠাইএ ঠাইএ বেপাৰ কৰিবলৈ উঠে। সুধৰ্ম্মাই যি ঠাইত যি বস্তু বা বিষয় দেখা পাই তাৰ কথা সুধি বুজি লয়। বাটত বড় দুখীয়া দৰিদ্ৰ মগনীয়া দেখিলে অলপ দিয়ে। এদিন সিবিলাকৰ নাও, এখান গাঁওৰ গুৰিৰ ঘাটত বান্ধিছে। সুধৰ্ম্মা অৰু লীলা বামত উঠি ইফাল সিফাল কৰিছে। এনেতে এজনী মানুহ জিৰলি জিৰলি ফুটা কানি পিন্ধি এটা মাটীৰ কলহ লই ঘাটলৈ আহিছে। তেঁওবিলাকে তাই ফালে চাই থাকি মাত লগালে, বােলে হেৰা আয়, তুমি আগকে পৰা এই গাঁওতে থকা মানুহনে, আন ঠাইৰ পৰা অলপতে ইয়ালৈ আহিছা? তাই কলে আয়, কিয়নাে সুধিছে, ময় ইয়াৰ মানুহ নহও। ময় কমল পুৰৰ মানুহ অলপ দিনৰ পৰাহে ইয়াত আছোঁ।

 যি দেশত সুধৰ্ম্মা উপজিছিল, তাইও সেই দেশৰ। সুধৰ্ম্মাই মাকৰ ঘৰত থকাত তাইক দেখা পাইছিল। চিনা জনা [৫] আছিল। তেঁও যি কালত দেখে, তাই তেতিয়া এজন বড় ধনী, উকীলৰ তিৰুতা আছিল। তেতিয়া তাই বড় আবুৰত আছিল। তাইৰ গাত অনেক বহুমূল্য অলঙ্কাৰ, ঘৰত বহুত বেটী বন্দী, বড় ভাল ভাল ঘৰ আছিল। গিৰিএকৰাে তাই আদৰৰ আছিল।

 তেওঁবিলাকে তাইক চিনি পােৱা যেন ভাবে সুধিলে, বােলে তুমি