পৃষ্ঠা:সুধৰ্ম্মাৰ উপাখ্যান.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
সুধৰ্ম্মাৰ উপাখ্যান

ওপৰত খঙ্গ কৰি মোক যে আকৌ বিচাৰি আহিছে ইও কেবল মোৰ ভাগ্যৰ বলেহে আনিছে। এতেকে স্বামি! দুখ এড়ক, ময় অভাগিনীৰ কাৰণে কিয় আপুনি দুখ কৰি ফুৰিছে? মনোহৰে মনোৰমাৰ কথা শুনি বৰ দুখেৰে কলে। প্ৰিয়ে! তুমি আৰু অধিক দুখৰ কথা কই মোৰ হৃদয় দগ্ধ নকৰিবা। তোমাক ময় মহা অৰণ্যত সেইদৰে এড়িলোঁ। তথাপি ঈশ্বৰে যে তোমাৰ জীবনটী ৰক্ষা কৰি আকৌ ময় পাপীক দেখুৱালে এইবাবে তেঁওক সকৃতজ্ঞ চিত্তে সেৱা কৰিছোঁ। মনোৰমানো কেনেকৈ সেই আশ্ৰমলৈ আহিল তাক সুধিলে। মনোহৰেও তেঁওৰ নৰিয়াৰ বাৰ্ত্তা আৰু কেনেকৈনো আহি হি সেইখন পাইছেহি সকলো কথা কলে। মনেহৰৰো আকস্মিক শুভ মিলন দেখ বড় আনন্দ পালে। মনোৰমা থকা আশ্ৰমৰ মুনিকন্যা সকলে পূৰ্ব্বে মনোৰমাৰ কথা মানিব পৰা নাছিল। এতিয়া মনোহৰৰ মুখে সকলো কথা শুনি মনোৰমাক বৰ আদৰ কৰি কলে। মনোৰমা! ভনি! ধন্য তোমাৰ জীবন ঈশ্বৰে তোমাক আৰু [৩৭] কষ্টৰ পৰা মুক্ত কৰক। স্বামীএ সইতে যেনে সুখে থাকিব পাৰা। সত্যবান, মনোহৰ, সুধৰ্ম্মা, মুনিকন্যা, সকলো বিলাক সুধৰ্ম্মা থকা আশ্ৰমলৈ আহিল। বৃদ্ধা তাপসী এ তেঁও বিলাকক দেখি বড় আনন্দ পাই আশীৰ্ব্বাদ কৰিলে। আৰু সেই আশ্ৰমতে থাকিবলৈ আদেশ কৰিলে। সত্যবানে তেঁওবিলাক পূৰ্বে থকা আশ্ৰমলৈ গই মুনি সকলৰ আগত সকলো কথা কই বিদাই হই আহিল। এটাই বিলাক একে ঠাইতে গলাগি সুখে আছে।

 লীলাবতী এ সত্যবান আৰু সুধৰ্ম্মা মিলন দেখি বড় ৰঙ্গ পাইছে হয় কিন্তু তেঁওৰ স্বামী মাধব চন্দ্ৰৰ একো বাৰ্ত্তা নাপাই মন একেবাৰে