পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিক্ষাৰ অৰ্থ আৰু উদ্দেশ্য

পাৰিপাৰ্শ্বিক অৱস্থা৫। এইটো নো কি যদি জানিব খুজিছা, তেনেহলে পাৰিপাৰ্শ্বিক অৱস্থাটো এবাৰ পিতিকি চাব লাগিল। পিতিকাৰ আগতে অলপ লোণ সানি লোৱা যাওক।

 পাৰিপাৰ্শ্বিক অৱস্থাই যে কেৱল বৰ্তমান কালৰ নিয়মবোৰকেহে বুজায়, এনে নহয়। যি অতীত কাৰণবোৰে বৰ্তমানত কোনো পৰিবৰ্তন কৰিব পাৰে, তাকো পাৰিপাৰ্শ্বিক অৱস্থাৰ ভিতৰত ধৰা হয়। যেনে অতীতৰ নানাবিধ অত্যাচাৰৰ পৰা বৰ্তমান ৰুচিয়াৰ বিদ্ৰোহ; অতীতৰ নানাবিধ ঘটনাৰ সমন্বয়ত বৰ্তমান পৃথিৱী ব্যাপী মহাৰণ; কেনোবা পীৰীৰ কোনোবা এজন বিবেচনাহীন লোকৰ দোষত বৰ্তমান পীৰীৰ নিৰীহ সন্তানৰ নানাবিধ ৰোগ-ভোগ; ইতাদি।

 এইখিনি কথাত অৱশ্য কুলানুক্ৰমিক দোষ-গুণ-সংক্ৰমণ (Heredity) বেলেগে ধৰা নাই। এই বিষয়ে কথা পাছত ওলাব। [৯ অনুচ্ছেদ। ]

 পাৰিপাৰ্শ্বিক অৱস্থাক প্ৰধান কৈ দুটা ভাগ কৰিব পাৰি— প্ৰাকৃতিক আৰু সামাজিক। আমাৰ ছাল কলা, চাহাবৰ চামৰা বগা; কাৰণ, প্ৰাকৃতিক অৱস্থা। হিন্দু লৰাই নাম কীৰ্তন কৰে, (অৱশ্য আশা হে কৰোঁ), মুচলমানৰ লৰাই নামাজ পঢ়ে; কাৰণ, সামাজিক অৱস্থা। মিৰীৰ ছলি বনৰীয়া আৰু কষ্ট-সহিষ্ণু, কলিকতীয়া ছলি মাৰ্জিত আৰু ‘ননীৰ পুতুল’;