শিক্ষা-বিচাৰ/প্ৰথম অধ্যায়্

ৱিকিউৎসৰ পৰা
[  ]
 

শিক্ষা-বিচাৰ

প্ৰথম অধ্যায়।

শিক্ষাৰ অৰ্থ আৰু উদ্দেশ্য।

 শিক্ষা-ব্যৱসায়ৰ সম্বন্ধে দুটা এটা কথা শুনিব খোজা মানুহৰ অভাৱ বৰ্তমানত পাতনিনাই। কাৰণ, নানাবিধ কাৰণৰ সময়ত লোকে বুজিছে যে জাতীয় জীৱনৰ শিক্ষা এটা প্ৰধান অঙ্গ; আৰু জাতীয উন্নতিৰ কাৰণে শিক্ষা এটা প্ৰধান লাগতিয়াল আহিলা।

 তথাপিতো যে শিক্ষা-ব্যৱসায়ৰ প্ৰতি সাধাৰণৰ অৱহেলাৰ ভাৱ দেখা যায়, তাৰ এটা গূঢ় কাৰণ আমাৰ শিক্ষক-সকলৰ গাত হে। অনেক শিক্ষকে নিজক নিজে ভাৱে যে শিক্ষাদানত কোনো পকাৰ বিশেষ ব্যুৎপত্তিৰ আৱশ্যক নকৰে। কথমপি ক খ প ম জানিলে, বকিব পাৰিলে, আৰু আৱশ্যক অনুসৰি চিকনি চলাব পাৰিলে, শিক্ষকতা কাৰ্য্য সুকলমে কৰিব পাৰি। সেই দেখি, চাৰিওফালে কাম-কাজ কতো নাপালে— কেৰানি, ৰেলৰ টিকট বাবু, পিয়াদা, মণ্ডল, চাপ্ৰাচী [  ] — এই আটাইবোৰ বিষয়ত ‘ফেল’ হৈ আহিলে তৈতিয়াহে মানুহে শিক্ষকতা কাম বিচাৰে; আৰু, আমাৰ ঔদাৰ্য্যৰ গুণত পায়ো।

 বোধ কৰো “Failures are the pillars of Success” [হাৰিলেহে জিকাৰ বাট মুকলি হয়]— এই কথা আখৰ শিক্ষকেই বন ই দিয়া। আন কোনো বিষয়ত এই কথা খাটে নে নাখাটে কব নোৱাৰোঁ। কিন্তু দেখা যায়, আন সকলো ব্যৱসায়ত failure (পৰাস্ত) হৈ যি কেইটা pillar (থাম) বহুৱাই দিব পাৰি, সেইকেইটাই শিক্ষকতা-ব্যৱসায়ৰ Succes (সিদ্ধি) টো ডাঙি ধৰি থাকে!

 ২। যদিও সাধাৰণতে শিক্ষা আৰু শিক্ষকতাৰ এনে অৱস্থা, তথাপিতো এই ব্যৱসায়টোৰ এখন বিজ্ঞান আছে। আৰু এইবিজ্ঞানো যেনে তেনে বিজ্ঞান নহয়! শিক্ষা-বিজ্ঞানতাহানিখন বোলে অগস্ত্যই এক চলু কৰি সপ্ত সমুদ্ৰৰ পানী পেটত সুমাই থৈছিল; কলি যুগত শিক্ষকসকলেই অগস্ত্যৰ পো-নাতি এওঁলোকেও বিশ্বব্ৰহ্মাণ্ডৰ যিমানবিলাক বিজ্ঞান আছে আটাইকে গুলি পকাই এই শিক্ষা-বিজ্ঞান-খন তৈয়াৰ কৰিছে। এই বিজ্ঞানত, শৰীৰ-বিজ্ঞান মনো-বিজ্ঞান আত্ম-বিজ্ঞান— ইত্যাদিবিলাকৰ কথা সম্যকৰূপে থাকেই; তাৰ উপৰি চৌষষ্টি [  ] কলা আৰু ষট্‌ বিদ্যাৰ প্ৰত্যেকটোকে লৈ ই অলপ জোকোৰা-জোকোৰ কৰে! যদি কোনোবা পাঠকে আমাৰ এই প্ৰৱন্ধটো গোটাই পঢ়ে, তেন্তে তেওঁ আমাৰ কথাৰ সাৰ্থকতা বুজিব।

শিক্ষাৰ সংজ্ঞা ৩। যেই সেই কথাৰে সংজ্ঞা দিয়া টান। বিশেষ, শিক্ষা-বিজ্ঞানৰ ইমানখিনি গুণ-গৰিমা গাই শিক্ষাৰ সংজ্ঞা শিক্ষাৰ সংজ্ঞা বিজ্ঞানানুমোদিত নহ’ল লাজৰ কথা। কোনো চমক লাগা কথা কব পাৰিলেহে বিজ্ঞানৰ মান বজায় থাকে। সেই দেখি পণ্ডিত লোকে পানীক কি বোলে জানা নে? Hydrogen (হাইড্ৰোজেন) আৰু Oxygen (অক্সিজেন)ৰ ৰাসায়নিক সংযোগ হোৱাত যি জটিল পদাৰ্থ হয়, সেয়ে পানী! এই ব্যাখ্যা শুনি কাপোৰ ধুবলৈ বা চুবা সাজ ছাফা কৰিবলৈ ব্যৱহাৰ কৰা পানীৰ প্ৰতি ভক্তি নহই নোৱাৰে।

 এৱন্বিধ সাধু দৃষ্টান্তলৈ চাই শিক্ষকসকলেও শিক্ষা বিজ্ঞানৰ অন্তৰ্ভুক্ত আটাইবোৰ শব্দৰ এনে কটমটীয়া ব্যাখ্যা দি থৈছে, যে যথেষ্ট জোঙা নহলে তাত দন্তস্ফূট কৰা কিছু কঠিন।

 বাৰু, কোৱাচোন, শিক্ষা অৰ্থ নো কি বুজা? পোনে পোনে কবা, শিক্ষা অৰ্থ বিদ্যা-শিক্ষা; আৰু বিদ্যা মানে লেখা-পঢ়া। দুই-একে উধাই ইমান পাবগৈ পাৰা যে বিদ্যা অৰ্থ জানিব লগীয়া যাবতীয় বিষয়। কিন্তু শিক্ষা-বিজ্ঞান-বিদ্‌ পণ্ডিতে [  ] হলে মূৰ জোকাৰি গহিনাই কব, তোমালোকৰ শিক্ষাৰ অৰ্থটো তেনেই ভুল! ইমান এটা যে ভুল কৰি বহি আছা, তাক তোমালোকে জানাই নাই।

 সেই দেখি বেছি আৰম্বৰ নকৰি শিক্ষা নো কাক বোলে কৈ দিওঁ:—

“সমাজে তাৰ উৎকৃষ্ট আদৰ্শৰ অনুৰূপ বিকাশ হবৰ নিমিত্তে মানব-শিশুৰ ওপৰত যি ইচ্ছাকৃত প্ৰভাৱ বিস্তাৰ কৰে সেয়ে শিক্ষা। ”

 মোৰ এই সংজ্ঞাটো আন আন বিজ্ঞানত সচৰাচৰ যেনে সংজ্ঞা পোৱা যায় সেইবোৰত কৈ কম জটিল বা দুৰ্বোধ্য নহব পায়; আৰু সেয়ে হলে মোৰ উদ্দেশ্য সিদ্ধ হল; কাৰণ, তেতিয়া শিক্ষা-বিজ্ঞানো যে খাটি বিজ্ঞানৰ এখন, এই কথাত আৰু সন্দেহ কৰিব লগীয়া একো নাথাকে।

বিবৰ্তন বা অভিব্যক্তি ৪। ডঢ়ীয়া ডাৰুইন এজনা মস্ত পণ্ডিত। যি বিজ্ঞানে ডাৰুইনৰ জকাটো লৈ লাৰা-চাৰা কৰিব পাৰা নাই সি বিজ্ঞান-নামৰ যোগ্যই নহয়। এই কাৰণে আমাৰ বিজ্ঞানেও ডাৰুইনক এনেই এৰি দিয়া নাই। মই আগেয়ে কৈ আহা সংজ্ঞাটো লৈ আৰু এবাৰ মন কৰা। সমাজে মানব-শিশুৰ ওপৰত প্ৰভাৱ [  ] বিস্তাৰ কৰে; সেই প্ৰভাৱটো সমাজে ইচ্ছা কৰি কৰা,— গতিকে ইচ্ছা কৰি নকৰা আৰু এটা প্ৰভাৱ আছে। এনেকুৱা কৰাৰ উদ্দেশ্য, সমাজৰ উৎকৃষ্ট আদৰ্শৰ অনুৰূপত শিশুৰ বিকাশ হব লাগে।

 এই ‘বিকাশ’ শব্দটোৰ কাৰণে ডাৰুইনক আমাৰ সমৰক্ষেত্ৰত অৱতীৰ্ণ কৰাব লগীয়া হৈছে।

 বিবৰ্তন-বাদ বা অভিব্যক্তি বাদ বা ক্ৰম-বিকাশ-বাদ বা Theory of Evolutionৰ কথা বিশদৰূপে কোৱাৰ ই ঠাই নহয়। ‘Survival of the Fittest’ বা ‘যোগ্য-ভোগ্য বসুন্ধৰী’— এই কথা আখৰৰ সাধাৰণ আৰু গূঢ় অৰ্থও অনেকে জানে।

 চাৰিওফালৰ নানানবিধ অৱস্থাৰ ভিতৰত পৰি সকলো বস্তুএ এটা নে এটা প্ৰকাৰে পৰিণতি লাভ কৰে। এই চাৰিওফালৰ অৱস্থাবোৰৰ বৈজ্ঞানিক নাম ‘পাৰিপাৰ্শ্বিক অবস্থা’ [Environment]। মানুহ এজনৰ পাৰিপাৰ্শ্বিক অৱস্থা— তাৰ চাৰিওফালৰ প্ৰাকৃতিক দৃশ্য, জল বায়ু, পশু-পক্ষী, মানুহ, সমাজ, ইত্যাদি ইত্যাদি। গছ এজোপাৰ পাৰিপাৰ্শ্বিক অৱস্থা– তাৰ থাকা ঠাই, সেই ঠাই ৰদাল নে ছেছুক, সেই ঠাইৰ বৃষ্টিপাত, মানুহৰ আতি পতি, ইত্যাদি ইত্যাদি।

 এই পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত ঘাত-প্ৰতিঘাত হৈ সকলোৰে বিকাশ হয়। বিকাশ অৰ্থ উন্নতি নহয়, পৰিবৰ্তন।
[  ]  সেই দেখি, আমি যদিও বৃক্ষ-বিহাৰী মৰ্কট-কুলৰ হে কুল-ধ্বজ তথাপিতো আমাৰ লেজ নাইকীয়া হল; কিন্তু বেছি হল হাত আঙুলি মুৰৰ ঘিউ ইত্যাদি। ইয়াৰে পৰাই ক্ৰমে ক্ৰমে লাহে লাহে অকামিলা হৈ আহা হাত-ভৰি আদি লোপ পাই, এটা প্ৰকাণ্ড মুৰত পৰিণত হৈ মানব-জাতিএ যে ঔ বাগৰাৰ দৰে বাগৰি ফুৰিব, ৰহস্যৰ ছলেৰে হলেও, অনেক লোকে এই কথা কয়।

 এটা ঘৰুৱা উদাহৰণ ললে— এজন চাহাবৰ লৰা আৰু এজন নগাৰ লৰাৰ ভিতৰত যি প্ৰভেদ দেখা যায়, সি কিহৰ ফলত? উত্তৰ, পাৰিপাৰ্শ্বিক অৱস্থাৰ বৈসাদৃশ্য। আমি অসমীয়া কথা কওঁ, চাহাবৰ লৰাই ইংৰাজী আৰু পশ্চিম ভাৰতৰ লৰাই হিন্দুস্থানী কথা কয়; কিয়?— পাৰিপাৰ্শ্বিক অৱস্থাৰ গুণত।

 এই দৰে, পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত কেতিয়াবা মিলিব পাৰি, আৰু কেতিয়াবা মিলিব নোৱাৰি, যি পৰিবৰ্তন ঘটে সেয়ে বিকাশ। অতি বহল অৰ্থত ইয়াকে শিক্ষাও বুলিব পাৰি।

 কিন্তু শিক্ষাৰ অৰ্থ আচলতে এই হোৱাহেতেন, শিক্ষককুলৰ একো অৱশ্যক নাথাকিল হয়। আন যেয়ে যিহকে বোলক, শিক্ষক সম্প্ৰদায়ৰ যে নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰাৰ বিশেষ কিবা ইচ্ছা আছে, এনে ভাবিবৰ একো কাৰণ নাই। সেই দেখি, শিক্ষা-বিজ্ঞান শিক্ষাৰ অৰ্থ আন এফেৰি কথাকেহে বুজাইছে।
[  ] পাৰিপাৰ্শ্বিক অৱস্থা৫। এইটো নো কি যদি জানিব খুজিছা, তেনেহলে পাৰিপাৰ্শ্বিক অৱস্থাটো এবাৰ পিতিকি চাব লাগিল। পিতিকাৰ আগতে অলপ লোণ সানি লোৱা যাওক।

 পাৰিপাৰ্শ্বিক অৱস্থাই যে কেৱল বৰ্তমান কালৰ নিয়মবোৰকেহে বুজায়, এনে নহয়। যি অতীত কাৰণবোৰে বৰ্তমানত কোনো পৰিবৰ্তন কৰিব পাৰে, তাকো পাৰিপাৰ্শ্বিক অৱস্থাৰ ভিতৰত ধৰা হয়। যেনে অতীতৰ নানাবিধ অত্যাচাৰৰ পৰা বৰ্তমান ৰুচিয়াৰ বিদ্ৰোহ; অতীতৰ নানাবিধ ঘটনাৰ সমন্বয়ত বৰ্তমান পৃথিৱী ব্যাপী মহাৰণ; কেনোবা পীৰীৰ কোনোবা এজন বিবেচনাহীন লোকৰ দোষত বৰ্তমান পীৰীৰ নিৰীহ সন্তানৰ নানাবিধ ৰোগ-ভোগ; ইতাদি।

 এইখিনি কথাত অৱশ্য কুলানুক্ৰমিক দোষ-গুণ-সংক্ৰমণ (Heredity) বেলেগে ধৰা নাই। এই বিষয়ে কথা পাছত ওলাব। [৯ অনুচ্ছেদ। ]

 পাৰিপাৰ্শ্বিক অৱস্থাক প্ৰধান কৈ দুটা ভাগ কৰিব পাৰি— প্ৰাকৃতিক আৰু সামাজিক। আমাৰ ছাল কলা, চাহাবৰ চামৰা বগা; কাৰণ, প্ৰাকৃতিক অৱস্থা। হিন্দু লৰাই নাম কীৰ্তন কৰে, (অৱশ্য আশা হে কৰোঁ), মুচলমানৰ লৰাই নামাজ পঢ়ে; কাৰণ, সামাজিক অৱস্থা। মিৰীৰ ছলি বনৰীয়া আৰু কষ্ট-সহিষ্ণু, কলিকতীয়া ছলি মাৰ্জিত আৰু ‘ননীৰ পুতুল’; [  ] মূলত সামাজিক আৰু প্ৰাকৃতিক অৱস্থা। প্ৰাকৃতিক অৱস্থা- বোৰে মানব-শিশুৰ কিছু পৰিমাণে বিকাশ কৰে; আৰু সামাজিক অৱস্থাবোৰে কৰে কিছু পৰিমাণে। এই দুয়োবিধ অৱস্থা লগ লাগি, ইটোএ সিটোএ বিকাশ কৰা কৰি কৈ, যি পৰিবৰ্তন হয় সেয়ে মূল বিকাশ— যাৰ গুণত একে লগে একে ঠাইতে হোৱা ৰাজাৰ ছলি হল বিক্ৰমাদিত্য আৰু বামুণৰ লৰা হল বিকা-বামুণ।

ইয়াতে মন কৰিব লগীয়া কথা এই, যি বিকাশটো ঘটিল সি তিমান শিশুৰ নিজা বলত নহয়, যিমান প্ৰাকৃতিক আৰু সামাজিক অৱস্থাবোৰৰ জোৰত শিশু, যেনিবা, এক সোপা মাটি আৰু পাৰিপাৰ্শ্বিক অৱস্থা খনিকৰ। খনিকৰৰ নিপুণতাৰ তাৰতম্য অনুসৰি বোকাই দেৱী- প্ৰতিমাৰ পৰা ধান-উহোৱা-উধান, যিহৰ তিহৰ আকৃতি প্ৰাপ্ত হয়।

 


সমাজৰ ইচ্ছাকৃত প্ৰভাৱ   ৬। যদি শিশুটোক আমি কোনো বিশেষ প্ৰকাৰে বিকাশ বা পৰিবৰ্তন কৰিবলৈ বিচাৰোঁ, তেনে-হলে আমি খনিকৰ হে সলাবলৈ চেষ্টা কৰিব লাগিব। চিধা কথা কবলৈ হলে পাৰিপাৰ্শ্বিক অৱস্থাবোৰৰ পৰিবৰ্তন কৰিব পাৰিলেহে শিশুৰ পৰিৱৰ্তন কৰিব পাৰি, নহলে নোৱাৰি। এতিয় [  ] বিচাৰ কৰিব লাগে, পাৰিপাৰ্শ্বিক অৱস্থাৰোৰৰ কিবা পৰিবতন কৰিব পাৰি নে নোৱাৰি।

 আদিতে কথা এটা কৈ থোৱা যাওক,— যি সকলে সদীয়াৰ লৰা নদীয়াত আৰু চিলাতৰ লৰা বিলাতত থৈ শিক্ষা দিব খোজে, তলত কোৱা কথাখিনি তেওঁ-বিলাকত তিমানকৈ নাখাটিব; কিন্তু ই বাকী ৯০ জনৰ গাত ফলিৱা কথা।

 আগত কৈ আহি হল যে পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰধান কৈ দুটা ভাগ— এটা সামাজিক আৰু ইটো প্ৰাকৃতিক। চমুকৈ কব লাগিলে, প্ৰাকৃতিক পাৰিপাৰ্শ্বিক অৱস্থাবোৰৰ পৰিবৰ্তন কৰিব নোৱাৰি, বা কৰা কষ্টসাধ্য। কিন্তু সামাজিক অৱস্থাবোৰৰ অনেক পৰিমাণে পৰবতন কৰিব পাৰি। অসমীয়া লৰা এটাক আসামৰ যি প্ৰাকৃতিক অৱস্থা তাৰপৰা আঁতৰোৱা টান; কিন্তু তাৰ যি সামাজিক অৱস্থা তাৰ অনেকাংশ বদলাই দিব পাৰি। যেনে, তাৰ যদি মাক- বাপেক বলীয়া বা কানীয়া, তেনেহলে তাক মাক-বাপেকৰ পৰা আতৰাই নিব পাৰি; তাৰ যদি লগৰীয়া বোৰ অসৎ, সিহঁতৰ লগ নলগাকৈ ৰাখিব পাৰি। তেও কিন্তু ছলিটো সামাজিক অৱস্থাৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত হোৱা নাই। সি স্বভাৱতেই অসমীয়া মানুহৰ দৰে মাত-কথা শিকিব, অসমীয়াৰ দৰে কাপোৰ-কানি পিন্ধিবলৈ ধৰিব, আৰু পশ্চিমীয়া সভ্যতাৰ [ ১০ ] পোহৰ পোৱা লোকৰ চকুত লেতেৰা লাগিলেও, হাতৰ আঙুলি চুৱাই খাবলৈ জানিব।

 এই খিনিতে সামাজিক অৱস্থাৰ দুটা ভাগ হল। এটা ভাগ হল— ইচ্ছা-পূৰ্বক এজন মানুহে যিখিনি বদলাই দিলে; আৰু ইটো হল— যি খিনি কোনোএ বদলাই নিদিলে। অসৎ লগৰীয়াৰ লগ এৰুৱাই অশ্লীল গালি শিকাৰপৰা ৰক্ষা কৰাটো হল, সামাজিক অৱস্থাৰ ইচ্ছাকৃত প্ৰভাৱ; আৰু অসমীয়া মাত কথা শিকাৰ কাৰণটো হল, সামাজিক অৱস্থাৰ স্বাভাৱিক প্ৰভাৱ।

 এই পৰ্য্যন্ত আমি তলত দিয়া কথাকেইটা বুজিবলৈ চেষ্টা কৰিছোঁ— মানব-শিশুৰ বিকাশ হয়: বিকাশৰ কাৰণ পাৰিপাৰ্শ্বিক অৱস্থা: পাৰিপাৰ্শ্বিক অৱস্থাৰ মুঠ দুটা ভাগ, সামাজিক আৰু প্ৰাকৃতিক: প্ৰাকৃতিক অৱস্থাবোৰৰ পৰিবৰ্তন দুঃসাধ্য, সামাজিক অৱস্থাবোৰৰ কিছু পৰিবৰ্তন কৰিব পাৰি, কিছু নোৱাৰি: সামাজিক অৱস্থাৰ যি ইচ্ছাকৃত পৰিবৰ্তন আৰু গুণত শিশুৰ বিকাশৰ পৰিবৰ্তন হয়: শিক্ষাদান অৰ্থ এনেকুৱাকৈ পৰিবৰ্তন সাধন কৰা।

সমাজৰ আদৰ্শ   ৭। এতিয়া প্ৰশ্ন এই— কি উদ্দেশ্য মনত ৰাখি, কি আদৰ্শলৈ লক্ষ্য কৰি আমি পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিবৰ্তন কৰিবলৈ অগ্ৰসৰ হম? [ ১১ ] কোনবিলাক অৱস্থা সলাবলৈ আৰু কোনবিলাকৰ প্ৰবল কৰিবলৈ চেষ্টা কৰা যাব?

  আমি আমাৰ লৰা-ছোৱালীক কি হবলৈ বিচাৰোঁ? অশোক, বিক্ৰম, কালিদাস, গোখলে, বিদ্যাৱাগৰ, দাদাভাই (ছোৱালীৰ পক্ষত লীলাবতী, খনা, জয়মতী)— আমাৰ সন্তানক এনেকুৱা দেখিলে ভাল পাওঁ; নে ৰেভিনিউ নাজিৰৰ কলাই পিয়ন, ব্ৰাউন চাহাবৰ বগাই খানচামা, বা চক-বজাৰৰ ৰঙাই বেপাৰী, এনেবিলাক হলে ভাল পাওঁ;— এই প্ৰশ্নৰ উত্তৰ মুকলিকৈ কোৱাৰ আৱশ্যক নকৰে। তাহানিৰ মহাভাৰতৰ গান্ধাৰীৰ এশ পুই শ্ৰেয়ঃ নে কুন্তীৰ পঞ্চ পুত্ৰই শ্ৰেয়ঃ— এই কথাৰো বিশদ আলোচনাৰ সকাম দেখা নাযায়।

  মুঠ কথা, আমি সকলোএ নিজক সকলোতোকৈ উৎকৃষ্ট কৰি তুলিব খোজোঁ; আৰু নিজৰ সন্তানক আমাতোকৈ উৎকৃষ্টতৰ কৰিবলৈ বিচাৰোঁ। কিন্তু উৎকৃষ্ট কোন বিষয়ত, ভাল কি গুণত? ইয়াৰ সংক্ষেপ উত্তৰ এই— সমাজে যি যুগত যিহকে ভাল বোলে আমি সেই যুগত তাতেই পটুতম হবলৈ ইচ্ছা কৰোঁ।

  মনত কৰা স্পাৰ্টাৰ কথা— যি দেশত প্ৰধান আৰাধনীয় বিষয় আছিল, শাৰীৰিক বিক্ৰম, সহিষ্ণুতা, কৌশল। স্পাৰ্টাৰ এজন ডেকাই শিয়ালৰ ছানা এটা চুৰ কৰি আনি পিন্ধা কাপোৰৰ তলত লুকাই থৈছিল— তেওঁৰ কৌশল দেখুৱাবলৈ। [ ১২ ] শিয়ালে তেওঁৰ পেট ফুটাই নাড়ী-ভুড়ি খাই পেলালে, তেও ডেকাৰ মুখেৰে যন্ত্ৰণাৰ কাতৰ ধ্বনি এটা নোলাল। সেই ডেকা স্পাৰ্টাৰ আদশ; আজিলৈ তেওঁৰ কাহিনী জিলিকি আছে। কৰ্ণ আৰু অৰ্জুনৰ পৰীক্ষাৰ কথা জানা নে? বীজ- গণিতৰ কমলা আৰু ভূগোলৰ নাম মুখস্থ কৰি, আমাৰ দৰে মহলাৰ উপৰি মহলাত উঠি, চৰকাৰী চাকৰি কৰি পেটৰ ভাত মোকোলাব লগীয়া হোৱাহেতেন, কি জানি অৰ্জুন আৰু কৰ্ণৰ ভাগ্যত আমাৰ বঙলা-ঘৰৰ দাৰোৱালৰ চাকৰিটোত মস্ত পাগুৰি মাৰি হাতত বল্লম লৈ থিয় দি হে থাকিব লাগিল হেতেন! তেওঁবিলাকৰ কপাল ভাল যে ডিগ্ৰী-বোলা বস্তুটো আৰু চৰকাৰী বিষয় বোলা অ-বস্তুটো তেতিয়াৰ দিনত আবিষ্কাৰ হোৱা নাছিল। ভিন ভিন সমাজলৈ মন কৰা। চাহাবৰ ‘বাচ্ছাই’ মেম-চাহাবৰ লগত নাচিব জানাটো এটা মহৎ গুণ; চাহাবৰ ‘লেৰকীএ’ গান গাব আৰু নাচিব জানাটো নিতান্ত লাগতিয়াল কথা! আমাৰ সমাজত এই ধৰণৰ ‘লেৰকা-লেৰকীএ’ কি আখ্যান পাব! শব্দ দুটা গ্ৰাম্য। নিজে ভাবি লোবা।

  একপ্ৰকাৰ দৃষ্টান্তৰ পৰা বুজিব পাৰি, সমাজ আদশৰ অনুৰূপ কৰি শিশুক তুলি লোৱাই আমাৰ সকলোৰে ইচ্ছা। অৱশ্য সমাজৰ আদৰ্শৰ বিভিন্নতা আছে, কালভেদে বিভিন্নতা আছে, দেশভেদে বিভিন্নতা আছে। মূলত কিন্তু কথাটো এই— সমাজে যি সময়ত যিহক ভাল বোলে আমি সেই সময়ত তাকে [ ১৩ ] আমাৰ আৰু আমাৰ সন্তানৰ পক্ষে উত্তম আদৰ্শ বুলি গ্ৰহণ কৰোঁ।

 

শিক্ষাৰ অৰ্থ  ৮। এতিয়া যদি আমি ঘূৰি শিক্ষাৰ সংজ্ঞাটো লওঁ, (৩ অনুচ্ছেদ) তেনেহলে তাৰ অৰ্থটো অনেক পৰিষ্কাৰ ৰূপে বুজিব পাৰিমহঁক। পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত সংযোগ হৈ, ঘাত-প্ৰতিঘাত হৈ, মানব শিশুৰ বিকাশ হয়। কিন্তু মানুহে ইচ্ছা কৰি এই বিকাশৰ গতি বদলাই দিব বিচাৰে; কাৰণ, মানুহৰ ইচ্ছা যে নিজৰ ছলিক সমাজৰ উৎকৃষ্ট আদৰ্শৰ অনুৰূপ কৰি গঢ়ি তোলে। বিকাশৰ গতি যদিও বদলাবলৈ খোজে, তথাপি তাক সম্পূৰ্ণ ৰূপে বদলাব নোৱাৰে। কাৰণ পাৰিপাৰ্শ্বিক অৱস্থাৰ এটা অংশৰ পৰিবৰ্তন হে সাধাৰণ লোকৰ সাধা। এই অংশৰ পৰিবৰ্তন কৰি মানুহে শিশুৰ ওপৰত যি প্ৰভাৱ বিস্তাৰ কৰে সেই প্ৰভাৱৰ ফলত শিশুৰ বিকাশৰ গতি অন্য ৰূপ হয়।

  সাধাৰণৰ পক্ষে এই প্ৰভাৱ সামাজিক অৱস্থাৰ পৰিবৰ্তনৰ পৰাই হয়; ভাগ্যৱানৰ বেলিকা প্ৰাকৃতিক পৰিবৰ্তনো সম্ভৱ। যি পৰিমাণে মানুহৰ এই চেষ্টা ইচ্ছা-প্ৰসূত, সেই পৰিমাণে ই শিক্ষা [ ১৪ ] এই কথা সঙ্কেতেৰে বুজাবলৈ তলত এটা ঘৰ দিয়া হল:—

পাৰিপাৰ্শ্বিক অৱস্থা
প্ৰাকৃতিক
সামাজিক
ইচ্ছাকৃত
স্বাভাৱিক
প্ৰভাৱ
প্ৰভাৱ
প্ৰাকৃতিকসামাজিক
পৰিবৰ্তনপৰিবৰ্তন
শিক্ষা

কুল-সংক্ৰমণ
(Heredity)
আৰু
পূৰ্ব জন্মৰ সংস্কাৰ

৯। জন্ম-মৃত্যুৰ অতি প্ৰাচীন সমস্যা আজি পৰ্য্যন্ত নবীন হৈ থাকিল। ইয়াৰ পৰা বুজিব পাৰি, মানব-সমাজৰ অভিজ্ঞতাই কিমান উন্নতি কৰিছে। অনেকে আজি কালি আত্মিকবিদ্যাৰ (Spiritualism) আশ্ৰয় লৈ এই মহা সংশয়ৰ স্থানত বিশ্বাসৰ স্থাপনা কৰিছে। এই [ ১৫ ] বিদ্যাৰ সিদ্ধান্তবোৰ কোনো প্ৰত্যক্ষ ঘটনাৰ সাক্ষী নে কোনো বিকৃত মস্তিস্ক অস্থিৰ জল্পনা— এই কথাৰ বিচাৰ কৰাৰ আমাৰ আৱশ্যক নাই। কিন্তু এটা অৰ্থত অন্ততঃ, ‘পূৰ্ব জন্মৰ সংস্কাৰ’ কথাটো যে সম্পূৰ্ণ নিৰৰ্থক নহয়, তাকেহে কবলৈ বিচাৰছোঁ

  যি বিকাশৰ কথা কোৱা হল তাত ‘কুল-সংক্ৰমণ’ বা Heredity বুলি এটা কথা আছে। [২। ৫] এই পদটোৰ অৰ্থ বংশানুক্ৰমে পোৱা দোষ বা গুণৰ সমষ্টি। মানব শিশুৰ— আৰু সমস্ত বস্তুৰে— বিকাশ সাধন কৰে দুটা শক্তিএ, এটা পাৰিপাৰ্শ্বিক অবস্থা আৰু ইটো উত্তৰাধিকাৰী সূত্ৰে পোৱা দোষ-গুণৰ সমষ্টি।

  উপৰুৱা অৰ্থত, এই Heredity বা বংশানুক্ৰমে দোষ- গুণৰ অধিকাৰ পোৱাকে পূৰ্ব-জন্মৰ সংস্কাৰ বুলিব পাৰি। পূৰ্ব-জন্মৰ সংস্কাৰ অনুসৰি মানুহ ভাল বা বেয়া পাপী বা পুণ্যবান্‌, ধনী বা নিৰ্ধন, ৰোগী বা নীৰোগ হয়। প্ৰমাণ বিচাৰা যদি স্মৃতি-শাস্ত্ৰৰ পৰা ভাবে ভাবে শ্লোক আনি তোমালোকৰ মূৰত একোটো গেজেপা বোজা দি দিব পাৰোঁ। সেই দৰে কুল-সংক্ৰমণৰ ফলত মানুহ ভাল-বেয়া গুণী-নিৰ্গূণ ৰোগী বা নীৰোগ হয়। কথা আছে—

ভঙা হক চিঙা হক পাটৰ টঙালি।
সৰু হক বৰ হক ভূঞাৰ পোৱালী॥

[ ১৬ ]   এই ভূঞাৰ পোৱালী হোৱাৰ এটা গুণ আছে, এটা মহত্ত্ব

আছে।

  কিন্তু ইয়াতেই পূৰ্ব-জন্মৰ সংসাৰৰ লগত মিল শেষ। পূৰ্ব- জন্মৰ সংস্কাৰ হৈছে ব্যক্তিগত— মই নিজে যি কৰোঁ তাৰ ফলাফল পাছৰ জন্মত ভুগিবলৈ পাওঁ। কিন্তু কুল-সংক্ৰমণ পুৰুষানুক্ৰমিক— মোৰ শক্তি বা দৌৰ্বল্যৰ কাৰণে মই নিজতকৈ মোৰ পিতৃপুৰুষ সকল হে বেছি দায়ী; আৰু ই মানব-জাতি- গতও— গোটাই মানব জাতিএ ইমান দিনে যি অভিজ্ঞতা সঞ্চয় কৰিলে, তাৰ ফলত বৰ্তমানত আমি এই প্ৰকাৰে চলিব পাৰিছোঁ।

  পূৰ্ব-জন্মৰ সংসাৰেই বোলা বা কুল-সংক্ৰমণেই বোলা, ইয়াৰ লগত শিক্ষাৰ তিমান সাক্ষাৎ সম্বন্ধ নাই। বংশ-পৰম্পৰাই যি দোষ বা গুণৰ অধিকাৰ লৈ শিশু জন্ম গ্ৰহণ কৰে তাক আমি আচলতে পৰিবৰ্তন কৰিব নোৱাৰোঁ। সেই দেখি তাৰ প্ৰভাৱ আৰু সেই প্ৰভাৱৰ গুণত যেনে বিকাশ হোৱাৰ কথা, তাতে আমাৰ তিমান হাত নাই।

  কিন্তু সেই বুলি মানব সমাজৰ হিতৈষী সকল নিৰন্ত থাকা নাই। বতৰ্মান পীৰীৰ কাৰণে বিশেষ একো কৰিব নোৱাৰিলেও, ভবিষ্যত পীৰীৰ মঙ্গলৰ বাবে অনেক কৰিব পাৰি বুলি তেওঁলোকে ভাবে। সেই অৰ্থে পশ্চিমৰ অনেক দেশত যথেষ্ট চেষ্টাও চলিছে। বৰ্তমান পীৰীক ভালমতে শিক্ষা দি আমি [ ১৭ ] আগলৈ কুলসংক্ৰমণ ভাল হোৱাৰ দিহা কৰিব পাৰোঁহঁক। যাৰ বংশ বিশেষ-দোষ-বিশিষ্ট— যেনে বলিয়ালি, দুষ্টালি— বা যাৰ গাত কোনো সংক্ৰামক ব্যাধি থাকে— যেনে ক্ষয়, বাত- তেনে লোকৰ সতি-সন্ততি হবলৈ বাধা দি, তেনে লোকৰ লগত তাৰ বিপৰীত গুণমুক্ত লোকৰ বিবাহ-বন্ধন নিৰূপণ কৰি, অনেক পৰিমাণে কুল-সংক্ৰমণৰ বেয়া প্ৰভাৱ প্ৰতিৰোধ কৰিব পাৰি বুলি বৰ্তমান যুগৰ বৈজ্ঞানিক সমাজ সংস্কাৰক সকলে-বিশ্বাস কৰে। এওঁবিলাকে এই বিদ্যাৰ নামে দিছে ‘সৌজনন’ বিদ্যা বা Eugenics. যি হক শিক্ষা অৰ্থত সাধাৰণতে আমি যি বুজোঁ, তাৰ লগত এই বিদ্যাৰ সস্পৰ্ক কম।

 

শিক্ষা-দানৰ উপায়  ১০। আমি দেখি আহিলোঁ, বিশ্বব্ৰহ্মাণ্ডৰ আন আন সকলো বস্তুৰ দৰে মানব-শিশুৰো বিকাশ হয়। এই বিকাশৰ নিয়ামক দুটা শক্তি— শিশুএ পুৰ্ব-পুৰ্ব-পুৰুষৰপৰা যি শক্তি উত্তৰাধিকাৰী-সূত্ৰে পায়, আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰভাব। সমাজৰ ইচ্ছা, যেন শিশু সমাজৰ উৎকৃষ্ট আদৰ্শ অনুৰূপ হৈ বিকশিত হৈ উঠে। সেই ইচ্ছা কাৰ্য্যত পৰিণত কৰিবলৈ মানুহে কিছুমান চেষ্টা কৰে; এই চেষ্টাবোৰ ইচ্ছা-প্ৰসূত।

  এই দৰে চেষ্টা কৰিবলৈ মানুহে কিছুমান নিয়ম বান্ধি আৰু কিছুমান উপায় উলিয়াই লৈছে। এইবোৰক প্ৰধানতঃ পাঁচ [ ১৮ ] ভাগত ভগাব পাৰি— ১) ঘৰৰ শাসন, (২) সমাজৰ শাসন, (৩) ধৰ্মৰ শাসন, (৪) ৰজাঘৰীয়া শাসন আৰু (৫) স্কুলৰ শাসন।

  ঘৰৰ শাসনৰপৰা আৰম্ভ কৰি ক্ৰমাৎ কি কি কাৰণ-গুণত মানুহে স্কুল পাতি শিশুৰ ক্ৰিয়াবোৰ নিয়মিত কৰিব লগীয়া হল, তাৰ অলপ [৩। ৭ ] বহল আলোচনা তৃতীয় অধ্যায়ত পোৱা যাব। কিন্তু দেখা যায় যে সকলো সভ্য সমাজতেই এই কেই প্ৰকাৰ শাসনৰ সহায়ত মানুহৰ প্ৰবৃতিবোৰক সংযত কৰি মানুহক ‘সজ' বাটেৰে চলাবলৈ বিচাৰা হয়। এনেকি, অসভ্য সমাজ যাক বোলোঁ, তাতে প্ৰথম চাৰি প্ৰকাৰ শাসনৰ প্ৰভাব দেখা যায়; স্কুলৰ তিমান নাই; কাৰণ, স্কুল নিজৰ উন্নতিৰ কাৰণে কৰা অনুষ্ঠানবোৰৰ ভিতৰত মানব-সমাজৰ শেষৰ সৃষ্টি।

 

শিক্ষা আৰু শিক্ষা-বিজ্ঞান   ১১। মানব সমাজে এই পাঁচ বিধ শাসনৰ দ্বাৰা শিশুৰ সামাজিক অৱস্থাৰ পৰিবৰ্তন কৰিবলৈ চেষ্টা কৰে। গতিকে শিক্ষাকো আমি এই পাঁচ ভাগত ভগাব পাৰোঁ। (ক) ঘৰৰ শিক্ষা, (খ) সমাজ শিক্ষা, (গ) ধৰ্ম শিক্ষা, (ঘ) ৰজা ঘৰীয়া শিক্ষা, আৰু (৪) স্কুলৰ শিক্ষা। [ ১৯ ]  শিক্ষা বিজ্ঞানে এই আটাই কেইবিধ শিক্ষা নাসামৰে; সামৰে মুঠতে শেষৰ বিধ, বা স্কুলৰ শিক্ষা।

 শিক্ষকে স্কুল শিক্ষাকেহে নিয়মিত কৰিব পাৰে। ঘৰৰ ব্যৱহাৰ লৰ-চৰ কৰা, সমাজৰ বিধি-বিধানত হাত দিয়া, ৰজাৰ আইন-কানুনত বাদ-প্ৰতিবাদ কৰা, বা গুৰু-গোঁসাইৰ শৰণ-ভজনত দায়-দোষ খুচৰা, শিক্ষকৰ কৰ্তব্য নহয়। তাকে কৰিবলৈ গলে, ‘কুকুৰ আৰু গাধা’ৰ সাধুৰ গাধাৰ দশাৰ দৰে শিক্ষকৰ দশা হলে, তাৰ বাৰে আন কোনো জগৰীয়া নহয়। শিক্ষা বিজ্ঞানে সেই দেখি শিক্ষাৰ কেৱল সেই অংশৰ হে আলোচনা কৰে যি অংশ স্কুলৰ সহায়ত সাধিত হয়।

 ইয়াতে আৰু এটা ঘৰ দিয়া হল:—

বিকাশ
প্ৰাকৃতিক
সামাজিক
ইচ্ছা-প্ৰসূত
স্বাভাবিক
ঘৰসমাজধৰ্মৰজাস্কুল

 কিন্তু সেই বুলি আমি ঘৰৰ পিতা, সমাজৰ নেতা, ধৰ্মৰ গুৰু আৰু ৰাজ্যৰ মূৰীৰ ওচৰত হাত নাপাতি নোৱাৰোঁ। স্কুলৰ শিক্ষাৰ লগত এই সকলৰ শাসনৰ মিল নাথাকিলে শিক্ষাদান অসম্ভৱ। স্কুলত শিকালোঁ, ‘মিছা নকবা’; কিন্তু [ ২০ ] ঘৰত যদি তাৰ ওলোটা উপদশৰ হাতে হাতে শিক্ষা পায়, তেনেহলে স্কুলৰ শিক্ষাৰ লাভ কি? লৰাই স্কুল শিকিলে, ‘হিংসা কৰা পাপ’; কিন্তু নিজ-গাৱঁলৈ আহি যদি এটা দলত যোগ দি বিপক্ষ দলক বিপাঙত পেলাই পৰৰ নীতিৰ মৰ্য্যাদা ৰক্ষা কৰিবলৈ বিচাৰে, তেতিয়া কি ফল?

  এই কাৰণে স্কুলৰ শিক্ষাৰ উচিত ফল পাবলৈ হলে, ঘৰ আৰু সমাজ, ৰজা আৰু ধৰ্ম, সকলোএ স্কুলৰ শিক্ষাক সম্পূৰ্ণ- ৰূপে সমৰ্থন আৰু অনুমোদন কৰিব লাগিব।

  ইয়াৰ অৰ্থ এই যে সকলোএ শিক্ষাৰ নো কি উদ্দেশ্য তাক বেছ কৰি হৃদয়ঙ্গম কৰি লৈ, প্ৰত্যেকে এই উদ্দেশ্য সাধনৰ কাৰণে চেষ্টা কৰিব লাগিব। তেহে সমাজত প্ৰকৃত শিক্ষিত লোকৰ আবিৰ্ভাৱ হব পাৰিব।

 

মানব-জীবনৰ উদ্দেশ্য আৰু শিক্ষা   ১২। এতিয়া আমি শিক্ষাৰ উদ্দেশ্য কি এই বিষয়ে যৎ কিঞ্চিত আলোচনা কৰিব পাৰোঁ। আদি পাঠৰ পৰা আৰম্ভ কৰি অনেক গ্ৰন্থতে শিক্ষাৰ উদ্দেশ্যৰ কথা পৰোক্ষ ভাৱে বৰ্ণনা কৰা আছে। বঙালী শিশু শিক্ষাত আছে:—

‘লেখাপড়া কৰে যে
গাড়ী ঘোড়া চড়ে সে। ’

  গাৰী ঘোঁৰাত উঠি ডাঙৰ মানুহ কহলাই ফুৰিবলৈ যে [ ২১ ] কাৰো আপত্তি নাই, এই কথা নিঃসংশয়। সেই দেখি অসমীয়া কবিএ গাইছে,

‘অহে মোৰ প্ৰিয় লৰা উপদেশ ধৰা,
কায়মনোবাক্যে তুমি বিদ্যা শিক্ষা কৰা। ’

  ইয়াৰ চমু ব্যাখ্যা এই। তুমি যে গাৰী ঘোঁৰাত— আজি কালিৰ হলে মটৰ কাৰত উঠি, চাৰিওফালে হুৰহুৰাই, বাটত ধেনুভিৰীয়াকে আদি কৰি সকলো প্ৰকাৰ ‘চালাম’ আদায় কৰি, নিচলা খোজ কাঢ়ি ফুৰা মানুহৰ গাত ধুলি ছটিয়াই আৰু তাৰ বিনিময়ত তেওঁলোকৰ পৰা (মনে মনে হলেও) মধুৰ সম্বোধন এবাৰ পাই, বৰ মানুহ বোলাই ফুৰিব খোজা— ইয়াত বচবাচ্য একো নাই, ই তৰ্কৰ অতীত। এয়ে তোমাৰ সকলো যত্ন আৰু পৰিশ্ৰমৰ চৰম লক্ষ্য। যদি এই কথাই ঠিক, তেনেহলে এই লক্ষ্যলৈ ঘৰলৈ পোন বাট আছে— তুমি লিখা-পঢ়া কৰা।

  এইখিনি কথা লুটিয়াই চালেই আমাৰ প্ৰশ্নটোৰ এটা সাধাৰণ উত্তৰ ওলাই পৰিব। লিখা-পঢ়া কিয় কৰিব লাগে? যাতে আগলৈ গাৰী-ঘোঁৰাত উঠিব পাৰা। গাৰী-ঘোৰাত নো উঠাৰ কাম কি? কাৰণ, তেনেদৰে ডাঙৰ মানুহ হোৱাটো অনেকৰে জীৱনৰ উদ্দেশ্য।

 যদি কাছাৰিত ওকালতি কৰি জীৱনৰ অমিয়া ভূঞ্জিব খোজা, তেনেহলে ইউনিভাৰ্চিটিত সোমাই চিধা বি-এল্‌-দুৱাৰে [ ২২ ] দি ওলাই আহা। যদি কেৰানি-কৃত্যৰ দ্বাৰা জীৱন কৃতকৃত্য কৰিবলৈ বিচাৰা, তেন্তে মেট্ৰিককে মাতৃ বুলি ধৰি এপ্ৰেন্টিচ দুবাৰ-দলিত ভৰি দিয়া। আৰু যদি শিক্ষকতাৰ নিকাৰ ভূঞ্জিবৰ বাসনা, তেনেহলে হয় আমাৰ এই যন্ত্ৰৰ ভিতৰলৈ আহা, নহয় ইস্তফা-পত্ৰ লিখিবলৈ শিকি লোৱা। সভ্য সমাজত জীৱন-যাত্ৰা-নিৰ্বাহৰ আন অনেক উপায়ৰ কথা শুনা যায়; কিন্তু আমি পবিত্ৰ আৰ্য্যবংশোদ্ভৱ মানুহে হাত-ভৰি লৰি, হাতুৰি কোবাই, দাঁৰী-পাল্লা ধৰি, বা হালৰ মুঠিক অৱলম্বন কৰি, টকা আৰ্জিব লাগিলে, আমাৰ ইমান পুৰণি- কলীয়া আৰ্য্য জাতটো থাকে কেনেকৈ।

  মুঠ কথা, জীৱনৰ যি উদ্দেশ্য সেই উদ্দেশ্য সাধনত সহায় কৰিবলৈ আমাক শিক্ষাৰ আৱশ্যক, আমি ইয়াকে বুজি ললোঁ।

নীতি-শাস্ত্ৰত (Ethics) জীৱনৰ উদ্দেশ্য-বিষয়ক মতবাদ

  ১৩। ৰক্তবীজ দানবৰ কথা নিশ্চয় তোমালোকে শুনিছা। এই অসুৰৰ হেনো মূৰটো কাটিলে যি কেইটোপা তেজ মাটিত পৰে আকৌ সেই কেইটা ৰক্তবীজৰ পুনৰুদ্ভৱ হয়। মোৰ প্ৰৱন্ধটোৰো দুৰ্দশা তেনে হৈছে। ইয়াৰো এটা প্ৰশ্নৰূপী তেজৰ পৰা আন এটা প্ৰশ্ন উপস্থিত হৈছেহি।

  কিন্তু সেই বুলি বেছি ভয় খোৱাৰ আৱশ্যক নাই। [ ২৩ ] নীতিশাস্ত্ৰৰ সুখবাদ (Hedonism), লোকহিতৈষণা-বাদ (Utilitarianism), সম-বিকাশ-বাদ (Harmonious culture), আৰু আত্মপূৰ্ণতা-বাদ (Self-perfection) প্ৰভৃতি জীৱনৰ উদ্দেশ্য সম্বন্ধে যিবিলাক ভিন্ ভিন্ মত আছে– তাৰ সমন্বয় সাধন কৰা মই মুৰুখ-মতিৰ কাৰ্য্য নহয় নীতি শাস্ত্ৰৰ পৰা সাৰ কথা ইয়াকে পোৱা যায় যে দাৰ্শনিক পণ্ডিত সকলে— অৰ্থাৎ মানবজাতিৰ চিন্তাশীল অংশই— জীৱনৰ যে কিবা এটা উদ্দেশ্য আছে তাক স্বীকাৰ কৰে আৰু এই উদ্দেশ্য নো কি তাকে সঠিক কৈ কব নোৱাৰে;— পাৰাহেতেনে ভিন ভিন মত অবলম্বনৰ অৱসৰেই নাথাকে।

  তেনেহলে, এই প্ৰশ্নৰ মীমাংসা হোৱা নাই নে? ইয়াৰ উত্তৰ বিচাৰিবলৈ আমি আৰু আন কথা এক আখৰ ইয়াতে তুলিব লগীয়া হল।

  আমি যি-হক সঁচা বুলি, শুদ্ধ বুলি লওঁ, সি বৰ্তমান সময়ৰ কাৰণে আৰু আমাৰ নিজৰ অভিজ্ঞতাৰ মানত হে শুদ্ধ; সি আচলতে সত্য নহবও পাৰে— বা, তাৰ আচল সত্ত্বা নহবও পাৰে। যেনে ধৰা, ভূগোল-শাস্ত্ৰৰ ‘সৌৰ-কেন্দ্ৰিক’ (Helio- centric) আৰু ‘ভূ-কৈন্দ্ৰিক’ (Geo-centric) মতবাদ দুটা। যিমান দিনলৈ ভূ-কৈন্দ্ৰিক মত অনুসৰি নৈসৰ্গিক ব্যাখ্যা দি থাকিব পাৰা হৈছিল, সিমান দিন পণ্ডিত-সমাজে তাকেই সঁচা বুলি ধৰি আহিছিল। কিন্তু যেতিয়া এনে কেতবোৰ নৈসৰ্গিক [ ২৪ ] ঘটনা পোৱা গল যাৰ ব্যাখ্যা এই মত অনুসৰি দিব নোৱাৰি, তেতিয়া সৌৰ-কৈন্দ্ৰিক মত ভাবি চিন্তি স্থিৰ কৰা হৈছে। সময়ত এনে কিছুমান ঘটনা ওলোৱা সম্ভৱ, যাৰ ব্যাখ্যাত এই মতো যথেষ্ট নহব পাৰে। তেতিয়া পণ্ডিতসকলে নতুন মত এটা স্থিৰ কৰিব লাগিব। এই দৰে ‘মহাকৰ্ষণ’ ‘মাধ্যা- কৰ্ষণ’ প্ৰভৃতি সকলো মত ৰ ‘থিওৰিৰ’ এই দশা। যন্ত্ৰ কল কব্জা ইত্যাদিতো এই কথা খাটে। যেনে বাইচিকল, কাচ, লোহা, ইত্যাদি কোনেটো বস্তু সম্পূৰ্ণ নহয়; সময়ৰ লগে লগে উন্নতি আৰু পৰিবৰ্তন হবই লাগিছে।

  জীবনৰ উদ্দেশ্য বিষয়েও এনেকুৱা কোনো পণ্ডিতে আজি পৰ্য্যন্ত জীৱনৰ উদ্দেশ্য এই দৰে নিৰূপিত কৰি দিব পাৰা নাই যে সি সকলো সময় আৰু সকলো দেশৰ প্ৰতি সত্য। অথচ প্ৰত্যেক জাতিএ, প্ৰত্যেক সমাজে, এনে কি প্ৰতিজন ব্যক্তিএ, জীৱনৰ লক্ষ্যটো জ্ঞাত বা অজ্ঞতসাৰে বুজি লৈ হে জীৱন যাপন কৰিব পাৰিছে। এই বিষয়তো

নাসৌ মুনিৰ্যস্য মতং ন ভিন্নম্‌

কিন্তু অলপ গমি চালেই দেখা যায় যে ধৰ্মৰ তত্ত্ব-নিহিত এই গুহাৰ ভিতৰত পোহৰৰ ৰেখাৰ তেনেই অভাৱ হোৱা

 

* এই প্ৰবন্ধ ১৯১৭ চনত লিখা। তেতিয়া ৰুচিয়াৰ বিদ্ৰোহ আৰম্ভ হৈছে; মহাৰণ বৰ প্ৰকোপেৰে চলিছে; আৰু অধ্যাপক ইনষ্টিনৰ Relativity Theory প্ৰকাশ হোৱা নাই। [ ২৫ ] নাই, এই বিভিন্নতাৰ ভিতৰত এটা সাদৃশ্য আছে; সেই সাদৃশ্যটো হৈছে কোনো এটা আদৰ্শৰ উচ্চতম শীৰ্ষলৈ লক্ষ্য। ধনীএ ধন বিচাৰে, কাৰণ তেওঁৰ আদৰ্শ সৰ্বশ্ৰেষ্ঠ ধনী হোৱা। সন্ন্যাসীএ কঠোৰৰপৰা কঠোৰতৰ ব্ৰত উদ্‌যাপন কৰে, কাৰণ তেওঁৰ আদৰ্শ সৰ্বত্যাগী পৰমহংস হোৱা। চোৰে অঘাইতত- কৈও অঘাইত চুৰি কৰে, কাৰণ তেওঁৰ আদৰ্শ ডাঙৰ চোৰ হোৱা। একে কথাত, নিজৰ শ্ৰেণীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হবলৈ সকলোৰে একান্ত বাঞ্ছা আৰু লক্ষ্য। সেই দেখি মানুহৰ জীৱনৰ লক্ষ্যও মানুহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হোৱা— মনুষ্যত্বত সৰ্বশ্ৰেষ্ঠ স্থান অধিকাৰ কৰা।

  মনুষ্যত্ব নো কি?

 

বৰ্তমান সমাজৰ মনুষ্যত্বৰ পূৰ্ণ আদৰ্শ   ১৪। ৰক্তবীজৰ বংশৰ ইয়াতে শেষ নপৰিল বুলি ভয় খাব নালাগে। প্ৰশ্ন অৱশ্য ওলাইছে— মনুষ্যত্ব নো কি? কিন্তু ৰক্তবীজৰ এই নুমলীয়া বংশধৰক, হনুমানে অহিৰাৱণক বধ কৰাৰ দৰে, আমি সহজতে খতম কৰিব পাৰিম বুলি অনুমান কৰিছোঁ।

  বুৰঞ্জীৰ আগৰ যুগৰ কথা চোৱা। দেবৰাজ ইন্দ্ৰ যুজাৰু, বৃত্ৰকে আদি কৰি দানবৰ হন্তা! আদৰ্শ পুৰুষ ৰাম, অৰ্জুন, কৃষ্ণ, ভীম— প্ৰত্যেকে পৌৰুষ আৰু বীৰ্য্যৰ অৱতাৰ [ ২৬ ] ৰামায়ণ-মহাভাৰত পঢ়ি বুলিব নোৱাৰি এই সকল মহাপুৰুষ BLA bla, cLA cla প্ৰভৃতি সুমধুৰ নামখৰি ভাঙি আমাৰ দৰে নানান শাস্ত্ৰত সুপণ্ডিত হব পাৰিছিল নে নাই। জানি, মুঠতে তেওলোক ৰীৰ, মস্ত বলী,

‘ব্যুঢ়ৰস্কো বৃষস্কন্ধঃ শালপ্ৰাংশুঃ মহাভুজঃ। ’

 তাৰ পাছত বৌদ্ধ-যুগ। ললিত-বিস্তাৰত আছে বুদ্ধদেৱ এফালে যেনে সুশ্ৰী ইফালে তেনে বলী, এফালে যেনে বীৰ ইফালে তেনে পণ্ডিত; সকলো শাস্ত্ৰ আৰু সকলো কলা-বিদ্যাৰ জ্ঞানত বুদ্ধদেৱ অদ্বিতীয়।

  বুদ্ধৰ ধৰ্মত সন্যাস-যুগৰ আৰম্ভ কৰিলে। মানুহ লাহে লাহে ত্যাগী পণ্ডিত আৰু শাস্ত্ৰবাদী হৈ আহিল। ‘সংসাৰ অসাৰ, সাৰ ঈশ্বৰ হে’— এই আদৰ্শ লৈ মানুহে সুখ-সম্ভোগ বিলাস- বিভৱ সকলোকে এৰি দৰ্শন-শাস্ত্ৰত আৰু ধৰ্ম-চৰ্চাত মন দিলে।

 আজি পৰ্য্যন্ত এই আদৰ্শৰ প্ৰভাৱ আমাৰ মনৰ পৰা যোৱা নাই। পাঠশালাৰ আঠ-বছৰীয়া লৰা এটাক সোধা, সি পঢ়িছে কিয়; উত্তৰ পাবা, জ্ঞান-অৰ্জন কৰিবলৈ।

  কিন্তু কেৱল জ্ঞান-অৰ্জনৰ কাৰণে পঢ়া দিন আৰু নাই। আৰৈ চাউল এমুঠি কাছকল এচকল আৰু তিন্তিড়ি বৃক্ষৰ পত্ৰ চাৰিটিৰ দ্বাৰা উদৰ-প্ৰবৰ্তনৰ আদৰ্শ যিমানে কবিতাময় ধৰ্ম- জনক আৰু ধৰ্মশাস্ত্ৰৰ নিগূঢ় ৰহস্য-বোধৰ কাৰণে উপযোগী নহক, সি বৰ্তমান যুগত সাংসাৰিক জীৱনৰ নে সম্পূৰ্ণ [ ২৭ ] অনুপযোগী, এই কথা কেইটা আমাক বুজাই দিছে পাশ্চাত্য শিক্ষাই, যাক জড়বাদৰ ফল বুলি আমি আধ্যাত্মিক সকলে তাচ্ছীল্য কৰোহঁক।

  এই যুগত আমাৰ জীৱনৰ উদ্দেশ্য, আমাৰ সমাজৰ উৎকৃষ্ট আদৰ্শ হৈছে কৰ্ম; সকলো কাৰ্যত সুনিপুণ হোৱা, সকলো অৱস্থাতে ৰণ জয় কৰি আহিব পাৰা। মানুহৰ শৰীৰ এটা জটিল যন্ত্ৰ; তাৰ চালিকা শক্তি মন; আৰু মনৰো অধিকাৰ আত্মা। মানুহৰ এই ত্ৰিতয় বিভাগৰ বিভিন্ন বৃত্তি আছে। এই বৃত্তিবোৰৰ সম্যক বিকাশ, সম্যক কৰ্ষণ, হলে হে মানুহ সকলো অৱস্থাৰ প্ৰতিৰোধ কৰিবলৈ সমৰ্থ হব পাৰে। এয়ে হৈছে আমাৰ বৰ্তমান সমাজেৰ আদৰ্শ— সৰ্বতোতাত্তে সকলো বিষয়তে উপযুক্ততা লাভ কৰা। এয়ে আমাৰ জীৱনৰো উদ্দেশ্য, শিক্ষাৰো লক্ষ্য।

  আমাৰ যোজনাত আছে,

‘ডোমৰ লগত মাৰোঁ চিতল।
মৰিয়াৰ লগত খুন্দো পিতল॥’

 

চৰিত্ৰ ১৫। অনেক পণ্ডিতে কৈছে, চৰিত্ৰ-গঠন হে শিক্ষাৰ উদ্দেশ্য। চৰিত্ৰ কি? কিছুমান অভ্যাসৰ সমষ্টি। অভ্যাস কি? আমাৰ কৰ্ম বাৰ বাৰ কৰাত স্বভাৱগত হোৱাই অভ্যাস। গতিকে কৰ্ম [ ২৮ ] কৰিলেহে চৰিত্ৰ-গঠন হব পাৰে। চৰিত্ৰবান্ সেয়ে, যাৰ চিত্ৰ উপযুক্ত সময়ত ‘বজ্ৰাদপি কঠোৰাণি’ আৰু সময়ত ‘মৃদুনি কুসুমাদপি। ’ সেয়ে চৰিত্ৰবান, যি সকলো অৱস্থাতে তাৰ অনুৰূপ ব্যৱস্থা কৰি নিজক সদাই অৱস্থাৰ ওপৰত ৰাখিব পাৰে। সেয়ে চৰিত্ৰবান্‌, যি অৱস্থাৰ দাস নহই অৱস্থাক নিজৰ দাস কৰি লব পাৰে।

  যি শিক্ষাই মানুহক এই সামৰ্থ্য দিব নোৱাৰে, সি বিদ্যা হব পাৰে, তাক জানি মানুহ পণ্ডিত হব পাৰে, কিন্তু তাৰ পৰা মানুহে প্ৰকৃত শিক্ষা নাপালে। সুপণ্ডিত আৰু সুশিক্ষিত লোকৰ প্ৰভেদ অসাথনত।

জীৱিকা অৰ্জন ১৬। কৰ্ম পটু হোৱাৰ এটা প্ৰধান আৱশ্যক মানুহৰ প্ৰত্যেকে নিজৰ জীৱিকা অৰ্জনত সক্ষম হব লাগে। বৰ্তমান যুগত নানাবিধ কল-কৌশলৰ গুণত দেশৰ, আৰু কিছু পৰিমাণে কালৰো, ব্যবধান টুটি আহি মানব-সমাজ দিনক দিনে ক্ৰমে জটিল হৈ উঠিছে। অভিমন্যুৰ চক্ৰব্যুহৰ দৰে এই জটিল সমাজৰ পাকে পাকে ফুৰি তাৰ ভিতৰলৈ সোমাব পাৰা আৰু নিৰাময়ে তাৰ পৰা ওলাই আহিব পাৰা জনেহে প্ৰকৃত শিক্ষিত; তেওঁ হে আজি কালিৰ দিনত যথেষ্ট পৰিমাণে ধন উপাৰ্জন কৰি ধনী মানী সম্ভ্ৰম হৈ সুখত জীৱন নিয়াব পাৰে। [ ২৯ ]   আজিকালিৰ দিনত, আমি অতি উত্তম ৰূপে বুজি লব লাগে, যে জীৱিকা-অৰ্জন জীৱনৰ প্ৰধান আৰু কঠোৰতম সমস্যা। আগৰ দিনত, আৰু কোনো দেৱানুগৃহীত দেশত, জীৱিকা-সমস্যা এটা কথাৰ কথা যেনেই নাছিল যি বিধাতাই হংসক শুক্ল, শুকক হৰিত বৰণীয়া, আৰু ময়ুৰক চিত্ৰিত কৰিছিল, সেই বিধাতাই কি জানি কোনোবা স্বৰ্ণময় অতীত যুগত আৰু কোনোবা স্বপ্নময় ৰাজ্যত মানুহৰো বৃত্তি বিধান কৰি থৈছিল। কিন্তু বৰ্তমান সময়ত, সত্যৰ গুণতেই বা দোষতেই, সমস্ত পৃথিবী আৰু সমস্ত মানব জাতি যেতিয়া আগৰ দিনৰ এখন গাওঁ আৰু গঞাৰ দৰে হৈ পৰিছে, তেতিয়া কোঁচ খাই অহা এই পৃথিবীৰপৰা সেই স্বপ্নময় সত্যযুগ আৰু স্বৰ্ণপুৰীও লোপ পালে আৰু সেই বৃত্তি-বিহোঁতা বিধাতাৰো অন্তৰ্ধান হল। খাটি নাখালে আজিও দয়াশীল বিধাতাই বৃত্তি বিধান নকৰে। আৰু পুৰণি দিনতো মুখ মেলি মেলি চৰাইক টোপ খুৱাই ফুৰা নাছিল।

  এই কথা আমি প্ৰায় পাহৰোঁ; আৰু আমাৰ লৰা ছোৱালীক যেতিয়া কুৰিএ কুৰিএ হাইস্কুল আৰু কলেজৰ বিলাসী শিক্ষা পাবলৈ থেলি-হেঁচি পঠিয়াওঁ, তেতিয়া সিহঁতে যে এদিন নিজে উপাৰ্জন কৰি খাৰ আৰু খুৱাব লাগিব, এই কথাও আমি সম্পূৰ্ণ বিস্মৰণ হওঁ। সেই দেখি, শিক্ষাৰ অন্যতম প্ৰধান উদ্দেশ্য— যে ই আমাক জীৱিকা [ ৩০ ] অৰ্জনত সহায় কৰিব লাগে— এই কথা সৰ্বদাই মনত ৰাখিব লাগে।

  ধন আৰ্জা শিক্ষাৰ উদ্দেশ্য বুলিলে অনেকে উপলুঙা কৰিব পাৰে। কিন্তু ব্যঙ্গই পেট ভৰাব নোৱাৰে; আৰু যিমান দিন আমি সংসাৰিক জীৱন নিয়াব লাগিব তিমান দিন সংসাৰৰ ভোগৰ এতি পৰিসিত বাসনাকো দৰ্শন শাস্ত্ৰৰ যুক্তিএ, উৰাইতো দিব নোৱাৰেই, বেয়া বুলিও প্ৰমাণ কৰিব নোৱাৰে।

  কৌপীন পিন্ধা সন্ন্যাসীএ নাৰিকলৰ কোৰোকা লৈ চাৰিওফালে খুজি মাগি গছৰ তলতে দিন নিয়াব লাগিব। ভো ভো মহামহোপাধ্যায় পণ্ডিতে চাৰি বেদ চৌধ্য শাস্ত্ৰ কণ্ঠস্থ কৰি এবেলা এমুঠা খাই, গাত ফটা কাপোৰ মেৰাই আৰু উৰুষা পঁজাত থাকিয়ে জীবন যাপন কৰিব লাগিব। কিন্তু সংসাৰৰ সুখ ভোগ কৰিব সেই সকলে যিসকল কৰ্মী পুৰুষ, সাত তৰপ সুকোমল তুলিৰ শয্যাত শুব, সেই সকলে যাৰ কৰ্মৰ শক্তি আছে— যি এই কলা-মলা মাটিৰ পৃথিবী খনতে কিবা সাৰ আছে বুলি ভাবি আৰু এই তিনি-চাৰি কুৰিবছৰীয়া দুদিনীয়া জীৱনটোতো কি সত্য আছে বুলি বিশ্বাস কৰি, তাৰ সুখৰ কাৰণে যত্ন আৰু পৰিশ্ৰম কৰিছে।

 

  ১৭। অৱশ্য মই ইমান নিৰ্বোধ নহওঁ যে জীৱিকা[ ৩১ ] সামৰণি আৰ্জনেই একমাত্ৰ জীৱনৰ উদ্দেশ্য বুলি কব খুজিছোঁ; বা যিয়েই জীৱিকা আৰ্জিছে তাকেই শিক্ষিত বুলিছোঁ। মই এই প্ৰৱন্ধৰ আগ ডোখৰত প্ৰকৃত কথা সাধ্যানুসৰি পৰিষ্কাৰ কৈ কই আহিছোঁ। মুঠে, শিক্ষা বিধানত আমি সাধাৰণতে এই সামান্য কথাটোৰ প্ৰতি মন নিদিওঁ দেখি হে এই সম্পৰ্কে দুটা কথা টানি কোৱা হল। এই কথাত কোনোএ আপত্তি কৰিব নোৱাৰে যে জীৱিকা অৰ্জন জীৱনৰ প্ৰধান কৰ্তব্য।

 

 ই নিশ্চয় এটা মুখ্য কাম; কিন্তু একমাত্ৰ কাম নহয়। জীৱনৰ বাকী কৰ্তব্য বিলাক সুন্দৰ ৰূপে কৰিব পাৰিলেহে আমি প্ৰকৃত শিক্ষিত নামৰ উপযুক্ত হব পাৰোঁ। আমাৰ পৰিজন-সতি-সন্ততিৰ প্ৰতি, আমাৰ সমাজৰ প্ৰতি, আমাৰ দেশ আৰু ৰাষ্ট্ৰৰ প্ৰতি আৰু সমস্ত মানব জাতিৰ প্ৰতি, আমাৰ কৰ্তব্য অনেক আছে। অকল সেয়ে নহয়। সমস্ত জীৱ জগত এক সূত্ৰত গাথা; আৰু গোটাই বিশ্ব ব্ৰহ্মাণ্ড এক শক্তিৰ বিকাশ। সকলো জ্ঞান কি বুদ্ধিৰ অতীত, সকলো ইন্দ্ৰিয় আৰু বাত্মনৰ অগোচৰ, সেই সৰ্বভূত জনক আৰু সব নিয়ন্ত্ৰী শক্তিৰ মহত্ব উপলব্ধি কৰি আৰু তেওঁৰ লগত নিজৰ সংযোগৰ সম্পৰ্ক হদয়ঙ্গম কৰি, আমাৰ জীৱনক বিশ্বৰ সেই অব্যক্ত মধুৰ সুৰৰ লগত একে সুৰত বান্ধিব পাৰিলেহে [ ৩২ ] আমি আচলতে সকলো বিলাক কৰ্তব্য সুনিয়মিত ৰূপে সুশৃংখলকৈ সহজ আৰু সৰল ভাৱেৰে কৰিবলৈ পাৰগ হব পাৰিম। শিক্ষাৰ চৰম উদ্দেশ্য এই। কিন্তু যেতিয়ালৈ সংসৰ সংসাৰ হৈ আছে, তেতিয়ালৈ শিক্ষাৰ উদ্দেশ্য সংসাৰিক বিষয়েৰে ব্যক্ত নকৰিলে নিজক ফাঁকি দিয়া হে হব।

  ইংলণ্ডৰ ভূতপুৰ্ব শিক্ষামন্ত্ৰী ফিছাৰ চাহাবৰ উক্তি এটাত এই কথা যিমান পৰিষ্কাৰ কৈ দিয়া আছে, তাতকৈ সহজকৈ সংসাৰিক জীৱনত শিক্ষাৰ উদ্দেশ্যৰ ব্যাখ্যান দিয়া টান। তেওঁৰ কথাৰ মৰ্ম আমি তলত দিলোঁ।

  “আমি শিক্ষাৰ সহায়ত ইয়াকে আশা কৰোঁ যেন আমাৰ সকলো মানুহ উত্তম গৃহস্থ হব পাৰে; তেওঁবিলাক যেন ঈশ্বৰ বিশ্বাসী আৰু কৰ্তব্য পৰায়ণ হয়; তেওঁলোকৰ শৰীৰ আৰু মন যেন নিঘুণ স্বাস্থ্যবান্ হয়, তেওঁবিলাক যেন নিজ নিজ ব্যৱসায়ত সুনিপুণ হয়; আৰু তেওঁ-লোকে যেন সজ আলোচনাৰ দ্বাৰা অৱসৰ সময়তো নিজৰ ভাল কৰিবলৈ পাৰগ হয়। ”

⸻o⸻